নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰে আমাৰ ওপৰে ওপৰেহে মিত্রতা আছে, ভিতৰত নাই: হাগ্রামা

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ  অহা বিধানসভা নির্বাচনৰ পূর্বে বিজেপিৰে মিত্রতা ছেদৰ বাবে একপ্রকাৰ সাজু হৈছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল৷ বিটিআৰ চুক্তি স্বাক্ষৰৰ পিছত বিজেপিৰ বাবে ক্রমাৎ বিপিএফ এলাগী হৈ পৰাৰ পৰিপ্রেক্ষিততে দল দুটাৰ মাজত বৃদ্ধি পাইছে ব্যৱধান৷ আনকি বিপিএফৰ উপর্যুপৰি অনুৰোধৰ পিছতো বিটিচি নির্বাচনত বিজেপিয়ে মিত্র দলটোৰ সৈতে নির্বাচনী মিত্রতাৰ পৰা আঁতৰি থকা, অঞ্চলটোত ৰাজ্যপালৰ শাসন প্রৱর্তন, প্রতিদ্বন্দ্বী ইউপিপিএলৰ অভিযোগক অধিক গুৰুত্ব প্রদান আদি কার্যৰ বাবেই বিজেপিৰ প্রতি সাংঘাতিক ধৰণে নাৰাজ হৈ পৰিছে বিপিএফ৷ শেহতীয়াকৈ বিপিএফৰ সভাপতি তথা প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ ভাষ্যতেই প্রকাশ পাইছে তেওঁলোক বিজেপিৰ প্রতি মোহভংগ হোৱাৰ স্পষ্ট ছবিখন৷ সংবাদ মাধ্যমৰ আগত মহিলাৰীয়ে প্রকাশ কৰা অনুসৰি আজিৰ তাৰিখত কেন্দ্র আৰু দিছপুৰত বিজেপিৰ সৈতে বিপিএফৰ মিত্রতা আছে৷ কিন্তু এই মিত্রতা ওপৰে ওপৰেহে আছে৷ ভিতৰত নাই৷ ২০২১ চনত হ’বলগীয়া বিধানসভা নির্বাচনত বিপিএফে কাৰ সৈতে মিত্রতা কৰিব সেয়া বিটিচি নির্বাচনৰ পিছতহে ঠিক কৰিব৷ মহিলাৰীৰ স্পষ্ট কথা– ‘এই মুহূর্তত ২০২১ক লৈ মই একো নকওঁ৷ বিটিচি নির্বাচনৰ পিছত চিন্তা কৰিম৷ বিপিএফে বিটিচিৰ ১৫টা বিধানসভা সমষ্টিত প্রার্থিত্ব আগবঢ়াব৷’

এই প্রসংগত বিপিএফৰ এক সূত্রই জানিবলৈ দিয়া মতে, ২০২১ৰ বিধানসভা নির্বাচনত দলটোৱে প্রার্থিত্ব প্রদান কৰিবলগীয়া ১৫টা সমষ্টি হৈছে– গোসাঁইগাঁও, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, গৌৰীপুৰ, চিদলী, বিজনী, সৰভোগ, ভৱানীপুৰ, তামুলপুৰ, বৰমা, চাপাগুৰি, পানেৰী, কলাইগাঁও, ওদালগুৰি আৰু মাজবাট৷ বর্তমান উক্ত সমষ্টিকেইটাৰ ১২টা বিপিএফৰ দখলত থকাৰ বিপৰীতে সৰভোগ সমষ্টিটো বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু ভৱানীপুৰ, গৌৰীপুৰ সমষ্টি এআইইউডিএফৰ দখলত আছে৷ আনহাতে ৰাষ্ট্রীয় দল বিজেপিয়ে বিপিএফৰ দৰে ক্ষুদ্র আঞ্চলিক দল ধ্বংস কৰাৰ ষড়যন্ত্র কৰাৰো তেওঁ গুৰুতৰ অভিযোগ কৰি কয় যে তেওঁ থকালৈকে বিপিএফক ধ্বংস কৰিব নোৱাৰে৷ বিটিচি নির্বাচনত বিজেপিয়ে বিপিএফৰ সৈতে মিত্রতা নাই বুলি কৰা মন্তব্য সম্পর্কত মহিলাৰীয়ে কয় যে ইয়াত বিপিএফৰ একো ক’বলগীয়া নাই৷ তেওঁলোক ডাঙৰ দল আৰু বিপিএফ সৰু দল৷ কিন্তু বিপিএফে মিত্রতাৰ ধর্ম অক্ষুণ্ণ ৰাখি বিজেপিক দুটা আৰু অগপক এটা পৰিষদীয় সমষ্টি এৰি দিছে৷ এতিয়া বিজেপিয়ে যদি মিত্রতা নাই বুলি ভাবে, তেতিয়া হ’লে বিজেপিয়ে সেই দুটা পৰিষদীয় সমষ্টিতো জয়লাভ কৰিব নোৱাৰিব৷ বিপিএফে অকলেই বিটিচি নির্বাচনত যুঁজিব আৰু পুনৰ বিটিচিৰ শাসনভাৰ দখল কৰিব৷

