নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোঁতত খহিল ‘গেৰুকামুখ’ৰ গার্ডৱাল–টানেল ৰোড

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ অসমবাসীৰ জনমতক সম্পূর্ণৰূপে উপেক্ষা কৰি এনএইচপিচিয়ে যুদ্ধকালীন গতিত নির্মাণকার্য অব্যাহত ৰখা ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পলৈ তীব্র ভাবুকিৰ সৃষ্টি কৰিছে সোৱণশিৰি নৈৰ বর্ধিত জলপৃষ্ঠই৷ বিগত দুই–তিনি দিন ধৰি উৎসস্থল তিব্বতত হোৱা মুষলধাৰ বৰষুণৰ ফলত নৈখনৰ বুকুৰে পানীৰ ভয়ংকৰ ধল নামি আহিছে৷ এই ধলেই এতিয়া কার্যতঃ অশনি সংকেট হৈ পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পলৈ৷ কিয়নো নৈখনৰ সোঁতৰ তীব্রতা বৃদ্ধিৰ পৰিণতিত এনএইচপিচিৰ অভিলাষী নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ মূল বান্ধটোৰ দুই ফুট উচ্চতাৰে পানী বাগৰাৰ সমান্তৰালভাৱে গার্ডৱালৰ এটা অংশ খহি গৈছে৷ তদুপৰি পানীৰ সোঁতে উটুৱাই নিছে টানেল ৰোডৰ এছোৱা৷ এতিয়া সোৱণশিৰি নৈৰ সোঁতে পাৱাৰ হাউছৰ প্রতিও বিপদ নমাই আনিছে৷

এনএইচপিচিৰ এক সূত্রই এই কথা নিশ্চিত কৰি জানিবলৈ দিয়া মতে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পলৈ সোমাই অহা পানীভাগ পুনৰ নৈৰ বুকুত বোৱাই দিয়াৰ পৰিকল্পনাৰে এনএইচপিচিয়ে ৮টাকৈ ‘ডাইভার্চন টানেল’ নির্মাণ কৰিছিল৷ কিন্তু তিব্বতত হোৱা মুষলধাৰ বৰষুণৰ বাবে সোৱণশিৰি নৈৰ জলপৃষ্ঠ ভয়াৱহভাৱে বৃদ্ধি হোৱাত এই ‘ডাইভার্চন টানেল’কেইটাৰ পানীৰ বহনক্ষমতা হেৰাই গৈছে৷ যিমান পানী প্রকল্পটোলৈ আহিব লাগে, তাতকৈ বহু বেছি অতিৰিক্ত পানী সোমাই অহাৰ বাবে সেয়া ‘ডাইভার্চন টানেল’ৰ দ্বাৰা নৈৰ বুকুত পুনৰ বোৱাই দিব পৰা হোৱা নাই৷ যাৰ পৰিণতিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ মূল বান্ধৰ ওপৰেৰে পানী বাগৰাৰ লগতে গার্ডৱাল আৰু টানেল ৰোডৰ এছোৱা খহি গৈছে৷ অকল সেয়াই নহয়, প্রকল্পটোৰ বিভিন্ন স্থানলৈ যোৱা পথসমূহৰ প্রতিও এতিয়া সৃষ্টি হৈছে তীব্র ভাবুকি৷ যদিহে সোৱণশিৰি নৈৰ সোঁতৰ তীব্রতা হ্রাস নাপায়, তেন্তে পাৱাৰ হাউছত আঘাত হনাৰো সম্ভাৱনা প্রকট বুলি সূত্রটোৰ দাবী৷

উল্লেখ্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পটোৰ নির্মাণকার্য ২০০৫ চনতে আৰম্ভ কৰা হৈছিল আৰু ইয়াক সম্পূর্ণ কৰাৰ লক্ষ্য আছিল ২০১০ চন৷ কিন্তু সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদকে ধৰি বিভিন্ন দল–সংগঠন আৰু অসমবাসী ৰাইজে ভূকম্পপ্রৱণ অঞ্চলত নির্মাণ কৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বিৰোধিতা কৰাত ইয়াৰ কাম–কাজ স্থবিৰ হৈ পৰে৷ শেহতীয়াকৈ ইয়াৰ নির্মাণকার্য আৰম্ভ কৰি কেন্দ্রীয় শক্তি মন্ত্রালয়ে ২০২৩ চনৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ উৎপাদন কার্য আৰম্ভ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ সেই লক্ষ্যক বাস্তৱ ৰূপ দিয়াৰ অর্থে এনএইচপিচিয়ে যুদ্ধকালীন গতিত অব্যাহত ৰাখিছে ইয়াৰ নির্মাণকার্য৷ আনকি ক’ৰোনাসৃষ্ট জটিল পৰিস্থিতিৰ মাজতো ক’ভিড–১৯ প্রট’কল ভংগ কৰি প্রকল্পস্থলী গেৰুকামুখলৈ অতি গোপনে এনএইচপিচিয়ে বিভিন্ন যন্ত্রাংশ সৰবৰাহ কৰি আছিল৷ কিন্তু এতিয়া হঠাতে প্রকৃতিৰ তাণ্ডৱলীলাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ মূল বান্ধৰ ওপৰেৰে পানী বাগৰাৰ কথা বিয়পি পৰাৰ লগে লগে গেৰুকামুখকে ধৰি নামনি অংশত বসবাস কৰা জনসাধাৰণৰ মাজত স্বাভাৱিকতে সৃষ্টি হৈছে তীব্র আতংক৷

