🔹 আমছুৰ কেন্দ্ৰীয় উপ-সভাপতিসহ সহস্ৰাধিকৰ বিপিএফত যোগদান
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিজৰ নিজৰ ভেটি মজবুত কৰাত উঠি-পৰি লাগিছে বিভিন্ন ৰাজনৈতিক দল। এই ক্ষেত্ৰত পিছপৰি থকা নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলো । লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও আজি গোসাঁইগাঁৱত বিশাল জনসমাগমেৰে নিৰ্বাচনী ৰণডংকা বজালে বিপিএফৰ মুৰব্বী তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷ বিশ সহস্ৰাধিক লোকৰ উপস্থিতিত হাগ্ৰামা মহিলাৰীয়ে ইউ পি পি এল দলক আক্ৰমণ কৰি কয় যে ইউ পি পি এল দলে মহিলাসকলক ঠগাই আছে ৷ ইউ পি পি এলৰ সভা-সমিতিত মহিলাসকলক ঠগোৱাৰ প্ৰশিক্ষণ দিয়া হয় ৷ লোকসভা নিৰ্বাচনত দুয়োটা সমষ্টিতে বিপিএফ দল জয়ী হ’ব বুলি দাবী কৰে আৰু ইয়াৰ এজনে দিল্লীত মন্ত্ৰিত্ব লাভ কৰিব ৷ তাৰ পাছত বিটিচিত এনেই চৰকাৰ হ’ব ৷ চৰকাৰ গঠন হ’লে বিটিচিত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ সকলো সমস্যা সমাধানৰ গেৰান্টী দিয়ে হাগ্ৰামা মহিলাৰীয়ে ৷ সভাত আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ৰফিকুল ইছলামৰ লগতে আমছুৰ কেইবাগৰাকী সক্ৰিয় নেতাসহ সহস্ৰাধিক পুৰুষ-মহিলাই বিপিএফ দলত যোগদান কৰে ৷ নতুনকৈ যোগদান কৰা সদস্যসকলক মহিলাৰীয়ে দলীয় প্ৰতীকেৰে আদৰণি জনাই লোকসভা নিৰ্বাচনত বিপিএফৰ জয় নিশ্চিত বুলি দাবী কৰে ৷ আজিৰ সভাত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ লগতে উপ-সভাপতি খাম্পা বৰগয়াৰী, বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিপিএফৰ কোচ ৰাজবংশী কোষৰ সাধাৰণ সম্পাদক দ্বিপন অধিকাৰী, বক্তাৰ আলী, যুৱ বিপিএফৰ কোকৰাঝাৰ জিলা সভাপতি তথা দোতমা সমষ্টিৰ এমচিএলএ প্ৰকাশ বসুমতাৰীও উপস্থিত থাকে ।
প্ৰেৰক কৃষ্ণ বৰ্মন