নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত নৰেন্দ্ৰ মোদীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপনৰ ভূমি পূজন আৰম্ভ

বিশিষ্ট উদ্যোগী নবীন চন্দ্ৰ বৰাৰ উদ্যোগ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ ৰাজ্যৰ এজন বিশিষ্ট উদ্যোগী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একান্ত অনুগামী নবীন চন্দ্ৰ বৰাই তেওঁৰ গুৱাহাটীৰ জালুকবাৰী বাছ আস্থানৰ গাতে লগা নৰেন্দ্ৰ মোদী কমপ্লেক্সত প্ৰায় ছয় কঠা অতি মূল্যৱান মাটিত নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ ২৫০ ফুট উচ্চতাৰ ব্ৰঞ্জৰ এটা বিশাল প্ৰতিমূৰ্ত্তি। প্ৰতিমূৰ্ত্তিটো নিৰ্মাণ কৰিব গুজৰাটৰ নৰ্মদা নদীৰ পাৰত দেশৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা বিখ্যাত এল এণ্ড টি নামৰ কোম্পানীটোৱে। প্ৰায় ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া প্ৰতিমূৰ্ত্তিটো নিৰ্মাণ সম্পুৰ্ণ কৰাৰ বাবে দুই বছৰৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আনহাতে আজি দিনৰ ভাগত বহু বিশিষ্ট লোকৰ উপস্থিতিত প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰাৰ বাবে তিনিদিনীয়াকৈ ভূমি পূজন পৰ্ব আৰম্ভ হৈছে। মাংগলিক কাৰ্যৰ মাজেৰে ভূমি পূজন পৰ্ব আৰম্ভ কৰে নবীন চন্দ্ৰ বৰাই। ভূমি পূজন পৰ্বত পুৰোহিত হিচাপে সহযোগিতা আগবঢ়াই ক্ৰমে মঙ্গলদৈৰ কুলেন্দ্ৰ দেৱশৰ্মা, টিহুৰ মৃণাল দেৱশৰ্মা, গুৱাহাটীৰ ৰূপনগৰৰ বেদ বিদ্যালয়ৰ অভিজিত গাংগুলী , পৱিত্ৰ শৰ্মা আৰু কানাহ অধিকাৰী, বাক্সা জিলাৰ ভোলাগিৰী সেৱা আশ্ৰমৰ সন্ন্যাসী হৃনন্দগিৰী মহাৰাজে। ভূমি পূজনৰ অন্তত সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত নবীন চন্দ্ৰ বৰাই কয়- বহু ভাগ্যৰ বলতহে আমি নৰেন্দ্ৰ মোদীৰ দৰে মহান ব্যক্তি এজনক প্ৰধানমন্ত্ৰী হিচাপে পাইছোঁ। তেওঁ সত্যবাদী, ভদ্ৰ আৰু অতি অমায়িক স্বভাৱৰ ব্যক্তি। তেওঁৰ আদৰ্শ যাতে উঠি অহা প্ৰজন্মই অনুধাৱন কৰিব পাৰে তাৰ লক্ষ্যৰে গুৱাহাটীৰ দুৱাৰমুখস্বৰূপ জালুকবাৰীত ২৫০ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২০১৪ চনত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা তেওঁলৈ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰাৰ বাবে কেইবাখনো চিঠি প্ৰেৰণ কৰা হৈছিল। শেষৰ চিঠিখন যোৱা বছৰৰ মে মাহত প্ৰেৰণ কৰা হৈছিল। কিন্তু সেই চিঠিখনৰ কোনো উত্তৰ নহাত “মৌনতাই সন্মতি লক্ষণম” আপ্তবাক্যশাৰীৰ দৰে তেওঁ নৰেন্দ্ৰ মোদীৰ ২৫০ ফুট উচ্চতাৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰাৰ বাবে সংকল্প গ্ৰহণ কৰে। সেই সংকল্পক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে আজি ভূমি পূজন পৰ্ব আৰম্ভ কৰা হৈছে। আনহাতে নবীন চন্দ্ৰ বৰাই এটা ন্যাসৰ পৰিচালনাত প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ সকলো কাম-কাজ আৰম্ভ হোৱাৰ লগতে পৰৱৰ্তী সময়ত সেই পৱিত্ৰ স্থান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণ হব বুলি আশা ব্যক্ত কৰে । আনকি প্ৰতিমূৰ্ত্তি উন্মোচন কৰাৰ বাবে নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা হব আৰু আমন্ত্ৰণ ৰক্ষা কৰি নৰেন্দ্ৰ মোদী জালুকবাৰীলৈ আহিব বুলি আশা প্ৰকাশ কৰে।

প্ৰেৰক অমল কলিতা

You might also like