ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন বন বিভাগৰ দ্বাৰা আটক কৰা হয় এটা চোৰাং চিকাৰী। বনাঞ্চলিক কাৰ্য্যালয়টোৰ অন্তৰ্গত টিংকোপানী সংৰক্ষিত বনাঞ্চলৰ নিমখ পুং নামে ঠাইৰ পৰা নামচিক খণ্ড কাৰ্য্যালয়ৰ এটা টহলদাৰী দলে হাতে লুটে আটক কৰিবলৈ সক্ষম হয় চোৰাং চিকাৰীটোক।
বনাঞ্চলখনৰ ভিতৰত নিমখপুং নামে ঠাইত তিনিজনীয়া চোৰাং চিকাৰীৰ এটা দলে চিকাৰ কৰাৰ উদ্দেশ্যে বাহৰ পাতি আছিল। বন বিভাগৰ দলটোৱে উক্ত ঠাইত কোনোবাই অৱস্থান কৰাৰ উমান পোৱাৰ লগে লগে সতৰ্ক হয় যদিও চোৰাং চিকাৰীৰ দলটোৱে বন বিভাগৰ দলটোৰ উপস্থিতি গম পাই দলটোক লক্ষ্য কৰি গুলি বৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।
প্ৰত্যুত্তৰত বন বিভাগৰ দলটোৱেও গুলিবৰ্ষণ কৰে। ইয়াৰ মাজতেই তিনিজনীয়া চোৰাং চিকাৰীৰ দলটোৰ দুজন পলাই যাবলৈ সক্ষম হয় যদিও আনজনক আটক কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটো। আটকাধীন লোকজন অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত বিজয়পুৰ গাঁৱৰ নাজুকে চাকমা বুলি জানিব পৰা গৈছে।
আটকাধিন লোকজনৰ পৰা দহ (১০) জাই সজীৱ গুলি আৰু আপত্তি জনক সামগ্ৰী উদ্ধাৰ কৰিছে বন বিভাগে। বৰ্ত্তমান লোকজনক জাগুন বন বিভাগৰ জিম্মাত ৰখা হৈছে আৰু অহা কালি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।
উল্লেখ যে অসমৰ বনাঞ্চল সমূহত অৰুণাচলৰ একাংশ চোৰাং চিকাৰীয়ে বন্যপ্ৰাণী হত্যা কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। এইক্ষেত্ৰত বনবিভাগক অধিক কঠোৰ হ’বলৈ আহ্বান জনাইছে বন্যপ্ৰেমী সকলে। আটকাধীন ধৃত ব্যক্তিজনৰ পৰা বনবিভাগে চোৰাং চিকাৰী নেক্সাছৰ অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।
নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটাঃ Date of published : 1 July, 2025