নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী কমাৰ্চ কলেজত আন্ত:মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰ : অসম চেম্বাৰ অৱ কমাৰ্চৰ উদ্যোগত আৰু গুৱাহাটী কমাৰ্চ কলেজৰ সহযোগত গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰয়াত ভগৱান চন্দ্ৰ লহকৰ প্ৰেক্ষাগৃহত অসম চেম্বাৰ অৱ কমাৰ্চৰ প্ৰতিষ্ঠা কালৰ পৰা ওতপ্ৰোতভাৱে জড়িত অলেকেশ ৰায়মেধিৰ সোঁৱৰণত আন্ত:মহাবিদ্যালয় (ৰাজ্যিক) তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। অৰূপজ্যোতি চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত দিগন্ত বিশ্ব শৰ্মা, ভাস্কৰ জ্যোতি বৰা আৰু কংকনা গোস্বামী ভৰদ্বাজে বিচাৰকৰ আসন শুৱনি কৰে । মহাবিদ্যালয়খনৰ ছাত্ৰী তৃষ্ণা তালুকদাৰে এটি বৰগীতেৰে আৰম্ভণি কৰা প্ৰতিযোগিতাখনত অসম চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে আদৰণী ভাষণ প্ৰদান কৰে । অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্তই প্ৰয়াত অলকেশ ৰায়মেধিক সুঁৱৰি অসম চেম্বাৰ অৱ কমাৰ্চৰ এই প্ৰচেষ্টাক আদৰণি জনায় আৰু লগতে “পৰিৱৰ্তনশীল সমাজত উদ্যমিতাৰ অনুসৰণ চাকৰিমুখী সংস্কৃতিৰ তুলনাত বহু পৰিমাণে শ্ৰেষ্ঠতৰ গঠনমূলক বিকল্প” শীৰ্ষক বিষয়টি বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে অভিহিত কৰে । আজিৰ এই তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিক ৰূপে নিৰ্বাচিত হয় যুটীয়াভাৱে শিৱসাগৰ মহাবিদ্যালয়ৰ গীতাৰ্থ বৰা আৰু ৰয়েল গ্লবেল ইউনিভাৰ্ছিটীৰ অৰুণিমা ধৰ । প্ৰথম ৰানাৰ্ছ আপ ৰূপে নিৰ্বাচিত হয় যুটীয়াভাৱে ৰয়েল গ্লবেল ইউনিভাৰ্ছিটীৰ নিচকান্না অসমীয়া আৰু জে বি ল’ মহাবিদ্যালয়ৰ গৌৰৱ কাশ্যপ আৰু দ্বিতীয় ৰানাৰ্ছ ৰূপে নিৰ্বাচিত হয় যুটীয়াভাৱে ডি পি এছ অ’ এন জি চি নাজিৰাৰ অভিনৱ বৰগোহাঁই আৰু নাজিৰ মেম’ৰিয়েল মহাবিদ্যালয় হোজাইৰ আফ্ৰিন । শ্ৰেষ্ঠ তাৰ্কিক দল হিচাপে নিৰ্বাচিত হয় ৰয়েল গ্লবেল ইউনিভাৰ্ছিটীৰ অৰুণিমা ধৰ আৰু পায়েল শৰ্মা আৰু দ্বিতীয় শ্ৰেষ্ঠ দল ৰূপে নিৰ্বাচিত হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনল অংকুশ বৰা আৰু সমুদ্ৰ বৈশ্য। আজিৰ এই প্ৰতিযোগিতাখনত গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ড° হোমেশ্বৰ কলিতা, প্ৰয়াত অলকেশ ৰায়মেধিৰ মাতৃ আৰু পত্নী, ৰাজ্যৰ আন আন মহাবিদ্যালয়ৰ প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীসকল, অসম চেম্বাৰ অৱ কমাৰ্চৰ বিষয়ববীয়াসকলৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।

You might also like