নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুইজান শাখা ছাত্ৰ সন্থাৰ কৃতী ছাত্ৰ-ছাত্ৰীলৈ বিশেষ অভিনন্দন

বিশেষ বাৰ্তা,  ২৭ জুলাই : আজি গুইজান গাঁও পঞ্চায়তৰ সভাগৃহত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত গুইজান শাখা ছাত্ৰ সন্থাই গুইজান অঞ্চলৰ বিগত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকললৈ বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে ৷ গুইজান শাখা ছাত্ৰ সন্থাৰ উপদেষ্টা টুনটুন হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদ্দীপ বৰপাত্ৰই ৷  উপদেষ্টা নিৰঞ্জন দত্তই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতে কৃতী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি উপস্থিত গুইজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰুবুল কলিতা, গুইজান হাইস্কুলৰ প্ৰধান শিক্ষক ৰমেশ ডেকা, সহ: শিক্ষক প্ৰদীপ মেধি, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক লব্ধপ্ৰতিম দাস, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি সত্য বৰগোহাঁই, ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি ৰোহিত ৰহমান, তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি জিণ্টু বৰগোহাঁই, অসম গৌৰৱ বঁটাপ্ৰাপক পৰিৱেশকৰ্মী বিনন্দ হাতীবৰুৱা, পৰিৱেশকৰ্মী জয়নাল আবেদিন, যুৱ সাংবাদিক বিবেক বড়াই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ৷ তাৰ পাছতে বানাক্ৰান্ত গুইজান অঞ্চলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ প্ৰায় ৫০গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন পত্ৰ আৰু ফাইলেৰে অভিনন্দন জ্ঞাপন কৰে ৷

প্ৰেৰক বিবেক বড়া

You might also like