বিশেষ বাৰ্তা, ১৬ জুলাই : ব্রহ্মপুত্রৰ জলস্তৰ ক্রমাৎ বৃদ্ধি পোৱাৰ বাবে গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱা অনির্দিষ্ট কাললৈ বন্ধ কৰা হৈছে ৷ ব্রহ্মপুত্রৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যাত্রীৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰিছে৷ এই সন্দর্ভত পুনৰ জাননী জাৰি নকৰালৈকে গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ থাকিব বুলি আভ্যন্তৰীণ জল পৰিবহণৰ এক সূত্রই জানিবলৈ দিছে ৷ উল্লেখ্য যে ভূটানে কুৰিশ্বু জলবিদ্যুৎ প্রকল্পৰ পানী এৰি দিয়াৰ বাবে ব্রহ্মপুত্রৰ জলস্তৰ বৃদ্ধি পাইছে আৰু ৰাজ্যত দ্বিতীয়টো বানে বহু ন ন অঞ্চল প্লাৱিত কৰিছে৷