কলকাতা আৰক্ষীলৈ গুৱাহাটী হাইকৰ্টৰ শ্ব’কজ
নিয়মীয়াৰ্তা, ১৬ জুনঃ বৰ অসমৰ প্রাণ প্রতিষ্ঠাতা চাওলুং চুকাফাক অপমান কৰা পশ্চিমবংগৰ বুদ্ধিজীৱী গর্গ চেটার্জীক গ্রেপ্তাৰৰ ক্ষেত্রত সহযোগিতা নকৰা বাবে কলকাতা আৰক্ষী আৰু পশ্চিমবংগ চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়৷ চেটার্জীক গ্রেপ্তাৰৰ ক্ষেত্রত অসম আৰক্ষীক কৰা অসহযোগিতাৰ বাবে পশ্চিমবংগ চৰকাৰ আৰু কলকাতা আৰক্ষী উচ্চ ন্যায়ালয়ৰ ওচৰত জবাবদিহি হ’ব লাগিব৷ এই সন্দর্ভত ৰুজু কৰা এটা গোচৰৰ আজি শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে পশ্চিমবংগৰ মুখ্য সচিব আৰু কলকাতাৰ আৰক্ষী আয়ুক্তলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে৷ পৰৱর্তী শুনানিৰ পূর্বে মুখ্য সচিব আৰু আৰক্ষী আয়ুক্তই কি কাৰণত তেওঁলোকে অসম আৰক্ষীক সহযোগিতা কৰা নাই, সেই সন্দর্ভত উত্তৰ প্রদান কৰিব লাগিব৷ উল্লেখ্য যে এক টুইটৰ জৰিয়তে গর্গ চেটার্জী চাওলুং চুকাফাৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল৷ যাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ চেটার্জীক গ্রেপ্তাৰৰ দাবীত ৰাজ্যজুৰি দল–সংগঠনে প্রতিবাদো সাব্যস্ত কৰে৷ ইয়াৰ ভিত্তিত অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চে এটা নিজাববীয়া গোচৰ ৰুজু কৰে৷ সমান্তৰালভাৱে বনশ্রী গগৈ নামৰ এগৰাকী অধিবক্তাই গুৱাহাটীৰ লতাশিল আৰক্ষী থানাত আন এখন এজাহাৰ দাখিল কৰে৷ এই দুয়োটা গোচৰৰ তদন্ত একেলগে আৰম্ভ কৰে ক্রাইম ব্রাঞ্চে৷ পৰৱর্তী সময়ত তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নির্দেশত ক্রাইম ব্রাঞ্চৰ এটা দল চেটার্জীক গ্রেপ্তাৰ কৰিবলৈ পশ্চিমবংগত উপস্থিত হয়৷ কিন্তু কলকাতা আৰক্ষীয়ে চেটার্জীক গ্রেপ্তাৰৰ ক্ষেত্রত কোনোধৰণৰ সহযোগিতা নকৰাত উভতি আহিবলগীয়া হয় অসম আৰক্ষী৷ পৰৱর্তী সময়ত গর্গ চেটার্জীৰ বিৰুদ্ধে দুবাৰকৈ জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা জাৰি কৰা হয় যদিও কলকাতা আৰক্ষীৰ অসহযোগিতাৰ বাবে এই পৰোৱানাৰ কার্যকৰী ৰূপ দিবলৈ অসম আৰক্ষী সফল নহ’ল৷ একে সময়তে এই সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদনো দাখিল কৰা হৈছিল৷ আজি এই গোচৰটোৰ শুনানি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্রহণ কৰে৷ শুনানিৰ সময়ত অসম চৰকাৰে ষ্টেটাছ ৰিপ’ট দাখিল কৰি কয় যে পশ্চিমবংগ আৰক্ষীয়ে সহযোগিতা নকৰা বাবেই চেটার্জীক গ্রেপ্তাৰৰ ক্ষেত্রত অসম আৰক্ষী ব্যর্থ হ’বলগীয়া হৈছে৷ ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ে পশ্চিমবংগ চৰকাৰৰ মুখ্য সচিব আৰু কলকাতা আৰক্ষী আয়ুক্তলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে৷ গর্গ চেটার্জীৰ উপৰি এই গোচৰটোত ৰঞ্জন মজুমদাৰ নামৰ আন