নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত গ্ৰন্থ উন্মোচন-অন্তৰংগ আলাপ

উপস্থিত থাকে নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতা

মুখ্য অতিথি ৰূপে উপস্থিত শিক্ষাবিদ, প্ৰাক্তন উপাচাৰ্য অমৰজ্যোতি চৌধুৰী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ছেপ্টেম্বৰঃ আজি কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীৰ ভিতৰত থকা মুকলি মঞ্চত কাৰাবাসীসকলৰ লগতে বিষয়া কৰ্মচাৰীৰ লেখাৰে সমৃদ্ধ “সমলয় অভিমুখে” নামৰ এখন গ্ৰন্থ উন্মোচনৰ লগতে আবাসীসকলৰ লগত এক অন্তৰংগ আলাপ “অনুৰণন” অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ, প্ৰাক্তন উপাচাৰ্য আমৰজ্যোতি চৌধুৰীৰ লগতে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে কাৰাগাৰ মহাপৰিদর্শক পুৱালী গোহাঁইৰ লগতে গ্ৰন্থ উন্মোচক হিচাপে অংশগ্ৰহণ কৰে নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতা আৰু গ্ৰন্থখনৰ প্ৰকাশক সোমেন ভাৰতীয়া, সমলয় অভিমুখে গ্ৰন্থখনৰ মুখ্য সম্পাদক হৰিপ্ৰসাদ তালুকদাৰৰ উপৰি কাৰাগাৰখনৰ অধীক্ষক উৎপল দুৱৰা, পৰিণীতা বৰুৱা সহযোগী অধীক্ষক, জেইলৰ দেৱকমল বৰুৱা, কাৰাগাৰ উপ-মহাপৰিদৰ্শক দিলীপ শইকীয়া, সহকাৰী কাৰাগাৰ মহাপৰিদৰ্শক, ৰঞ্জিত বুঢ়াগোহাঁই। সভাৰ আৰম্ভণিতে কাৰাবাসীসকলে পৰিবেশন কৰে ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত। তাৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জেইলৰ দেৱকমল বৰুৱাই। আদৰণী ভাষণ দিয়ে কাৰাগাৰ মহাপৰিদৰ্শক পুৱালী গোহাঁইয়ে। আদৰণী ভাষণত কাৰাগাৰখনে লোৱা এই প্ৰচেষ্টাৰ শলাগ লয়। তাৰ ঠিক পিছতে মুখ্য অতিথিৰ ভাষণত অমৰজ্যোতি চৌধুৰীয়ে কয় যে কাৰাগাৰত থাকি বহু মানুহে জীৱন সলনি কৰি বিশ্বসাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে আৰু কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীৰ আবাসীসকলেও সেই একেই সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ বাবে আপোনালোক ধন্যবাদৰ পাত্ৰ। লগতে তেওঁ কয় যে মৰমেৰে সকলো সলনি কৰি দিব পাৰি। গ্ৰন্থ উন্মোচন কৰি নৰেশ কলিতাই তেওঁৰ ভাষণত কয় যে কাৰাবাসীসকলৰ লগতে একাংশ উৎসাহী কৰ্মচাৰীৰ কিতাপ প্ৰকাশৰ এই প্ৰচেষ্টা সঁচাকৈয়ে শলাগিবলগীয়া কথা আৰু প্ৰচেষ্টাই মুক্ত পৃথিৱীত এক সুন্দৰ বাৰ্তা বহন কৰিব। তাৰ পিছত আবাসী সঞ্জীৱ তালুকদাৰ আৰু জাহ্নৱী শইকীয়াই গীত আৰু কবিতা পাঠৰ এক সুন্দৰ অনুষ্ঠান প্ৰদৰ্শন কৰে। তাৰ পিছত গ্ৰন্থখনৰ মুখ্য সম্পাদক হৰিপ্ৰসাদ তালুকদাৰে গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত সম্পাদনা সমিতিৰ সহযোগৰ প্ৰশংসা কৰে আৰু সকলো লেখক-লেখিকা আৰু প্ৰকাশকগৰাকীৰ সামাজিক দায়বদ্ধতাৰ শলাগ লয়। অনুষ্ঠান পৰিচালনা কৰে আৱাসী সঞ্জীৱ তালুকদাৰে।

You might also like