নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : কামৰূপৰ বকোৰ কালাতলীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰফিকুল আলমক গ্ৰেপ্তাৰ। বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অধ্যক্ষগৰাকীক। এগৰাকী ছাত্ৰীৰ আত্মহননৰ ঘটনাক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ কৰা হয় অধ্যক্ষগৰাকীক। প্ৰাপ্ত খবৰ অনুসৰি বিদ্যালয়খনৰ হেলমিনা বেগম নামৰ এগৰাকী ছাত্ৰীয়ে নিৰ্যাতন কৰাৰ বাবে বিহপান কৰি যোৱা ৭ জানুৱাৰীত মৃত্যুবৰণ কৰিছিল আৰু তাৰ পিছত ছাত্ৰীগৰাকীক শাৰিৰীক মানসিক নিৰ্যাতনৰ অভিযোগেৰে মাতৃয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। ছাত্ৰীগৰাকী আন দুগৰাকী ছাত্ৰীৰ সৈতে পাঠদানৰ সময়ত অনুপস্থিত আছিল আৰু ইয়াকে লৈ বিদ্যালয়ত নিৰ্যাতন চলোৱাৰ অভিযোগ পৰিয়ালৰ। ঘটনা সন্দৰ্ভত অধ্যক্ষৰ সহিতে মহিলা সহ আন চাৰিজনৰ বিৰুদ্ধেও দাখিল কৰা হৈছে এজাহাৰ। অধ্যক্ষগৰাকীৰ অৱসৰৰ দিনটোতে সংঘটিত ঘটনাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অঞ্চলটোত।
প্ৰেৰক প্ৰীতম বায়ন