বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : উৎসৱ আৰু সুৰা যেন একাংশৰ বাবে অংগাংগী হৈ পৰিছে৷ নৱবর্ষ, ৰঙালী বিহু, বিশ্বকর্মা পূজা আৰু দুর্গা পূজাৰ পাছত এইবাৰ দীপাৱলী আৰু কালী পূজাতো গুৱাহাটীত হ’ল সুৰাৰ প্লাৱন৷ ৰাজ্যৰ অন্য প্রান্ত বাদেই, খোদ গুৱাহাটী মহানগৰীতে দেৱালীৰ দুটা দিনত সুৰাৰ বিক্রীয়ে পূর্বৰ দীপাৱলীৰ অভিলেখ ভংগ কৰিলে৷ আবকাৰী বিভাগৰ তথ্য অনুসৰি, ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত গুৱাহাটীত প্রায় ৫ কোটি টকাৰ সুৰা বিক্রী হয়৷ উল্লেখ্য যে ৩০ অক্টোবৰৰ সন্ধিয়াৰে পৰা সুৰাৰ বিপণীসমূহত দীঘলীয়া শাৰী পৰিলক্ষিত হৈছিল৷ দীপাৱলী আৰু কালী পূজা উপলক্ষে যথেষ্ট আগতীয়াকৈ সুৰা ক্রয় কৰা গুৱাহাটীৰ একাংশই যোৱা দুটা দিনত সুৰাৰ সৃষ্টি কৰিলে প্লাৱন৷ মন কৰিবলগীয়া যে এইবাৰ দুর্গা পূজাৰ সময়তো সুৰাৰ বিক্রীয়ে সর্বকালৰ অভিলেখ ভংগ কৰিছিল৷ দুর্গা পূজাৰ চাৰিটা দিনত গুৱাহাটীত প্রায় ৩০ কোটি টকাৰ সুৰা বিক্রী হৈছিল৷ ২০২২ চনত দুর্গা পূজাৰ সময়ত গুৱাহাটীত ১৬.৮০ কোটি টকাৰ সুৰা বিক্রী হোৱাৰ বিপৰীতে ২০২৩ চনত ২২.৫০ কোটি টকাৰ সুৰা বিক্রী হৈছিল৷ কিন্তু এই অভিলেখ ভংগ কৰি এইবাৰৰ দুর্গা পূজাত ৩০ কোটি টকাৰ সুৰা বিক্রীৰ উপৰি এমাহৰ ভিতৰতে পুনৰ ৫ কোটি টকাৰ সুৰা বিক্রীয়ে স্বাভাৱিকতে স্পষ্ট কৰি তুলিছে উৎসৱৰ বতৰত সুৰা সেৱনৰ প্রতিযোগিতাক৷ অৱশ্যে বিগত বর্ষত দীপাৱলীত ৬.৮০ কোটি টকাৰ সুৰা বিক্রী হৈছিল৷ আবকাৰী বিভাগৰ তথ্য অনুসৰি চলিত বর্ষৰ মাঘ বিহুত গুৱাহাটীত ১২.৫০ কোটি, নৱবর্ষ উদযাপনত ৮.৫০ কোটি টকাৰ সুৰা বিক্রী হৈছিল৷ লক্ষণীয় দিশটো হ’ল যে শেহতীয়াকৈ আবকাৰী বিভাগে ছেপ্টেম্বৰ মাহৰ পৰা কার্যকৰী হোৱাকৈ বহুকেইটা ব্রেণ্ডৰ সুৰা আৰু বীয়েৰৰ দাম হ্রাস কৰিছে৷ যাৰ বাবে দীপাৱলীৰ দুটা দিনত অভাৱনীয় হাৰত সুৰা বিক্রী হোৱাটো স্বাভাৱিক ঘটনাৰ দৰে হৈ পৰিছে৷ স্মর্তব্য যে যোৱা ২০২৩–২৪ বিত্তীয় বর্ষত সুৰা বিপণীসমূহৰ পৰা সংগৃহীত আবকাৰী ৰাজহৰ পৰিমাণ আছিল ৩,৮১৬ কোটি টকা৷ কার্যতঃ সুৰাপায়ীয়ে ৰাজ্যৰ ৰাজহৰ পৰিমাণ বৃদ্ধিত যে অৰিহণা যোগাইছে সেয়াও ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