নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ থানাই থানাই প্ৰৱঞ্চক ভৰত পোদ্দাৰৰ বিৰুদ্ধে গোচৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ মাৰ্চঃ বুধবাৰে নিশা দিছপুৰ আৰক্ষীয়ে আটক কৰিছিল প্ৰৱঞ্চক ভৰত পোদ্দাৰক। প্ৰৱঞ্চনাৰে বহু লোকৰ পৰা ধন সৰকোৱা পোদ্দাৰৰ এই তালিকাখন বহু দীঘল। আজি হাইপ্ৰফাইল প্ৰৱঞ্চকটোক আদালতত হাজিৰ কৰাব আৰক্ষীয়ে। দিছপুৰ থানাত বৃহস্পতিবাৰে পোদ্দাৰৰ বিৰুদ্ধে দাখিল হৈছে ৫খন এজাহাৰ। এদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে মহাপ্ৰৱঞ্চক ভৰত পোদ্দাৰক। শুকুৰবাৰে পোদ্দাৰক হাজিৰ কৰোৱা হৈছিল আদালতত। পোদ্দাৰৰ বিৰুদ্ধে কোটি কোটি টকা আত্মসাতৰ অভিযোগ আছে। দিছপুৰ আৰক্ষীৰ জিম্মা শেষ হ’লে ভৰলুমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পোদ্দাৰক। তাৰ পিছত পাণবজাৰ আৰক্ষীয়েও গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা পোদ্দাৰক। কিয়নো পাণবজাৰ, ভৰলুমুখকে ধৰি বহু থানাত গোচৰ আছে পোদ্দাৰৰ বিৰুদ্ধে। ইফালে ওলায়েই আছে হাইপ্ৰফাইল প্ৰৱঞ্চক ভৰত পোদ্দাৰৰ ক’লা অধ্যায়। গুৱাহাটীৰ কেইবাখনো থানাত আছে পোদ্দাৰৰ বিৰুদ্ধে গোচৰ। ভৰলুমুখ থানাত আছে প্ৰৱঞ্চকটোৰ বিৰুদ্ধে 36/24 নম্বৰৰ গোচৰ, পাণবজাৰত আছে 702/21 আৰু দিছপুৰত আছে 266/24 নম্বৰৰ গোচৰ। পোদ্দাৰৰ বিৰুদ্ধে আটাইকেইটা গোচৰেই হৈছে প্ৰৱঞ্চনাৰ গোচৰ। ভাৰতীয় দণ্ডবিধিৰ ধাৰা 420 আৰু 407 সন্নিবিষ্ট আছে আটাইকেইটা গোচৰত। বহু লোকৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল ভৰত পোদ্দাৰে। ইভেন্ট, ট্ৰেডিং আৰু ফ্লাইটৰ টিকটৰ নামত সংগ্ৰহ কৰিছিল ধন। বহু ব্যৱসায়ী আৰু উদ্যোগপতিৰ পৰা ধন আত্মসাৎ কৰি পলাই আছিল পোদ্দাৰ।

You might also like