নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰজ্যোতি বৰুৱা-ৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

শংকৰজ্যোতি বৰুৱা-ৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মে ‘ : অৱশেষত শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

জামিন পালে প্ৰাক্তন আছু নেতা তথা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে এই জামিন। ৩০ হাজাৰ টকা বেইল বণ্ডৰ বিনিময়ত অন্তৰ্ৱৰ্তীকালীন জামিন কৰিলে উচ্চ ন্যায়ালয়ে।

দুলীয়াজানত এটা পেট্ৰল ডিপো কাণ্ডত তনু শ্বাহীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি বৰুৱা।

উল্লেখ্য যে ১৯ মে’ত ডিব্ৰুগড় আৰক্ষীয়ে কৰিছিল গ্ৰেপ্তাৰ শংকৰজ্যোতি বৰুৱাক।

শংকৰজ্যোতি বৰুৱাৰ মুক্তিৰ দাবীত উত্তাল হৈছিল তৈলনগৰী দুলীয়াজান। উল্লেখ্য যে দুলীয়াজান বন্ধৰ আহ্বান জনোৱাৰ দিনা আটক হৈছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাও। কিন্তু সেইদিনাই নিশালৈ এৰি দিয়া হৈছিল শৃংখলক।

You might also like