নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত আন এজন চিকিৎসকৰ দেহত ক’ৰোনা

নিয়মীয়া বাৰ্তা ৯ জুনঃ মহানগৰীত আন এজন চিকিৎসক আক্ৰান্ত হৈছে ক’ৰোনাত । গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত ডাঃ বুলেন ফুকন আক্ৰান্ত হৈছে ক’ৰোনাত । বৰ্তমান চিকিৎসকগৰাকীক মহানগৰীৰ MMCH ত ভৰ্তি কৰোৱা হৈছে । মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ অমৰাৱতী পথত বাস কৰে ফুকনে ।

উল্লেখ্য যে ডাঃ বুলেন ফুকনৰ দেহত সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ক’ভিড পজিটিভ পোৱা গৈছিল । লগতে কেইদিনমানৰ পৰা সামান্য জ্বৰ হৈ আছিল তেখেতৰ ।

আনহাতে চিকিৎসকগৰাকীৰ পত্নীৰো জ্বৰ আৰু মূৰ বিষৰ সামান্য লক্ষণ দেখা গৈছে । আজি তেওঁ পত্নীৰো স্বাব টেষ্ট কৰাৰ সম্ভাৱনা আছে।

You might also like