মন কৰিবলগীয়া যে বিভিন্ন দল–সংগঠন আৰু অসমবাসী বিশেষকৈ নামনি অংশৰ জনসাধাৰণে ভূকম্পপ্রৱণ অঞ্চলত নির্মীয়মাণ বৃহৎ নদীবান্ধটোৰ এতিয়াও বিৰোধিতা কৰি আহিছে৷ ইয়াৰ বিপৰীতে কিন্তু এনএইচপিচি তথা সংশ্লিষ্ট কর্তৃপক্ষ অটল আছে নিজৰ স্থিতিত৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক উৎপাদনক্ষম কৰাৰ লক্ষ্যৰে আনকি শেহতীয়াকৈ যোৱা সোমবাৰে গেৰুকামুখত উপস্থিত হৈ ইয়াৰ নির্মাণকার্যৰ বুজ লৈছিল কেন্দ্রীয় শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্রী কিষাণ পাল গুৰজৰে৷ ডিব্রুগড়স্থিত মোহনবাৰী বিমানবন্দৰৰ পৰা পোনে পোনে গেৰুকামুখৰ প্রকল্পস্থলীত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্রী গুৰজৰে এনএইচপিচিৰ শীর্ষ বিষয়াবর্গৰ উপস্থিতিত নির্মাণকার্য চলি থকা বিভিন্ন স্থান পৰিদর্শন কৰাৰ লগতে ১নং ইউনিটৰ টার্বাইন এছেম্বলিৰ আধাৰশিলা আৰু নতুন প্রশাসনিক ভৱনৰ ১৬০ কিলোৱাট সৌৰশক্তি প্রকল্পটো উদ্বোধন কৰিছিল৷ কেন্দ্রীয় মন্ত্রী গুৰজৰৰ পূর্বে যোৱা ৬ আগষ্টত এনএইচপিচিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এ কে সিং, সঞ্চালক (পার্ছনেল) এন কে জৈন, সঞ্চালক (কাৰিকৰী) ৱাই কে চৌবে, সঞ্চালক (বিত্ত) আৰ পি গোৱেল আৰু সঞ্চালক (প্রকল্প) বিশ্বজিৎ বসু উপস্থিত হৈছিল গেৰুকামুখত৷ প্রথমবাৰৰ বাবে সম্পূর্ণ সঞ্চালকমণ্ডলীসহ গেৰুকামুখ ভ্রমণ কৰা এনএইচপিচিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এ কে সিঙে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্যৰ অগ্রগতিৰ বুজ লৈ ইয়াৰ গুৰুত্বপূর্ণ অংশসমূহ অহা ২০২২ চনৰ জুন মাহত সাজু কৰি তোলাৰ লগতে সেই বর্ষৰ আগষ্ট মাহত দুটা ইউনিট উৎপাদনক্ষম কৰি তোলাৰ বাবে সংশ্লিষ্ট বিষয়াবর্গক নির্দেশ প্রদান কৰিছিল৷ এনেধৰণৰ তৎপৰতা তথা নির্দেশনাৰ মাজতে এতিয়া সোৱণশিৰি নৈৰ বর্ধিত জলপৃষ্ঠই কার্যতঃ দুর্যোগ নমাই আনিছে গেৰুকামুখ প্রকল্পলৈ৷

মন কৰিবলগীয়া যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ সামগ্রিক নির্মাণকার্য সম্প্রতি প্রায় ৭৫ শতাংশ সম্পূর্ণ হৈ উঠিছে৷ বিশেষকৈ মূল বান্ধ আৰু ইনটেক টানেলৰ নির্মাণকার্য সম্পূর্ণ হৈছে ৭০ শতাংশতকৈও অধিক অংশৰ৷ সেইদৰে ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ পাৱাৰ হাউছৰ নির্মাণকার্যও ৫০ শতাংশতকৈ অধিক সম্পূর্ণ হৈছে৷ এনেদৰে নির্ধাৰিত সময়ৰ ভিতৰত নির্মাণকার্য সম্পূর্ণ কৰিবলৈ ব্যাপক তৎপৰতা চলাই থকাৰ সময়তে সোৱণশিৰি নৈৰ বর্ধিত জলপৃষ্ঠই কঢ়িয়াই অনা প্রাকৃতিক দুর্যোগ মোকাবিলা কৰিবলৈ এনএইচপিচি কর্তৃপক্ষই কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে তথা নামনি অংশত বসবাস কৰা জনসাধাৰণক কিদৰে আশ্বস্ত কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like