নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীবাসী , আজি বিশেষ জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব

মেঘালয়–অৰুণাচলৰ বৰষুণে অসমত প্রভাৱ পেলাইছে, অসমৰ বিভিন্ন প্রান্তত চৰকাৰৰ ৰেড এলাৰ্ট

গুৱাহাটীবাসী, আজি বিশেষ জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব

মেঘালয়–অৰুণাচলৰ বৰষুণে অসমত প্রভাৱ পেলাইছে

অসমৰ বিভিন্ন প্রান্তত চৰকাৰৰ ৰেড এলার্ট

আজিলৈ থাকিব ৰেড এলার্ট, অনিল নগৰ–নবীন নগৰ–ৰুক্মিণীগাঁৱত বান সাহায্য বিতৰণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে’ : অবিৰতভাৱে যোৱা ৪৮ ঘণ্টা ধৰি হৈ থকা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ লগতে কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতি৷ বিশেষকৈ মহানগৰীত কৃত্রিম বানে সৃষ্টি কৰা অবর্ণনীয় পৰিৱেশক লৈ সতর্ক হৈ পৰে ৰাজ্য চৰকাৰ৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত গুৱাহাটীবাসীক সতর্ক বাণী শুনাই স্পষ্ট কৰে– আজি বিশেষ কাম নাথাকিলে ঘৰৰ পৰা নোলাব৷ জনতা ভৱনত শেহতীয়া বান পৰিস্থিতিক লৈ এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বর্তমানৰ পৰিৱেশ যথেষ্ট গম্ভীৰ৷ মেঘালয় আৰু অৰুণাচলত হোৱা প্রচুৰ বৰষুণৰ প্রভাৱ পৰিছে গুৱাহাটী মহানগৰীত৷

ইয়াৰ ফলত গুৱাহাটীৰ পৰিৱেশ জটিল হোৱাৰ সম্ভাৱনা অধিক৷ অৱশ্যে আজি বিয়লিৰ ভাগত পৰিৱেশ কিছু উন্নত হোৱাৰ সম্ভাৱনা আছে৷ মুখ্যমন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয়– মেঘালয়ত হোৱা প্রবল বৰষুণৰ ফলত গুৱাহাটীত কৃত্রিম বানে ভয়াৱহ ৰূপ লৈছে৷

মেঘালয়ৰ পৰা পানী গুৱাহাটীলৈ বাগৰি আহোঁতে ১২ ঘণ্টা সময় লয়৷ গতিকে অহা ১২ ঘণ্টালৈ এই প্রক্রিয়া অব্যাহত থাকিব৷ সেইকাৰণে গুৱাহাটীত বৰষুণ কমিলেও কিছু অঞ্চলত বান পৰিস্থিতি একেই থাকিব৷ অৱশ্যে বৰষুণ এৰিলে গুৱাহাটীত বান পৰিৱেশ কিছু উন্নত হ’ব৷ চৰকাৰে কৃত্রিম বানত আবদ্ধ অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান চলাবলৈ নির্দেশ দিয়া হৈছে৷

অনিল নগৰ আৰু নবীন নগৰত এই সময়তে আন এক বিশেষ সমস্যাৰ সৃষ্টি হৈছে যে পানী বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা শ্লুইচ গেটৰ তলত এটা শিল থকাত সম্পূর্ণৰূপে শ্লুইচ গেটখন বন্ধ হোৱা নাই৷ এই কাৰণে এই অঞ্চল দুটাৰ ৰাইজক বিশেষ সহায় কৰাৰ বাবেও জিলা আয়ুক্তক নির্দেশ দিয়া হৈছে৷

মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, চানমাৰি, মালিগাঁও, ৰুক্মিণীগাঁও, সিজুবাৰী, বশিষ্ঠপুৰ, পাঞ্জাবাৰী, সাতগাঁও, অনিল নগৰ, ত্রিপুৰা ৰোড আদি অঞ্চলত কৃত্রিম বানৰ সৃষ্টি হৈছে৷ এই অঞ্চলসমূহত বৰষুণ কমিলেহে পানী ওলাই যাব৷ ইফালে ৰেড এলার্ট সন্দর্ভত মুখ্যমন্ত্রীগৰাকীয়ে স্পষ্ট কৰে যে বতৰৰ ৰেড এলার্ট যোৱা ৭ দিন আগৰ পৰাই অৱগত কৰা হৈছে৷

কিন্তু বিদ্যালয়সমূহৰ কর্তৃপক্ষই এই ৰেড এলার্ট কিধৰণে গ্রহণ কৰে সেয়া তেওঁলোকৰ ওপৰত নির্ভৰশীল৷ যোৱা ২২ মে’ৰ পৰা স্পষ্ট কৰা হৈছিল যে আজিৰ দিনটোত পৰিৱেশ বেয়া হ’ব৷ এতিয়াও অসমৰ বিভিন্ন প্রান্তত ৰেড এলার্ট জাৰি আছে আৰু শনিবাৰ পর্যন্ত থাকিব এই ৰেড এলার্ট৷

You might also like