দেৰগাঁৱত অসম আৰক্ষীৰ গুণ্ডাৰাজঃ নিশা আচামী বিচাৰি গৈ বৃদ্ধাক গুলী, আচবাব লণ্ডভণ্ড
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ দেৰগাঁৱৰ কাকোদুৱাৰ মাজুকুছি কৈৱৰ্ত গাঁৱত অসম আৰক্ষীয়ে আচামী বিচাৰি নিশা উপদ্ৰৱ চলোৱাই নহয়, এগৰাকী বৃদ্ধাক লক্ষ্য কৰি চলায় গুলী।
ঘটনাৰ বিৱৰণী মতে, দেৰগাঁৱৰ চোমনি আৰক্ষী চকীৰ পৰা কালি নিশা যোৱা আৰক্ষীৰ দলটোৱে উক্ত গাঁৱৰ এঘৰত আচামী বিচাৰি যায়। কিন্তু প্ৰথমৰ পৰাই আৰক্ষীয়ে ভয়-ভাবুকি দিয়াৰ লগতে ঘৰৰ চকী-মেজ, ফ্ৰিজ আদি গুৰিয়াই ভাঙি পেলায়। ইয়াৰ লগতে বিবি দাস নামৰ এগৰাকী বৃদ্ধাকো গুলীয়ায়, যি বৰ্তমান সংকটজনক অৱস্থাত আছে।
কোনো মহিলা আৰক্ষী লগত নিনিয়াকৈ যোৱা আৰক্ষী দলটোৱে ঘৰৰ বহুকেইগৰাকী মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। ঘৰৰ এগৰাকী মহিলাই জনোৱা মতে, মদ খাই মাতাল অৱস্থাত আছিল আৰক্ষীৰ দলটো।
আনহাতে গুলীবিদ্ধ মহিলাগৰাকীক ঠাইতে এৰি তাৰ পৰা ওলাই আহে দলটো। তালাচী অভিযানৰ নামত আৰক্ষীৰ দ্বাৰা সংঘটিত জঘন্য সন্ত্ৰাসক লৈ প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত।