নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰত মছজিদত দুৰ্বৃত্তৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা   ২৭ জুলাইঃ বাগসাৰ গোৰেশ্বৰৰ জামে মছজিদত দুৰ্বৃত্তৰ তাণ্ডৱ।২ নং ৰৌমাৰীৰ জামে মছজিদত যোৱা নিশা দুৰ্বৃত্তই প্ৰৱেশ কৰি চলালে লুটপাত।জানিব পৰা মতে দুৰ্বৃত্তই মছজিদত প্ৰৱেশ কৰি মছজিদৰ ধনসহ দানপাত্ৰ আৰু এটি মাইক ছেট লুট কৰি নিয়ে।দুৰ্বৃত্তই ইয়াতে ক্ষান্ত নাথাকি আনকি মছজিদৰ ভিতৰতে মলত্যাগো কৰে।আজি পুৱা ফজৰৰ নামাজ পঢ়িব আহি খাদিমে দেখা পাই।লগে লগে স্থানীয়লোকক ঘটনাৰ বিষয়ে অৱগত কৰোৱায় খাদিমে।ইয়াকেলৈ সমগ্ৰ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়।ঘটনা সন্দৰ্ভত আৰক্ষীক মছজিদ কতৃপক্ষই অৱগত কৰোৱাত আৰক্ষী আহি উপস্থিত হয়।আনকি বাগসা জিলাৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে দুৰ্বৃত্তই কৰা মলত্যাগৰ নমুনা সংগ্ৰহ কৰি বিজ্ঞানাগাৰালৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।লগতে ৰাইজক শান্তি-সম্প্ৰিতি অটুত ৰখাৰো আহ্বান জনায়।দুৰ্বৃত্তক অতিশীঘ্ৰে কৰায়ত্ত কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনাছে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বিত্ত সম্পাদক জালালুদ্দিন আহমেদে আৰু নেমছুৰ বাগসা জিলাৰ সভাপতি হাফিজুল ইছলামে।উল্লেখ্য যোৱা বৰ্ষৰ ঈদৰ প্ৰাকমুহুৰ্ততো চাৰিখনকৈ কোৰান শ্বৰিফ জ্বলোৱাৰ লগতে দানপাত্ৰ লুট কৰি নিছিল দুৰ্বৃত্তই।এনেদৰে একেটা মছজিদত বাৰম্বাৰ দুৰ্বৃত্তই চলাই অহা উপদ্ৰপ ৰোধ কৰি অপৰাধিক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰসাশনৰ ওচৰত দাবী জনাইছে অঞ্চলবাসীয়ে।

You might also like