মহিলাৰীয়ে আৰু কয় যে বিজেপিয়ে বিপিএফৰ ওপৰত বহু দিনৰ পৰা অত্যাচাৰ কৰি আহিছে৷ অৱশ্যে আজি চাৰি মাহমান ধৰি তেওঁ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগত কোনো বৈঠকত মিলিত হোৱা নাই৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকো একো কোৱা নাই৷ তেওঁ সম্পূর্ণ চুপ–চাপ হৈ বহি আছে৷ এই সময়ছোৱাত তেওঁৰ ওপৰত যথেষ্ট অত্যাচাৰ চলিছে৷ পত্নীৰ গাড়ীৰ ওপৰত শিলাবর্ষণ চলিছে৷ দুসপ্তাহমান আগেয়ে তেওঁৰ পত্নীৰ নামত থকা ‘ষ্ট’ন ক্রেচাৰ’ৰ কাগজ–পাতি বিচাৰি হাৰাশাস্তি কৰিছে৷ বেংকৰ পৰা ঋণ লৈ সম্পূর্ণ নীতি–নিয়মেৰে পত্নীয়ে ‘ষ্ট’ন ক্রেচাৰ’ৰ কাম চলাই আহিছে৷ তাত কোনো দুই নম্বৰী নাই৷ তথাপি হাৰাশাস্তি চলাইছে একমাত্র তেওঁক ৰাজনৈতিকভাৱে ধ্বংস কৰাৰ বাবে৷ বিটিচিত বর্তমান হীৰা শৰণীয়া, বিজেপি, ইউপিপিএল সকলো একগোট হৈ আছে৷ কিন্তু যিয়েই নকৰক, বিটিচি নির্বাচনত বিপিএফে ২৫টা পৰিষদীয় সমষ্টি লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিবই৷ তাত কোনো সন্দেহ নাই৷ তেওঁ আৰু অভিযোগ কৰি কয় যে বর্তমান অঞ্চলটোত এনে অৱস্থা হৈছে, বিপিএফে কিবা অভিযোগ কৰিলে গ্রহণ নকৰে৷ অথচ ইউপিপিএল আদিয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দিলে লগে লগে গ্রহণ কৰে৷ ঠায়ে ঠায়ে বিপিএফৰ ঠিকাদাৰ, কর্মীৰ ওপৰতো ভয়–ভাবুকি প্রদান কৰা হৈছে৷ আনহাতে বিটিচি নির্বাচনৰ বাবে অঞ্চলটোত ৪–৫ মাহ ধৰি নির্বাচনী আচৰণবিধি বলৱৎ হৈ থকাত আশ্চর্য প্রকাশ কৰি মহিলাৰীয়ে কয় যে সুদীর্ঘ ৪–৫ মাহ ধৰি ক’তো নির্বাচনী আচৰণবিধি বলৱৎ হৈ থকা দেখা নাই৷

