নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ বছৰীয়া অপশাসনৰ পৰা হাগ্ৰামাই শিক্ষা নল’লে : প্ৰমোদ বড়ো

🔴অচিৰেই বিটিআৰ বিপিএফশূন্য হ’ব

🔴চিৰাঙৰ নিচিমাত ইউপিপিএলৰ বিশাল জনসভা-যোগদান কার্যসূচী

🔴বিটিআৰ আক্রাছুৰ সভাপতি সমীৰণ সিংহৰ ইউপিপিএলত যোগদান

নিয়মীয়া বার্তা, ৪ ডিচেম্বৰঃ চিৰাং জিলাৰ ভূটান সীমান্তৱর্তী নিচিমাত ইউপিপিএলে আজি এক বিশাল জনসভা আৰু যোগদান কার্যসূচী ৰূপায়ণ কৰে৷ আজিৰ জনসভাত বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে বিপিএফক তীব্র সমালোচনা কৰাৰ লগতে বিটিআৰত বর্তমানে শান্তি, নিৰাপত্তা আৰু উন্নয়ন সুনিশ্চিত হোৱা বুলি দাবী কৰে৷ প্রমোদ বড়োৱে নিজৰ ভাষণত মূলতঃ বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামাৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ তেওঁ কয় যে হাগ্রামা মহিলাৰীয়ে যি দমনমূলক নীতিৰে বিগত ১৭ বছৰে অপশাসন চলাইছিল, তাৰ পৰা তেওঁৰ কোনো শিক্ষা নহ’ল৷ তেওঁ স্বেচ্ছাচাৰী স্বভাৱৰ পৰা নিজকে সংশোধন নকৰিলে, যাৰ ফলত অতিষ্ঠ হৈ দলে দলে ৰাইজ আহি ইউপিপিএলত যোগদান কৰিবলৈ লৈছে৷ ৰাইজে বিচৰা ধৰণে পৰিৱর্তন, শান্তি, উন্নয়ন, নিৰাপত্তা বিগত তিনিটা বছৰত দেখিবলৈ পাইছে, যাৰ ফলত দলটিৰ প্রতি ৰাইজ অধিক আকৃষ্ট হৈছে৷ আনহাতে বিপিএফৰ নেতা হাগ্রামাই ইউপিপিএলে লক্ষ্যত উপনীত হোৱাত ব্যর্থ হোৱা বুলি কৰা অভিযোগৰ সম্পর্কত তেওঁ কয় যে ইউপিপিএলৰ লক্ষ্য সম্পর্কে বিপিএফে একো নাজানে৷ হাগ্রামাৰ অপপ্রচাৰক কটাক্ষ কৰি কয় যে দলটোৰ তিনিটা প্রধান লক্ষ্য বিটিআৰত শান্তি স্থাপন কৰা, নিৰাপত্তা সুনিশ্চিত কৰা আৰু সমন্বয় গঢ়ি তোলাৰ ক্ষেত্রত ইউপিপিএল অতি কম সময়ৰ ভিতৰতে সফল হৈছে৷ তেওঁ লগতে কয় যে বিপিএফে আধৰুৱাকৈ নির্মাণ কৰা ঘৰ ইউপিপিএলে সম্পূর্ণ কৰিছে, নতুনকৈ গৃহ নির্মাণ কৰিছে, ৪ হাজাৰৰো অধিক নিবনুৱাক এক পইচাও নোলোৱাকৈ চাকৰি দিছে, আত্মসহায়ক গোট, কৃষকক উৎসাহিত কৰিবলৈ বিভিন্ন আঁচনি গ্রহণ কৰিছে, ইঞ্জিনীয়াৰিং, মেডিকেলৰ নামভর্তি তথা প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়া প্রশিক্ষণৰ ব্যৱস্থা কৰিছে৷ আনহাতে ২০২৪ চনলৈকে শিক্ষক নিযুক্তিকে ধৰি বিদ্যালয়সূহৰ আন্তঃগাঁথনিৰ সকলো সমস্যা সমাধান কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ ইপিনে, হাগ্রামা মহিলাৰীয়ে সমাজ গঠনৰ সলনি সমাজ ধ্বংসৰ নীতি গ্রহণ কৰা বুলি উল্লেখ কৰি তেওঁ নিজৰ দলৰ সদস্যকে নতুনকৈ যোগদান কৰা দেখুৱাই নাটক কৰা বুলি মন্তব্য কৰে৷ অচিৰেই বিটিআৰ বিপিএফশূন্য হ’ব বুলিও প্রমোদ বড়োই দাবী কৰে৷ আনহাতে চাৰি ৰাজ্যত মিত্রদলৰ সফলতা সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি বড়োৱে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এফালে যেনেকৈ ভাৰতক বিশ্বগুৰু হিচাপে গঢ়ি তোলাৰ লক্ষ্য কৰি লৈছে আৰু আনহাতে দেশৰ শেষৰজন দৰিদ্র লোককো আগুৱাই নিবলৈ প্রয়াস কৰিছে৷ বিশ সহস্র লোকৰ উপস্থিতিত অনুষ্ঠিত এই জনসভাত ১,৭৫০জন লোকে ইউপিপিএলত যোগদান কৰে৷ ইয়াৰ ভিতৰত বিপিএফৰ সদস্যই অধিকাংশ বুলি উদ্যোক্তাসকলে দাবী কৰে৷ উল্লেখ্য যে বিটিআৰ আক্রাছুৰ সভাপতি সমীৰণ সিংহয়ো আজি আনুষ্ঠানিকভাৱে ইডপিপিএলত যোগদান কৰে৷ অনুষ্ঠানৰ পূর্বে প্রমোদ বড়োৱে নিচিমা অঞ্চলত এক কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা এটা ৰাস্তা মুকলি কৰাৰ লগতে কেইবাখনো আঁচনিৰ আধাৰশিলাও স্থাপন কৰে৷ ভূটান সীমান্তৱর্তী অঞ্চলৰ মাডৰীয়াত আজি বড়োৱে ৩০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিবলগীয়া এখন জলসিঞ্চন আঁচনিৰো আধাৰশিলা স্থাপন কৰে, যাৰ জৰিয়তে ২৫খন গাঁৱৰ ৫ হাজাৰ মানুহ উপকৃত হ’ব৷ চিৰাং জিলাৰ এই পিছপৰা অঞ্চলটোত ৯০ কোটি টকাৰ আঁচনি ৰূপায়ণ কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে৷ সভাত বক্তব্য দি বিটিচিৰ বন বিভাগৰ কার্যকৰী সদস্য ৰঞ্জিত বসুমতাৰীয়ে বিগত তিনিটা বছৰত ৮৬ হাজাৰ লোকক ভূমি পট্টা দিয়া হৈছে বুলি দাবী কৰে৷ আজিৰ সভাত চিডলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচিৰ ইএম ধনঞ্জয় বসুমতাৰী, এমচিএলএ মাধৱ চন্দ্র চেত্রী, ইউপিপিএলৰ কেন্দ্রীয় সাধাৰণ সম্পাদক ৰাজু নার্জাৰী, চিৰাং জিলা ইউপিপিএলৰ সভাপতি নির্মল কুমাৰ ব্রহ্ম উপস্থিত থাকে৷

প্ৰেৰক বিপুল দাস

You might also like