নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ ভাৰত–পাকিস্তান আৰু ভাৰত–বাংলাদেশ আন্তঃৰাষ্ট্রীয় সীমান্তৰ নিৰাপত্তা আৰু পহৰাৰ দায়িত্বত নিয়োজিত বি এছ এফে বিগত ২০২৪ বর্ষৰ পহিলা ডিচেম্বৰত ৫৯টা বর্ষ অতিক্রম কৰি ৬০টা বর্ষত ভৰি দিছে৷ ১৯৬৫ চনৰ পহিলা ডিচেম্বৰত গঠন কৰা বাহিনীটো বর্তমান বিশ্বৰ অন্যতম সীমান্ত নিৰাপত্তা বাহিনী হিচাপে পৰিগণিত হৈছে৷ বি এছ এফৰ গুৱাহাটী ফ্রণ্টিয়াৰৰ আজাৰা পাটগাঁওস্থিত মুখ্য কার্যালয়ৰ সূত্রই সদৰী কৰা অনুসৰি বিগত পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ এটা বছৰত গুৱাহাটী ফ্রণ্টিয়াৰ মুখ্য কার্যালয়ে তেওঁলোকৰ পৰিসীমাত থকা বাংলাদেশ আন্তঃৰাষ্ট্রীয় সীমান্তৰ অসম আৰু পশ্চিমবংগৰ মুঠ ৫০৯ কিঃমিঃ এলেকাত পহৰা আৰু নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ আছে৷ বিগতবর্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰ পর্যন্ত এটা বছৰত বিএছএফৰ গুৱাহাটী ফ্রণ্টিয়াৰৰ ৩টা ছেক্টৰ কার্যালয়ে সীমান্তত বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত ৬,৫১৯টা গৰু চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে৷ একে সময়তে ১,৮৬,৫৬০ কেজি চেনি, ৩০৬০.৯৪ গ্রাম সোণ, ৬৭,৮৫১ বটল ফেন্সিডাইল, ১,৬৫৫ কেজি ভাং, ১৩,৬৮১টা য়াবা টেবলেট, ১০,০১৭টা সুৰাৰ বটল, ২০ হাজাৰ টকাৰ নকল ভাৰতীয় টকা বা জালনোট জব্দ কৰিবলৈ সক্ষম হৈছে৷ অভিযানত বি এছ এফে সীমান্তত ৯৭জন ভাৰতীয় আৰু ৩৬জন বাংলাদেশী চোৰাং কাৰবাৰী–সৰবৰাহক্ গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ বর্তমান গুৱাহাটী ফ্রণ্টিয়াৰৰ অধীনত থকা অসম আৰু পশ্চিমবংগৰ বাংলাদেশ আন্তঃৰাষ্ট্রীয় সীমান্তৰ ৫০৯ কিঃমিঃ অংশত ৩টা ছেক্টৰৰ অধীনত ১১টা বেটেলিয়ন নিয়োজিত হৈ আছে৷ ইয়াৰে ধুবুৰী ছেক্টৰত প্রায় ৯১.৭২৬ কিঃমিঃ নদী সীমান্তত কাৰিকৰী কাৰণতে কাঁটাতাঁৰৰ বেৰ বা ফেঞ্চিং দিব নোৱাৰাৰ বাবে তাত অত্যাধুনিক প্রযুক্তিৰ Electronics Servielence) দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে৷ এঘাৰ মাহত যিখিনি চোৰাং সামগ্রী বিএছএফে সীমান্তত উদ্ধাৰ কৰিছে তাৰ মূল্য হ’ব প্রায় ১২.৫৫ কৌটি টকা৷ একে সময়তে সীমান্তত থকা ভাৰতীয় নাগৰিকৰ কল্যাণৰ বাবে বিএছএফে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশ হিচাপে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, চাফাই অভিযান, গছপুলি ৰোপণ, কৃষক ৰাইজৰ মাজত কৃষিকার্যত ব্যৱহূত সামগ্রী বিতৰণ, বিদ্যালয়ৰ লগতে যুৱসমাজৰ মাজত ক্রীডা সামগ্রী বিতৰণ, মহিলাক চিলাই মেচিন বিতৰণ কৰি আহিছে৷ তেনেদৰে সীমান্তৰ সিপাৰৰ পৰা যাতে ভাৰতলৈ কোনো চোৰাং সামগ্রী বা অনুপ্রৱেশকাৰী আহিব নোৱাৰে তাৰ বাবে বাংলাদেশৰ ফালত সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত ব’ৰ্ডাৰ গার্ড বাংলাদেশৰ (বিজিবি) সৈতে অহৰহ সম্পর্ক ৰক্ষা কৰি অহা হৈছে৷ বিএছএফে আন্তঃৰাষ্ট্রীয় সীমান্তত পহৰা কার্যত কোনোদিনে আপোচ নকৰে৷ অৱশ্যে বিগত বর্ষৰ ৫ আগষ্টত বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনা চৰকাৰ পদচ্যুত হোৱাৰ পাছত বাংলাদেশত হোৱা ঘটনাপ্রবাহৰ ওপৰত বি এছ এফৰ গুৱাহাটী ফ্রণ্টিয়াৰে তেওঁলোকৰ পৰিসেৱাই সামৰি লোৱা সীমান্তৱর্তী অঞ্চলসমূহত চোকা দৃষ্টি ৰাখিছে৷ আনকি বাংলাদেশৰ পৰা ভাৰতত প্রৱেশ কৰিবৰ বাবে একাংশ লোকে কৰা কেইবাটাও ঘটনা বি এছ এফে প্রতিহত কৰিবলৈ সক্ষম হৈছে৷