নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ছেভ ভৰলুৰ ‘জাবৰ বোটলো আহক’

🟢ছেভ ভৰলুৰ উদ্যোক্তাসকলে এই কার্যসূচীৰে স্বচ্ছ অভিযানৰ নতুন দৃষ্টান্ত দাঙি ধৰিছেঃ নৰেশ কলিতা

বিশেষ বাৰ্তা, ২০ অক্টোবৰঃ ছেভ ভৰলুৰ ব্যতিক্রমী কার্যসূচী ‘জাবৰ বোটলো আহক’ আজি পুৱা মহানগৰীৰ ৪ স্থানত সফলতাৰে সম্পন্ন কৰা হয়৷ জোনালী, ৰাজগড়, বর্ষাপাৰাৰ ভাস্কৰ নগৰ আৰু কাহিলিপাৰাৰ জনকপুৰত অনুষ্ঠিত উক্ত কার্যসূচীত স্বচ্ছতাৰ লক্ষ্যৰে ওলাই আহে বহুসংখ্যক জ্যেষ্ঠ নাগৰিক৷ জনকপুৰত উক্ত কার্যসূচীৰ শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি তথা বিশিষ্ট লেখিকা মৃণালিনী দেৱীয়ে৷ উদ্বোধনী ভাষণত মৃণালিনী দেৱীয়ে কয় যে গুৱাহাটীখনক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্রত জনসাধাৰণৰ মাজত এতিয়াও প্রয়োজনীয় সজাগতা গঢ়ি উঠা নাই৷ নিজ ঘৰৰ জাবৰ–জোঁথৰ ৰাস্তা–ঘাত, নলা–নর্দমাত পেলাবলৈ বহু লোকে সংকোচ নকৰে৷ ফলত গুৱাহাটীৰ বাট–পথ, নলা–নর্দমা আদি জাবৰেৰে পোত যোৱাৰ ফলত কৃত্রিম বানৰ উদ্ভৱ হয়৷ জাবৰ–জোঁথৰ নিষ্কাশন আৰু স্বচ্ছতা অভিযান ফলপ্রসূ কৰিবলৈ নৱপ্রজন্মৰ মাজত জনসচেতনতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে৷ মহানগৰীখনক স্বচ্ছ কৰি ৰাখিবলৈ ভৰলু বচাওঁ অভিযানে চলোৱা ধাৰাবাহিক পদক্ষেপক আদৰণি জনায় ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাই৷ তেওঁ কয় যে ছেভ ভৰলুৰ উদ্যোক্তাসকলে ‘জাবৰ বোটলো আহক’ ব্যতিক্রমী কার্যসূচীৰে স্বচ্ছ অভিযানৰ নতুন দৃষ্টান্ত দাঙি ধৰিছে৷ এনে কার্যসূচীয়ে স্বচ্ছ অভিযানক গতিশীল কৰাৰ লগতে জনসচেতনতা বৃদ্ধি কৰিব বুলি কলিতাই আশা ব্যক্ত কৰে৷ অনুষ্ঠানত অংশগ্রহণ কৰা স্বেচ্ছাসেৱীসকলে পথৰ জাবৰ বুটলি অঞ্চলটো পৰিষ্কাৰ কৰে৷ জনকপুৰ অঞ্চলত দক্ষিণ জনকপুৰ নাগৰিক সমিতিৰ লগতে বৃহত্তৰ জনকপুৰ অঞ্চলৰ নাগৰিকে সহযোগ কৰে৷ অনুষ্ঠানত ছেভ ভৰলুৰ সভাপতি ডাঃ ৰবীন মজুমদাৰ, সম্পাদক সত্যৰঞ্জন বৰুৱাৰ উপৰি নৱ শর্মা, ধ্রুৱজ্যোতি শহকীয়া, উত্তম কৰ, কৃষ্ণেন্দু ৰয়, ডাঃ গকুল দাস, অমিয় ডেকা, ডাঃ ৰুবী কটকী, ডাঃ মানৱ গোস্বামী, ডাঃ সীমাৰেখা দেৱী, অখিল গোস্বামী, বিকাশ তালুকদাৰ, অতুল বর্মনে কার্যসূচীৰ নেতৃত্ব দিয়ে৷ পর্যটন বিভাগৰ উপ–প্রবন্ধক অনিল ওৰাও বর্ষাপাৰাত ডপস্থিত থাকি ডৎসাহিত কৰে ৷ নদী গুচি নর্দমা হোৱা, মুমূর্ষুপ্রায় ভৰলু নৈৰ পাৰৰ অঞ্চলসমূহৰ লগতে গুৱাহাটী চহৰৰ বিভিন্ন এলেকা আৱর্জনামুক্ত তথা পৰিষ্কাৰ কৰি ৰখাৰ ডদ্দেশ্যে হাতত লোৱা এহ পদক্ষেপত ৰাজগড এলেকাত ২৮নং ৱার্ডৰ কাডঞ্চিলাৰ স্নিগ্ধা দৈমাৰী উপস্থিত থাকে৷ ৰাজগডৰ শ্রীমন্ত শংকৰ কৃষ্টি বিকাশ কেন্দ্র (নামঘৰ)ৰ সন্মুখৰ মুকলি স্থানৰ পৰা আৰম্ভ হোৱা এহ অনুষ্ঠানৰ পৰিচালনা কৰে জ্যেষ্ঠ কার্যবাহী সদস্য ডাঃ গকুল দাস আৰু ডপদেষ্টা অমিয় কুমাৰ ডেকাই৷ যুটীয়া সম্পাদিকা ডাঃ ৰুবী কটকী আৰু কার্যবাহী সদস্য অতুল কুমাৰ বর্মনৰ তত্ত্বাৱধানত আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ হিমচুমি মেধি, বেণুমিথ লেপছা, সুস্মিতা চক্রৱর্তী, মায়ালং কিৰু আৰু বর্ষা আগৰৱালা নামৰ ছয়জনীয়া এটা শিক্ষার্থীৰ দলে কার্যসূচীৰ সফল ৰূপায়ণত অৰিহণা যোগায়৷ স্থানীয় নাগৰিক গিৰীশ কটকী, জুবিলী পায়েং মৰল, অলিভা বৈশ্য পাটগিৰি, গিৰীন মেধি, হৰিশ কটকী আদিয়ে সক্রিয় অংশগ্রহণ কৰে৷ প্রায় পাঁচশ মিটাৰজুৰি পৰিষ্কাৰ কৰা অঞ্চলটোৰ পৰা পৌৰ নিগমৰ জাবৰ কঢ়িওৱা বাহনেৰে আৱর্জনাবোৰ আঁতৰ কৰা হয়৷ স্থানীয় ৰাহজে ছেভ ভৰলু অভিযানৰ সভাপতি ডাঃ ৰবীন মজুমদাৰ আৰু সচিব সত্যৰঞ্জন বৰুৱাৰ নেতৃত্ব আৰু সময়োপযোগী পদক্ষেপৰ শলাগ লয়৷

You might also like