নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিকৰ প্লাজমা দানে সমাজক ইতিবাচক বার্তা দিবঃ স্বাস্থ্যমন্ত্রী

১৯ সাংবাদিকৰ প্লাজমা দানৰ নাম পঞ্জীয়ন

নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ  ক’ৰোনাত আক্রান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা ৰোগীক আৰোগ্য কৰাৰ ক্ষেত্রত এতিয়া প্লাজমা থেৰাপী যাদুকৰী চিকিৎসাৰূপে পৰিগণিত হৈছে৷ প্লাজমা থেৰাপীৰ এনে সাফল্যৰ বাবে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তৎপৰতাত ৰাজ্যৰ পাঁচখন চিকিৎসালয়ত আৰম্ভ হৈছে প্লাজমা বেংক৷ উল্লেখ্য যে এজন ক’ৰোনা আক্রান্তই সুস্থ হৈ দান কৰা প্লাজমাৰে দুজন আক্রান্তক সুস্থ কৰিব পাৰি৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ ইয়াৰ বাবে প্লাজমা দানৰ বাবে জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাই সোমবাৰে ক’ৰোনা যুদ্ধৰ আগশাৰীৰ সৈনিক সাংবাদিকসকলেও প্লাজমা দানৰ বাবে আগবাঢ়ি আহিল৷ গুৱাহাটী প্রেছ ক্লাবৰ উদ্যোগত সোমবাৰে স্বাস্থ্যমন্ত্রীগৰাকীৰ্ উপস্থিতিতে ১৯গৰাকী সাংবাদিকে প্লাজমা দানৰ বাবে নাম পঞ্জীয়ন কৰোৱায়৷ এই উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আয়োজিত এক অনুষ্ঠানত মন্ত্রী ড০ শর্মাই সাংবাদিকসকলৰ এনে প্রচেষ্টাৰ শলাগ লৈ দেশৰ ভিতৰতে এনেদৰে সংবাদসেৱীসকলে প্লাজমা দান কৰাটো প্রথম বুলি মন্তব্য কৰে৷ গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, সাধাৰণ সম্পাদক সঞ্জয় ৰায়ৰ লগতে জি এম চি এইচৰ অধ্যক্ষ ড০ অচ্যুত বৈশ্য, অধীক্ষক ডাঃ অভিজিৎ শর্মা উপস্থিত থকা অনুষ্ঠানত স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয়– সাংবাদিকৰ প্লাজমা দানে সমাজত এক ইতিবাচক বার্তা দিব৷ সাংবাদিকসকলৰ এনে পদক্ষেপে সাধাৰণ লোকৰ মাজত সচেতনতা বৃদ্ধি কৰিব আৰু ভয় কৰি থকাসকলো প্লাজমা দানৰ বাবে আগবাঢ়ি আহিব৷ তেওঁ কয়– প্লাজমা থেৰাপীৰ প্রয়োগৰ দিশ যথেষ্ট গুৰুত্বপূর্ণ৷ এজন ক’ৰোনা আক্রান্ত আইচিইউলৈ গ’লে তেওঁ এই থেৰাপী দিলে লাভদায়ক নহ’ব পাৰে৷ গতিকে আক্রান্তক কোন সময়ত প্লাজমা দিলে সফলতা পাব পাৰি, সেয়াহে আচল কথা৷ এজন ৰোগীক আৰম্ভণিৰে পৰাই প্লাজমা দিলেহে সোনকালে আৰোগ্য কৰিব পাৰি৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ সোমবাৰে ইয়াকো উল্লেখ কৰে যে প্লাজমা দান এক মানৱতাৰ গুণ৷ গতিকে ইয়াৰ বাবে সকলো শ্রেণীৰ লোক আগবাঢ়ি অহাটো শুভদিশ৷ জি এম চি এইচৰ গুৰুতৰ ক’ৰোনা আক্রান্তক আক্রমণাত্মক চিকিৎসা প্রদান কৰা হয় যদিও প্লাজমা প্রয়োগৰ দ্বাৰা অধিক সোনকালে ৰোগী আৰোগ্য হৈ উঠে৷ গতিকে প্লাজমা অধিক পৰিমাণে জমা