নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিপিএলৰে নহয় মিত্রতা নাথাকে প্রমোদ বড়োৰ লগত

পুনৰ সুবিধাবাদী মন্তব্য হাগ্রামাৰ

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ   ক্রমাৎ অধিক ৰহস্যজনক হৈ পৰিছে বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীৰ স্থিতি৷ বি পি এফ দলৰ তিনিওগৰাকী বিধায়কে ইতিমধ্যে বিজেপি বিধায়িনী দলৰ সৈতে মিত্রতাত আবদ্ধ হৈছে৷ তদুপৰি যোৱা সময়ছোৱাত বি পি এফৰ বহু নেতাই বিজেপি অথবা ইউ পি পি এলত যোগদান কৰিছে৷ একেদৰে যোৱা বিধানসভা নির্বাচনত দলটোৰ শোচনীয় বিপর্যয়ৰ পাছত বি পি এফৰ কেন্দ্রীয় উপ–সভাপতি তথা প্রাক্তন মন্ত্রী চন্দন ব্রহ্ম, ৰিহণ দৈমাৰী, প্রমীলাৰাণী ব্রহ্মৰ দৰে জ্যেষ্ঠ নেতাসকলো সম্প্রতি সক্রিয় ৰাজনীতিৰ পৰা আঁতৰি আছে৷ কার্যতঃ বি পি এফ দলৰ স্থিতি এতিয়া তেনেই নিশকটীয়া৷ পিছে নাও বুৰিলেও টিঙৰ পৰা ননমা বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে আজি পুনৰ সুবিধাবাদী চৰিত্র প্রকট কৰিলে৷ আজি গোৰেশ্বৰত এক দলীয় কার্যসূচীত অংশগ্রহণ কৰিবলৈ আহি সংবাদ মাধ্যমৰ আগত কয় যে বর্তমান বি পি এফ দলৰ কাৰো সৈতে মিত্রতা নাই৷ কংগ্রেছ, বিজেপি, অগপকে ধৰি কোনো দলৰ লগতে তেওঁলোকৰ মিত্রতা নাই৷ অহা ২০২৪ চনত লোকসভা নির্বাচন অনুষ্ঠিত হ’ব৷ লোকসভা নির্বাচনত কাৰোবাৰ লগত মিত্রতা হ’ব৷ দলৰ কাৰণে যি দলৰ সৈতে গ’লে ভাল হয়, বি পি এফে সেই দলৰ সৈতে মিত্রতা কৰিব৷ কংগ্রেছ বা বিজেপি কাৰোবাৰ লগত থাকিব লাগিব৷

আনহাতে, বি পি এফ দলৰ ইউ পি পি এলৰ লগত মিত্রতা হোৱাৰ প্রশ্ণই নুঠে বুলি স্পষ্ট কৰি দি মহিলাৰীয়ে কয় যে প্রমোদ বড়োৰ অধীনত বি পি এফ নাথাকে৷ সেইদৰে সমাগত ৰাজ্যসভা নির্বাচনৰ প্রসংগত মহিলাৰীয়ে কয় যে অহা এপ্রিল মাহত ৰাজ্যসভাৰ নির্বাচন অনুষ্ঠিত হ’ব৷ সময়ত বি পি এফে ৰাজ্যসভা নির্বাচন সম্পর্কত নিজৰ স্থিতি আৰু পলিচী গ্রহণ কৰিব৷ বি পি এফৰ তিনিওগৰাকী বিধায়ক বিজেপি বিধায়িনী দলৰ সৈতে মিত্রতা কৰাৰ প্রসংগত মহিলাৰীয়ে কয় যে তেওঁলোক দলীয়ভাৱে নহয়, ব্যক্তিগতভাৱেহে সমষ্টিৰ উন্নয়নৰ স্বার্থত বিধানসভাৰ মজিয়াত শাসক পক্ষৰ লগত মিলি কাম কৰিব৷ তেওঁ নিজেই মুখ্যমন্ত্রীৰ লগত আলোচনা কৰি তেওঁলোকক মুখ্যমন্ত্রীৰ সৈতে সংযুক্ত হৈ সমষ্টিত কাম কৰাৰ পৰামর্শ দিছে৷ ইফালে শান্তি চুক্তি কৰাৰ পাছতো এন ডি এফ বিৰ নেতা–কেডাৰ এতিয়াও জে’লত থকাৰ প্রসংগত মহিলাৰীয়ে কয় যে আলফাৰ অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱা আদিৰো গোচৰ চলি আছে৷ গোচৰ চলি থাকিলেও তেওঁলোক কাৰাগাৰৰ বাহিৰত আছে৷

অনুৰূপ ধৰণে এন ডি এফ বিৰ নেতা–কেডাৰসকলো কাৰাগাৰৰ বাহিৰত থাকিব লাগিছিল৷ গোচৰ চলি থাকক, ৫ বছৰ, ২০ বছৰ, গোচৰ চলি থাকক৷ কিন্তু তেওঁলোক কাৰাগাৰৰ বাহিৰত থাকিব লাগিছিল৷ কি কাৰণত শান্তি চুক্তি কৰাৰ পাছতো এন ডি এফ বিৰ নেতা–কেডাৰ কাৰাগাৰত থাকিবলগীয়া হৈছে, সেই বিষয়ে প্রমোদ বড়ো, গোবিন্দ বসুমতাৰীয়েহে জানিব বুলি মন্তব্য কৰি শান্তি চুক্তি কৰাৰ পাছত পৃথিৱীৰ ক’তো নেতা–কেডাৰ জে’লত থকা তেওঁ দেখা নাই বুলি কটাক্ষ কৰে৷ সেইদৰে তামুলপুৰ জিলা সৃষ্টিৰ প্রসংগত তেওঁ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জনাই কয় যে গোসাঁইগাঁও আৰু ভেৰগাঁৱতো জিলা গঠন কৰিব লাগে৷ তামুলপুৰ জিলা হোৱাৰ পাছত এতিয়া গোৰেশ্বৰ মহকুমা হ’ব লাগে৷ গোসাঁইগাঁও জিলা হ’লে কচুগাঁৱত এটা মহকুমা, ভেৰগাঁও জিলা হ’লে ডিমাকুছিত এটা মহকুমা হ’ব লাগে বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে যিমানেই জিলা আৰু মহকুমা গঠন হ’ব, সিমানেই অঞ্চলটোৰ উন্নয়ন হ’ব৷

You might also like