এজন ব্যক্তিও অভিযুক্ত হৈ আছে৷, ১৫ জুনঃ বৰ অসমৰ প্রাণ প্রতিষ্ঠাতা চাওলুং চুকাফাক অপমান কৰা পশ্চিমবংগৰ বুদ্ধিজীৱী গর্গ চেটার্জীক গ্রেপ্তাৰৰ ক্ষেত্রত সহযোগিতা নকৰা বাবে কলকাতা আৰক্ষী আৰু পশ্চিমবংগ চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়৷ চেটার্জীক গ্রেপ্তাৰৰ ক্ষেত্রত অসম আৰক্ষীক কৰা অসহযোগিতাৰ বাবে পশ্চিমবংগ চৰকাৰ আৰু কলকাতা আৰক্ষী উচ্চ ন্যায়ালয়ৰ ওচৰত জবাবদিহি হ’ব লাগিব৷ এই সন্দর্ভত ৰুজু কৰা এটা গোচৰৰ আজি শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে পশ্চিমবংগৰ মুখ্য সচিব আৰু কলকাতাৰ আৰক্ষী আয়ুক্তলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে৷ পৰৱর্তী শুনানিৰ পূর্বে মুখ্য সচিব আৰু আৰক্ষী আয়ুক্তই কি কাৰণত তেওঁলোকে অসম আৰক্ষীক সহযোগিতা কৰা নাই, সেই সন্দর্ভত উত্তৰ প্রদান কৰিব লাগিব৷ উল্লেখ্য যে এক টুইটৰ জৰিয়তে গর্গ চেটার্জী চাওলুং চুকাফাৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল৷ যাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ চেটার্জীক গ্রেপ্তাৰৰ দাবীত ৰাজ্যজুৰি দল–সংগঠনে প্রতিবাদো সাব্যস্ত কৰে৷ ইয়াৰ ভিত্তিত অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চে এটা নিজাববীয়া গোচৰ ৰুজু কৰে৷ সমান্তৰালভাৱে বনশ্রী গগৈ নামৰ এগৰাকী অধিবক্তাই গুৱাহাটীৰ লতাশিল আৰক্ষী থানাত আন এখন এজাহাৰ দাখিল কৰে৷ এই দুয়োটা গোচৰৰ তদন্ত একেলগে আৰম্ভ কৰে ক্রাইম ব্রাঞ্চে৷ পৰৱর্তী সময়ত তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নির্দেশত ক্রাইম ব্রাঞ্চৰ এটা দল চেটার্জীক গ্রেপ্তাৰ কৰিবলৈ পশ্চিমবংগত উপস্থিত হয়৷ কিন্তু কলকাতা আৰক্ষীয়ে চেটার্জীক গ্রেপ্তাৰৰ ক্ষেত্রত কোনোধৰণৰ সহযোগিতা নকৰাত উভতি আহিবলগীয়া হয় অসম আৰক্ষী৷ পৰৱর্তী সময়ত গর্গ চেটার্জীৰ বিৰুদ্ধে দুবাৰকৈ জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা জাৰি কৰা হয় যদিও কলকাতা আৰক্ষীৰ অসহযোগিতাৰ বাবে এই পৰোৱানাৰ কার্যকৰী ৰূপ দিবলৈ অসম আৰক্ষী সফল নহ’ল৷ একে সময়তে এই সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদনো দাখিল কৰা হৈছিল৷ আজি এই গোচৰটোৰ শুনানি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্রহণ কৰে৷ শুনানিৰ সময়ত অসম চৰকাৰে ষ্টেটাছ ৰিপ’ট দাখিল কৰি কয় যে পশ্চিমবংগ আৰক্ষীয়ে সহযোগিতা নকৰা বাবেই চেটার্জীক গ্রেপ্তাৰৰ ক্ষেত্রত অসম আৰক্ষী ব্যর্থ হ’বলগীয়া হৈছে৷ ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ে পশ্চিমবংগ চৰকাৰৰ মুখ্য সচিব আৰু কলকাতা আৰক্ষী আয়ুক্তলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে৷ গর্গ চেটার্জীৰ উপৰি এই গোচৰটোত ৰঞ্জন মজুমদাৰ নামৰ আন এজন ব্যক্তিও অভিযুক্ত হৈ আছে৷