কৰাত স্বাস্থ্য বিভাগে গুৰুত্ব দিছে৷ বিভাগে প্লাজমা সংগ্রহ আৰু প্রয়োগৰ সকলো তথ্য সংৰক্ষিত কৰি ৰাখিছে৷ গুজৰাটৰ পৰা এটা দলে প্রতি ইউনিটত ১৬,০০০ টকাৰ বাবদ প্লাজমা দিয়াৰ বাবে আগবাঢ়ি আহিছিল৷ কিন্তু আমি ইয়াক গ্রহণ নকৰি দান দিয়াত গুৰুত্ব দিছোঁ য’ত দুখীয়া ৰোগীসকল উপকৃত হ’ব৷ মন্ত্রীগৰাকীয়ে সোমবাৰে ইয়াকো স্পষ্ট কৰে যে যদি কোনো নার্ছিং হোমে প্লাজমা বিচাৰে, তেন্তে জিএমচিএইচত এজন দাতা দিব লাগিব৷ দাতাজনৰ প্লাজমা সংগ্রহৰ পিছতহে নার্ছিং হোমক প্লাজমা দিয়া হ’ব৷ উল্লেখ্য যে সোমবাৰে ক’ভিডমুক্ত হোৱা ১৯জন সাংবাদিকে প্লাজমা দানৰ বাবে আগবাঢ়ি আহি স্ক্রীনিং সম্পন্ন কৰে৷ এই দাতাসকলৰ মাজত ‘নিয়মীয়া বার্তা’ৰ কার্যবাহী সম্পাদক অমল দাস, চিটী ৰিপ’টাৰ উৎপল বৰুৱা, ক্রীড়া সাংবাদিক মুকুট শর্মা, জ্যেষ্ঠ সাংবাদিক কুমুদ দাস, ৰুবুল গগৈ আদিৰ উপৰি মঙলদৈ মিডিয়া চার্কোলৰ সভাপতি হিতেশ হাজৰিকাৰ নেতৃত্বত অহা তিনি সাংবাদিক গণেশ দত্ত, জ্যোতি চহৰীয়া আৰু পংকজ শর্মায়ো স্ক্রীনিং সম্পন্ন কৰে৷ গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে প্লাজমা দাতা সতীর্থ সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰে৷
গুৱাহাটী প্রেছ ক্লাবৰ প্লাজমা দান অনুষ্ঠানত দৰঙৰ
সংবাদসেৱীৰ প্লাজমা দান
গুৱাহাটী প্রেছ ক্লাবৰ উদ্যোগত সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আয়োজিত সাংবাদিকৰ প্লাজমা দান অনুষ্ঠানত মঙলদৈ মিডিয়া চার্কোলৰ সভাপতি হিতেশ হাজৰিকাৰ নেতৃত্বত দৰঙৰ সংবাদসেৱী গণেশ দত্ত, জ্যোতি চহৰীয়া আৰু পংকজ কুমাৰ শর্মাই প্লাজমা দান কৰে৷ আনহাতে মঙলদৈ মিডিয়া চার্কোলৰ উপদেষ্টা ভার্গৱ কুমাৰ দাস, উপ–সভাপতি হেমন্ত কুমাৰ বৰুৱা, দৰং জিলা ক্রীডা সাংবাদিক সংস্থাৰ সভাপতি আব্দুল খালেক, দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী, অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কার্যালয়ৰ সম্পাদক দ্বীপেন্দ্র নাৰায়ণ কোঁৱৰ, সদৌ দৰং জিলা ছাত্র সন্থাৰ সভাপতি খনীন্দ্র ৰাজবংশী, সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়া, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উপদেষ্টা ভবেশ কাকতি, দৰং জিলা সমিতিৰ সভাপতি দিগন্ত কুমাৰ ডেকা, সম্পাদক পংকজ ডেকা, বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক নীলিমা দেৱী, ভুটীয়াচাং চাহ বাগিচাৰ জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ তপন হাজৰিকা, চপাই যুৱ কল্যাণ কেন্দ্রৰ সভাপতি হাছিনুৰ হুছেইন, সম্পাদক ৰমেশ চহৰীয়াসহ বহুতে শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like