যদি নির্বাচন পলমকৈ অনুষ্ঠিত হয়, তেতিয়া হ’লে আচৰণবিধি সদ্যহতে প্রত্যাহাৰ কৰি পৰৱর্তী পর্যায়ত যেতিয়া নির্বাচন অনুষ্ঠিত কৰিব, তেতিয়া নতুনকৈ অধিসূচনা জাৰি কৰিব পাৰিলেহেঁতেন৷ এতিয়া নির্বাচনী আচৰণবিধি থকাৰ বাবে তেওঁ বানপানীৰো খবৰ ল’ব নোৱাৰা অৱস্থা হৈছে৷ তেওঁ ক’ৰবাত ওলালেই ক’ৰোনা আৰু নির্বাচনী আচৰণবিধিৰ প্রসংগ জাপি দিয়া হয়৷ এনেদৰে তেওঁৰ ওপৰত ‘ডবল’ বাধা নিষেধ জাপি দিয়া হৈছে৷ সেইদৰে অখিল গগৈৰ মুক্তিৰ প্রসংগতো মহিলাৰীয়ে কয় যে নির্বাচনৰ আগত অখিল মুকলি হৈ অহাৰ সম্ভাৱনা নাই৷ কাৰণ অখিল গগৈ মুকলি হৈ আহিলে বিজেপিৰ ক্ষতি হ’ব৷ মহিলাৰীয়ে লগতে বিটিচি চুক্তি অনুসৰি বিগত সময়ছোৱাত পাবলগীয়া ধন বিটিচিয়ে অসম চৰকাৰৰ পৰা লাভ নকৰাৰ গুৰুতৰ অভিযোগ কৰি কয় যে চুক্তিখনত জনগাঁথনি অনুসৰি ৰাজ্যিক বাজেটৰ ১২.১৯ শতাংশ ধন বিটিচিয়ে পাব লাগে৷ কিন্তু বিগত সময়ছোৱাত ৬–৭ শতাংশহে পুঁজি লাভ কৰি আহিছে৷ তাৰ বাবেই অঞ্চলটোত যিধৰণে পৰিৱর্তন আহিব লাগিছিল, সেইদৰে পৰিৱর্তন সাধন সম্ভৱ নহ’ল৷ বিপিএফৰ সভাপতিগৰাকীৰ এই সামগ্রিক ভাষ্যই তেওঁলোকৰ যে বিজেপিৰ প্রতি সাংঘাতিক মোহভংগ ঘটিছে, তাৰেই স্পষ্ট প্রতিফলন ঘটাইছে৷ ইপিনে, কোকৰাঝাৰৰ নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াই বিজেপি আৰু ইউপিপিএলৰ মিত্রতা চূড়ান্ত হৈছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ সংবাদ মাধ্যমৰ আগত সাংসদ শৰণীয়াই প্রকাশ কৰা অনুসৰি এই বুজাবুজিৰ ফলত তেওঁলোকৰ একো লাভ নহয়৷ ইউপিপিএলৰ আসনৰ সংখ্যা এইবাৰ পূর্বৰ ৭খনৰ পৰা ৫খনলৈ হ্রাসহে পাব বুলি ক্ষেত্রভিত্তিক অধ্যয়নৰ পৰা তেওঁলোকে জানিব পাৰিছে৷ বিটিআৰ চুক্তিক লৈ প্রথমতে বড়ো জনসাধাৰণ উৎসাহিত হৈছিল যদিও ক্রমাৎ ৰাইজৰ মোহভংগ ঘটিছে৷ বিটিআৰ চুক্তিক লৈ বড়ো জনগোষ্ঠীক প্রতাৰণা কৰা বুলিহে তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰিছে৷ তদুপৰি অবড়ো জনসাধাৰণেও বুজি উঠিছে বিটিচিতকৈ বিটিআৰ চুক্তিখন অধিক ভয়ানক চুক্তি৷

You might also like