নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটৰ পৰা পদব্রজে তেজপুৰত উপস্থিত শ্রমিক

নিয়মীয়া বাৰ্তা, ১৬ মে’ : সমগ্র দেশতে শ্রমিকৰ গৃহ প্রত্যাৱর্তনৰ দুখলগা ছবিখনে সকলোকে মর্মাহত কৰি তুলিছে ৷ উদ্যোগ অথবা বাণিজ্য ক্ষেত্রৰ পৰা বিতাৰিত কৰা হৈছে ৷ ইফালে আকৌ উদ্যোগ আৰু বাণিজ্যিক চহৰসমূহত ক’ৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ যাৰ বাবে তেনে মহানগৰৰ পৰা শ্রমিকসকল যিয়ে যেনেকৈ পাৰে নিজগৃহলৈ প্রত্যাৱর্তন কৰিছে ৷ মহাৰাষ্ট্র, গুজৰাট, দিল্লী আদিৰ পৰা কিদৰে শ শ কিলোমিটাৰ অতিক্রম কৰি পদব্রজে শ্রমিকসকল গৃহাভিমুখে ৰাওনা হোৱাৰ বাতৰি ইতিমধ্যে দেশৰ সংবাদ মাধ্যমত বিস্তাৰিতভাৱে প্রকাশিত হৈছে ৷ শুকুৰবাৰে তেজপুৰত সুদূৰ গুজৰাটৰ পৰা খোজকাঢ়ি আহি উপস্থিত হ’ল এজন শ্রমিক ৷

উল্লেখ্য যে গুজৰাটত গৃহ নির্মাণৰ কামত নিয়োজিত সাতজন শ্রমিকে ৰাজ্যখনৰ পৰা পলায়ন কৰে ৷ তেওঁলোকে কোনো যাতায়াতৰ ব্যৱস্থা কৰিব নোৱাৰি অৱশেষত পদব্রজে ৰাওনা হয় নিজ গৃহলৈ ৷ শিৱসাগৰ জিলাৰ বৰহাটৰ কৰণ বাগ নামৰ গুজৰাটত কর্মৰত শ্রমিকজন আহি তেজপুৰৰ পৰোৱাত উপস্থিত হয় ৷ উদ্দেশ্য শিৱসাগৰৰ নিজ গৃহত উপস্থিত হোৱাটো ৷ বাটত নানা বাধা–বিঘিনি ৷ নাই টকা পইচা আৰু পর্যাপ্ত পৰিমাণৰ খাদ্য বস্তু ৷ তথাপি বাটে–পথে কোনো সুহৃদয় লোকৰ সাহায্যত কোনোমতে আহি নিজ মাতৃভূমি অসমত উপস্থিত হয় কৰণ বাগ ৷

ইফালে তেজপুৰত শ্রমিকজন আহি উপস্থিত হোৱাৰ পিছত আৰক্ষীৰ সহযোগত স্বাস্থ্য বিভাগৰ কৰ্মীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ জ’নেল স্বাস্থ্য পৰীক্ষা কেন্দ্র তথা কোৱাৰেণ্টাইন চেণ্টাৰলৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱাই আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে ৷ লক্ষণীয়ভাৱে কৰণ বাগে কেইবাখনো ৰাজ্যৰ সীমা অতিক্রম কৰি অহাৰ পিছতো তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হোৱা নাছিল ৷ আনহাতে কৰণ বাগ আহি তেজপুৰত উপস্থিত হয় যদিও লগৰ আন ৬জন শ্রমিক কোন ক’লৈ গ’ল সেই সম্পর্কে কোনো তথ্য লাভ কৰা হোৱা নাই ৷

You might also like