নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ৩ সমষ্টিত বিজেপিৰ প্রার্থিত্বকেন্দ্রিক যুঁজ

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ নির্বাচন চমু চাপি অহাৰ লগে লগে প্রতিটো ৰাজনৈতিক দলত আৰম্ভ হৈছে প্রার্থিত্বকেন্দ্রিক কুচকাৱাজ৷ শিবিৰে শিবিৰে চলিছে ‘হাইকমাণ্ড’ক প্রভাৱিত কৰাৰ সমীকৰণ৷ শাসকীয় দল বিজেপিতো প্রতিটো সমষ্টিৰ বাবে থিয় হৈছে একাধিক প্রার্থিত্বপ্রয়াসী৷ তাৰ মাজতে এতিয়াৰে পৰা প্রার্থিত্বপ্রয়াসীসক শক্তি প্রদর্শনৰ আখৰা আৰম্ভ কৰিছে৷ দেওবাৰে তাৰ প্রতিফলন ঘটিল গুৱাহাটী মহানগৰীত৷ মহানগৰীৰ তিনিটা সমষ্টিৰ অন্যতম হ’ল পূব গুৱাহাটী৷ বিগত নির্বাচনত সমষ্টিটোৰ পৰা বিপুল ভোটত বিজয়ী হৈছিল সিদ্ধার্থ ভট্টাচার্য৷ সম্প্রতি তেওঁ সর্বানন্দ সোণোৱাল কেবিনেটৰ কেইবাটাও বিভাগৰ মন্ত্রী৷ কিন্তু এইবাৰ সিদ্ধার্থ ভট্টাচার্যৰ পথ নিষ্কণ্টক হৈ থকা নাই৷ কাৰণ পূব গুৱাহাটীৰ পৰা বিজেপিৰ প্রার্থিত্ব বিচাৰিছে দলটোৰ এগৰাকী প্রবীণ নেতা শান্তনু ভৰালীয়ে৷ শান্তনু ভৰালী মুখ্যমন্ত্রীৰ আইন উপদেষ্টা আৰু সর্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত৷ দেওবাৰে ভৰালীয়ে নিজৰ শক্তি প্রদর্শনৰ বাবে গুৱাহাটী ক্লাবৰ পৰা এক বাইক ৰেলী উলিয়ায়৷ মহানগৰীৰ বিভিন্ন স্থান পৰিভ্রমণ কৰি এই ৰেলীৰ সামৰণি পৰে লাচিত ঘাটত৷ পৰিষ্কাৰ–পৰিচ্ছন্ন সন্দর্ভত সজাগতা সৃষ্টিৰ বাবে এই ৰেলী উলিওৱা বুলি সদৰী কৰিলেও অন্তর্নিহিত উদ্দেশ্য যে নির্বাচন, সেয়া বুজিবলৈ অকণো অসুবিধা নাই৷ মনৰ কথা মুকলিকৈ প্রকাশ কৰি ভৰালীয়ে কয় যে পূব গুৱাহাটী সমষ্টিতে তেওঁৰ জন্ম৷ অঞ্চলটোৰ প্রতিটো চুক–কোণ তেওঁ চিনি পায়৷ দলে সুযোগ দিলে নিশ্চয় সমষ্টিটোৰ পৰা প্রার্থিত্ব আগবঢ়াব৷

ভৰালীৰ এনে মন্তব্যৰ বিপৰীতে সিদ্ধার্থ ভট্টাচার্যৰ বক্রোক্তি– পৰীক্ষা দিবলৈ আহোঁতে সকলোৱে এশৰ ভিতৰত এশ নম্বৰ পাম বুলিয়েই ভাবে৷ কোনে কিমান পায়, সেয়া ফলাফলতহে স্পষ্ট হ’ব৷ ভৰালীৰ বাইক ৰেলীৰ পাছতে মন্ত্রী সিদ্ধার্থ ভট্টাচার্যয়ো উলুবাৰীৰ নিজৰ বাসগৃহৰ পৰা খাৰঘুলিৰ লালছিং একাডেমীলৈ এটা চাইকেল ৰেলী উলিয়ায়৷ তাত তেওঁ এখন যোগদান সভাতো অংশগ্রহণ কৰে৷ ইফালে দিছপুৰ সমষ্টিতো দীর্ঘদিনৰ পৰা চলি আছে প্রার্থিত্বকেন্দ্রিক মুকলি যুঁজ৷ সমষ্টিটোৰ বর্তমানৰ বিধায়ক অতুল বৰাই শেষমুহূর্তলৈ আশা পালি মন্ত্রীসভাত স্থান নাপালে৷ সেয়ে তেওঁৰ ক্ষোভৰ সময়ে সময়ে বহিঃপ্রকাশ ঘটি আহিছে৷ আনকি ‘কা’ক লৈও তেওঁৰ স্থিতি দলৰ সম্পূর্ণ বিপৰীত মেৰুত৷ যাৰ বাবে অতুল বৰাৰ প্রার্থিত্ব এইবাৰ অনিশ্চিত হৈ পৰিছে৷ একে সময়তে দিছপুৰত বিজেপিৰ পৰা প্রার্থিত্ব বিচাৰিছে দলটোৰ দুই যুৱ নেতা জয়ন্ত দাস আৰু মৃগাংক বর্মনে৷

আনহাতে, পশ্চিম গুৱাহাটী সমষ্টি বর্তমান আছে অসম গণ পৰিষদৰ দখলত৷ সমাগত নির্বাচনত সমষ্টিটো আকৌ এবাৰ অগপক এৰি দিবলৈ কোনোপধ্যে সাজু নহয় ৰাজ্যিক বিজেপি৷ সমষ্টিটোত এতিয়াৰে পৰা ৰাজনৈতিক তৎপৰতা অব্যাহত ৰাখিছে অশোক ভৰালী, বিজয় গুপ্তা আৰু মুকুতা ডেকাই৷ কিন্তু তিনিওগৰাকী বিজেপি নেতাক অস্বস্তিত পেলাই বিজেপিৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে আন এক চর্চা৷ এই চর্চা অনুসৰি গোলাঘাটত ন–বিজেপি অজন্তা নেওগক প্রার্থিত্ব প্রদানৰ ক্ষেত্রত যদি দলীয় কর্মীৰ বিদ্রোহৰ সন্মুখীন হ’বলগীয়া হয়, তেনেহ’লে তেওঁক পশ্চিম গুৱাহাটীত সংস্থাপিত কৰা হ’ব৷ গোলাঘাটৰ পৰিস্থিতি নিয়ন্ত্রণত থাকিলে শান্তনু ভৰালী আৰু সিদ্ধার্থ ভট্টাচার্যৰ শীতল সংঘাত নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হ’ব পশ্চিম গুৱাহাটী সমষ্টিটো৷ এনে প্রেক্ষাপটত শান্তনু ভৰালী সমষ্টিটোৰ বিজেপি প্রার্থী হ’লেও আচৰিত হ’বলগীয়া একো নাই৷ এই সম্ভাৱনা সন্মুখত দেখিয়েই পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই বিকল্প পথৰ সন্ধান আৰম্ভ কৰিছে৷ একেদৰেই এতিয়া গুৱাহাটীৰ তিনিওটা সমষ্টিৰ বাবে শাসকীয় দলটোত আৰম্ভ হৈছে প্রার্থিত্বকেন্দ্রিক যুঁজ৷

You might also like