নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যাৱশ্যকীয় সামগ্ৰীত জিএছটি আৰোপ-নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদী-ধৰ্ণা কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ শেহতীয়াভাৱে চৰকাৰে খাদ্যকে ধৰি সকলো অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ ওপৰত জিএছটি আৰোপ কৰা আৰু নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক দলে মহানগৰীৰ গুৱাহাটী ক্লাৱ ৰটাৰী পইন্টত এক প্ৰতিবাদী-ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তিনি শতাধিক দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা এই ধৰ্ণা কাৰ্যসূচীত জিএছটি আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শ্লোগান দি কৰ্মীসকলে আকাশ-বতাহ উত্তাল কৰি তোলে ৷ আজিৰ ধৰ্ণাত অসম তৃণমূল কংগ্ৰেছে জিএছটি আৰোপ কৰা চিৰা , মুৰি , দৈ , গুড় , পনীৰ , চাউল , আটা , আখৈ , পিঠাগুড়ি আদি প্ৰদৰ্শন কৰি এক অভিনৱ আৰু ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত দলৰ সভাপতি ৰিপুণ বৰা, দলৰ মিডিয়া আৰু সামাজিক মাধ্যমৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক ঘনকান্ত চুটীয়া, মেহবুব হুছেইন, শিখা শৰ্মা, ভবানী কলিতা, পাপৰি মালাকাৰকে ধৰি কেইবাজনো ৰাজ্যিক পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে ।

You might also like