নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰ্থীক দুৰ্ব্যৱহাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকক সাময়িকভাৱে  অব্যাহতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ শিক্ষাৰ্থীক দুৰ্বব্যৱহাৰ কৰাৰ অভিযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ ভাৰপ্রাপ্ত পৰীক্ষা নিয়ন্ত্রক ডঃ কন্দর্প শৰ্মাক কৰ্তৃপক্ষই সাময়িকভাৱে অব্যাহতি দিছে। উল্লেখ্য যে পৰীক্ষা নিয়ন্ত্ৰক ডঃ শৰ্মাক অপসাৰণৰ দাবীত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্রতিবাদী কাৰ্যসূচী পালন কৰিছিল। শিক্ষার্থীসকলক পৰীক্ষা নিয়ন্ত্রক কন্দর্প শর্মাই অভব্য ব্যৱহাৰ কৰাৰ অভিযোগত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ সম্মুখত প্রতিবাদ সাব্যস্ত কৰে। স্নাতকোত্তৰ ছাত্র সস্থাৰ আহ্বানমর্মে  ডেৰ শতাধিক ছাত্র-ছাত্রীয়ে উপাচার্যৰ কাৰ্যালয় ঘেৰাও কৰি পৰীক্ষা নিয়ন্ত্রক ডঃ শৰ্মাৰ অপসাৰণৰ দাবীত বিভিন্ন ধ্বনি দি আকাশ-বতাহ মুখৰিত কৰি তোলে। স্নাতকোত্তৰ ছাত্ৰ সন্থাই তাৎক্ষণিকভাবে পৰীক্ষা নিয়ন্ত্রকজনক অপসাৰণ কৰাৰ দাবীত উপাচাৰ্যক এখন স্মাৰক-পত্রও প্রদান কৰে। শ শ প্রতিবাদী শিক্ষাৰ্থীৰ সৈতে বিশ্ববিদ্যালয় কর্তৃপক্ষৰ আলোচনাৰ পাছতেই উপাচার্য অধ্যাপক ননীগোপাল মহন্তই স্নাতকোত্তৰ ছাত্র সন্থাৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত ছাত্র সমাজৰ অভিযোগ তদন্ত কৰিবৰ বাবে এখন উচ্চ পর্যায়ৰ তদন্ত কমিটী গঠনৰ সিদ্ধান্ত লোৱা হলে কমিটীত স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয়, আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ প্রতিনিধিৰ লগতে বিশ্ববিদ্যালয় কর্তৃপক্ষৰ প্রতিনিধিও থাকিব। এসপ্তাহৰ ভিতৰত তদন্ত কমিটীয়ে প্রতিবেদন দাখিল কমিটাৰ পৰামৰ্শ সকলোৱে মানি ল’ব লাগিব। এই উচ্চ পর্যায়ৰ কমিটীখনে তদন্ত কৰি প্রতিবেদন দাখিল নকৰাপর্যন্ত এসপ্তাহলৈ কন্দর্প শর্মাক সাময়িকভাৱে দায়িত্বৰ পৰা অব্যাহতি দিয়া হ’ব বুলি উপাচার্যই প্রতিবাদকাৰী শিক্ষার্থীসকলক প্রতিশ্রুতি দিয়ে। উল্লেখ্য যে ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্রক হিচাপে ডঃ কন্দর্প শর্মাক প্রায় ৬ মাহ পূর্বে নিযুক্তি দিয়া হৈছিল। কিন্তু পৰীক্ষা নিয়ন্ত্রক হিচাপে শিক্ষার্থীসকলক শর্মাই বেয়া ব্যৱহাৰ কৰি আহিছে। সেয়েহে স্নাতকোত্তৰ ছাত্ৰ সন্থাই তেওঁক অপসাৰণ কৰি নতুনকৈ পৰীক্ষা নিয়ন্ত্রক নিযুক্তি দিবৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষক দাবী জনাই আহিছিল। অৱশ্যে এটা সপ্তাহৰ পিছত তেওঁকে পুনৰ পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব দিয়া হব নে নহয় তাক জানিব পৰা হোৱা নাই।
You might also like