নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী লোকসভাৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিক বকোত আদৰণি

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ : কামৰূপৰ বকো ছয়গাঁও সমষ্টিৰ বনগাঁৱত আজি আবেলি কাৰ্যকৰ্তাৰ লগত লগ হোৱাৰ উদ্দেশ্যে গুৱাহাটী লোকসভাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি উপস্থিত হয়। আগন্তুক নিৰ্বাচনত গুৱাহাটী সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী উপস্থিত হোৱাৰ লগে লগে প্ৰাৰ্থীগৰাকীক বনগাঁও ছয়গাঁও মণ্ডলৰ কাৰ্যকৰ্তাসকলে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিপুল আদৰণি জনায়। গুৱাহাটী লোকসভাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক আদৰণি আৰু সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বনগাঁও জিলা পৰিষদ ভৱনত অনুষ্ঠিত সম্বৰ্ধনা সভাত প্ৰাৰ্থীগৰাকীৰ লগত উপস্থিত থাকে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, দক্ষিন কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, জিলা প্ৰভাৰী অৰ্নিবাণ গোস্বামী, বনগাঁও-ছয়গাঁও মণ্ডলৰ সভাপতি ধীৰাজ ঠাকুৰীয়াৰ লগতে প্ৰায় শতাধিক দলীয় কৰ্মী। সভাত ভাষন প্ৰসংগত বিধায়ক হেমাংগ ঠাকুৰীয়াই কয় যে আমি বহুত উৎকণ্ঠাৰে ৰৈ ৰৈ এগৰাকী মৰমৰ প্ৰাৰ্থী আমাৰ দলৰ অনাগত দিনৰ সাংসদ হিচাপে পাম। দক্ষিন কামৰূপ জিলাৰ প্ৰতিজন কাৰ্যকৰ্তাই গুৱাহাটী লোকসভাৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী বিজুলী বাইদেউয়ে দলীয় টিকট লাভ কৰাত সুখ পাইছে। বিজেপিৰ জুৰোডত ৰাজ্যিক কাৰ্যালয় থকাৰ দিনৰে পৰা বিজুলী বাইদেউয়ে দলৰ এজন সৈনিক হৈ কাম কৰি আছে। তেওঁ আজি বহু কষ্টৰ ফলত দলৰ পৰা এই সন্মান লাভ কৰিছে। গতিকে আমি সকলোৱে আমাৰ মৰমৰ বিজুলী কলিতা মেধি বাইদেউক যোৱা লোকসভা নিৰ্বাচনৰ আমাৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰা ভোটতকৈ এইবাৰৰ লোকসভা নিৰ্বাচনত আৰু অধিক ভোটত জয়ী কৰাই সাংসদ হিচাপে দিল্লীলৈ পঠাম। আমি অহাকালিৰ পৰা কাৰ্যালয়ত নবহো। আমি পথাৰে পথাৰে গৈ সকলো তৃনমূল কাৰ্যকৰ্তাক লগ কৰিম। মুঠতে আমি আমাৰ প্ৰাৰ্থী গৰাকীক জয়ী কৰোৱাম। আনহাতে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিক প্ৰাৰ্থীত্ব লাভ কৰা সন্দৰ্ভত সোধাত কয় যে মোক দলে দীৰ্ঘদিনে দলৰ হৈ সেৱা আগবঢ়োৱা বাবে এইবাৰ মোক গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব দিছে। যোৱা নিৰ্বাচনত দলে কুইন বাইদেউক প্ৰাৰ্থিত্ব দিছিল। এইবাৰ মোক প্ৰাৰ্থিত্ব দিছে। মই দলে মোৰ ওপৰত কৰা আশা আৰু বিশ্বাস সৰোগত কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ যুদ্ধত নামিম আৰু এই যুদ্ধত মই জয়ী হম বুলি বিশ্বাস কৰিছো। গুৱাহাটী লোকসভাত কোন দলে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে মই নাভাৱো। মই কেৱল মোৰ যুদ্ধখনৰ বাবে যুজি যাম। মোৰ কোনোৱা প্ৰতিদ্বন্দ্বী হব বুলি মই এতিয়াও গম পোৱা নাই। কোনোৱা প্ৰতিদ্বন্দ্বী থাকিব পাৰে। কিন্তু মই মোৰ যুদ্ধক্ষেত্ৰত জয়ী হব পাৰিম।

প্ৰেৰক প্ৰীতম বায়ন

You might also like