নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ চাৰি ব্যক্তিক সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান ৰাষ্ট্ৰপতিৰ

আদৱানিৰ ঘৰত ৩১ মাৰ্চত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব ভাৰতৰত্ন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ মাৰ্চঃ আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ চাৰিজন ব্যক্তিক সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নেৰে সন্মানিত কৰে। ইয়াৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং, পি.ভি. নৰসিংহ ৰাও, কৃষি বিজ্ঞানী ড০ এম এছ স্বামীনাথন আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কাৰ্পুৰী ঠাকুৰ। বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানিকো ভাৰত ৰত্নৰে সন্মানিত কৰিব লাগিছিল যদিও আজি তেওঁ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত নাথাকিল যদিও ৩১ মাৰ্চত ৰাষ্ট্ৰপতিয়ে তেওঁৰ ঘৰত উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জনাব। আদৱানিৰ বাহিৰে ৪জন ব্যক্তিকে মৰণোত্তৰভাৱে ভাৰতৰত্ন দিয়া হৈছিল। তেওঁৰ পৰিয়ালৰ লোকে ৰাষ্ট্ৰপতিৰ পৰা সন্মান গ্ৰহণ কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ হৈ ভাৰত ৰত্ন বঁটা গ্ৰহণ কৰে তেওঁৰ পুত্ৰ পি ভি প্ৰভাকৰ ৰাৱে। একেদৰে এম এছ স্বামীনাথনৰ হৈ ভাৰত ৰত্ন বঁটা গ্ৰহণ কৰিছে কন্যা ড০ নিত্য ৰাৱে। কাৰ্পুৰী ঠাকুৰৰ ভাৰতৰত্ন বঁটা গ্ৰহণ কৰিছে পুত্ৰ ৰামনাথ ঠাকুৰে। আনহাতে চৌধুৰী চৰণ সিঙৰ ভাৰত ৰত্ন বঁটা তেওঁৰ নাতি জয়ন্ত চৌধুৰীৰ হাতত দিয়া হৈছে। কেন্দ্ৰই এইবাৰ ৫ জন ব্যক্তিক ভাৰত ৰত্ন বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ২০১৪ চনত ক্ষমতা দখল কৰাৰ পিছত মোদীৰ কাৰ্যকালত মদন মোহন মালব্য, অটল বিহাৰী বাজপেয়ী, প্ৰণৱ মুখাৰ্জী, ভূপেন হাজৰিকা আৰু নানাজী দেশমুখে এই সন্মান লাভ কৰিছে। ২০২৪ চনৰ ৫জনসহ এতিয়ালৈকে এই সন্মান লাভ কৰা লোকৰ সংখ্যা হ’ব ৫৩জন। ৰাষ্ট্ৰপতি মুৰ্মুৱে কাৰ্পুৰী ঠাকুৰক ১০০ বছৰীয়া জন্ম জয়ন্তীৰ এদিন পূৰ্বে ২৩ জানুৱাৰীত ভাৰতৰত্ন দিয়াৰ কথা ঘোষণা কৰিছিল। কাৰ্পুৰী ঠাকুৰে দুবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী আৰু এবাৰ উপ-মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ পিছপৰা শ্ৰেণীৰ স্বাৰ্থৰ পোষকতা কৰাৰ বাবে পৰিচিত। একেদৰে ৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে ড০ এম এছ স্বামীনাথন, পি ভি নৰসিংহ ৰাও আৰু চৌধুৰী চৰণ সিঙক ভাৰতৰত্ন (মৰণোত্তৰভাৱে) দিয়াৰ কথা ঘোষণা কৰিছিল। স্বামীনাথন আছিল এজন কৃষি বিজ্ঞানী। ভাৰতত তেওঁক ‘সেউজ বিপ্লৱ’ৰ পিতৃ বুলি কোৱা হয়। নৰসিংহ ৰাও আছিল দেশৰ নৱম প্ৰধানমন্ত্ৰী। চৰণ সিং ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী আছিল। উত্তৰ প্ৰদেশৰ ৫ম মুখ্যমন্ত্ৰীও আছিল। তেওঁ কৃষকৰ অধিকাৰ আৰু কল্যাণৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল।

You might also like