নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়া ষ্টেচনত তীৰ্থযাত্ৰীলৈ শুভেচ্ছা সাংসদ দিলীপ শ‌ইকীয়াৰ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰ : ভাৰতবৰ্ষৰ কেইবাখনো তীৰ্থস্থান ভ্ৰমণ কৰাৰ বাবে আজি ৰঙিয়া ষ্টেচনৰ পৰা ৰেলযোগে পুৰুষ-মহিলাৰ এটা দল যাত্ৰা কৰে। বিটিআৰৰ টংলা আৰু ওদালগুৰিৰ পৰা তীৰ্থস্থানলৈ যাত্ৰা কৰা দলটোত আছে ১৬৩গৰাকী বয়োজেষ্ঠ পুৰুষ-মহিলা। বিটিআৰৰ ইএম অৰূপ কুমাৰ দেৰ ব্যৱস্থাপনাত ৰেলযোগে বৃন্দাবন, কাশী, মথুৰাৰ লগতে কেইবাখনো হিন্দু ধৰ্মৰ পবিত্ৰ স্থানলৈ ৰেলযোগে যাত্ৰা কৰা তীৰ্থ যাত্ৰীসকলক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে ৰঙিয়া ষ্টেচনত উপস্থিত হয় ই এম অৰূপ কুমাৰ দে’ আৰু মঙলদৈ সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া। ই এমগৰাকীয়ে কয় যে ভাল কাম কৰিবলৈ আমাৰ সকলোৰে ধৰ্মীয় চেতনা থাকিব লাগিব। যেতিয়া পুৰি, জগন্নাথ আদিকে ধৰি হিন্দু ধৰ্মৰ তীৰ্থস্থানসমুহ মানুহে ভ্ৰমণ কৰিব তেতিয়া ধৰ্ম চেতনা বৃদ্ধি হব। বিটিআৰৰ আটাইকেইখন জিলাৰ লগতে ইয়াৰ সমীপৱৰ্তী জিলাসমুহৰ পৰা তীৰ্থস্থানলৈ যাবলৈ বিচৰা সকলো ব্যক্তিকে অনাগত দিনত এনেদৰে সহায় কৰি যাব বুলি ইএম গৰাকীয়ে উল্লেখ কৰে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like