নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একশৰণ ভাগৱতী সমাজৰ আধুনিক যুগৰ চাণক্য আখ্যা ড০ হিমন্ত বিশ্ব শৰ্মাক

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক চাণক্য বুলি আখ্যা দিলে একশৰণ ভাগৱতী সমাজে। কালি কলিয়াবৰৰ মৌচন্দা পথাৰস্থিত একশৰণ ভাগৱতী সমাজৰ নামঘৰত অনুষ্ঠিত অষ্টপ্ৰহৰ পালনামত উপস্থিত থাকে ড০ হিমন্ত বিশ্ব শৰ্মা।

কেন্দ্ৰীয় পালনামস্থলৰ আধাৰশিলা স্থাপন অনুষ্ঠানত নিশা উপস্থিত হোৱা ড০ শৰ্মাই আঁঠু লৈ সেৱা জনায় নামঘৰত। ইয়াৰ পিছতে মঞ্চত উপৱিষ্ট হোৱা পিছত একশৰণ ভাগৱতী সমাজে সম্বৰ্ধনা জ্ঞাপন কৰি মন্ত্ৰীগৰাকীক আধুনিক যুগৰ চাণক্য আখ্যা দিয়ে আৰু ৰাজ্যৰ উন্নতিৰ ক্ষেত্ৰত অধিক অৱদান আগবঢ়োৱাৰ বাবে আগবাঢ়ি যোৱাৰ আশীৰ্বাদ দিয়ে।

উল্লেখ্য, মন্ত্ৰী ড০ শৰ্মাৰ লগত অনুষ্ঠানত অংশ লৈছিল কেশৱ মহন্ত আৰু কামাখ্যা প্ৰসাদ তাছাই।

You might also like