নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী-পুৰী এক্সপ্ৰেছ শংকৰদেৱৰ নামেৰে নামকৰণৰ দাবী ধিংবাসীৰ

নিয়মীয়া বাৰ্তা, ১৬ মে‌’ : গুৱাহাটীৰ পৰা ওড়িশাৰ পুৰীলৈ যাবলগীয়া ৰেলখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে নামকৰণ কৰা, ৰেলখন শংকৰদেৱৰ জন্মস্থান বৰদোৱা, ধিং আৰু মৈৰাবাৰীলৈ সম্প্ৰসাৰণ কৰা, কপিলী যাত্ৰীবাহী ৰেলখনো ধিং, মৈৰাবাৰীলৈকে সম্প্ৰসাৰণৰ দাবী জনাইছে বৃহত্তৰ ধিং অঞ্চলৰ ৰাইজে। এইক্ষেত্ৰত ভাৰত চৰকাৰৰ ৰেলমন্ত্ৰীলৈ স্মাৰকপত্ৰ ইতিমধ্যেই উত্তৰ পূৱ সীমান্ত ৰেল বিভাগৰ জৰিয়তে প্ৰেৰণ কৰিছে ধিংবাসীয়ে। উল্লেখ্য যে  নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলৰ ধিং আৰু মৰিগাঁৱৰ মৈৰাবাৰী এটি ঘন জনবসতি প্ৰধান অঞ্চল। এই অঞ্চলটো‌ কৃষি আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে জনাজাত। কিন্তু মৈৰাবাৰীৰ পৰা ধিং হৈ গুৱাহাটীলৈ মাত্ৰ এখন ৰেল সেৱাৰহে ব্যৱস্থা আছে, ফলত এই বৃহত্তৰ অঞ্চলটোৰ লোকসকল দীৰ্ঘদিনে প্ৰয়োজনীয় ৰেল সেৱাৰ পৰা বঞ্চিত হৈ আহিছে। কিয়নো মাত্ৰ এখন যাত্ৰীবাহী ৰেলে ৰাইজৰ অভাৱ পুৰণ কৰিব নোৱাৰে। সেয়েহে ধিংবাসীৰ ভাৰত চৰকাৰৰ ৰেলমন্ত্ৰীলৈ দাবী, গুৱাহাটীৰ পৰা পুৰীলৈ যাবলগীয়া ৰেলখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে নামকৰণ কৰাৰ লগতে ৰেলখন বৰদোৱা, ধিং আৰু মৈৰাবাৰীলৈকে সম্প্ৰসাৰণ কৰা আৰু নগাঁও হয়বৰগাঁও আৰু গুৱাহাটীৰ মাজত চলাচল কৰা কপিলী যাত্ৰীবাহী ৰেলখনো ধিং, মৈৰাবাৰীলৈকে সম্প্ৰসাৰণৰ দাবী জনাইছে বৃহত্তৰ ধিংবাসীয়ে।
প্ৰেৰক মুকুল কলিতা
You might also like