নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ আজি ফলাফল ঘোষিত চতুর্থ বিটিচি নির্বাচনত বহু ৰথী–মহাৰথী ৰণত পৰিল৷ বিটিচিত একেৰাহে তিনিটাকৈ কার্যকাল শাসনত অধিষ্ঠিত হৈ থকা বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে এইবাৰ দেৱৰগাঁও আৰু কচুগাঁৱৰ পৰা দুটাকৈ পৰিষদীয় সমষ্টিৰ পৰা নির্বাচনত অৱতীর্ণ হয়৷ ভোটগণনা আৰম্ভ হোৱাৰ মুহূর্তৰ পৰাই দুয়োটা সমষ্টিতে মহিলাৰী এইবাৰ ইউ পি পি এলৰ পৰা প্রবল প্রত্যাহ্বানৰ সন্মুখীন হয়৷ তীব্র প্রত্যাহ্বানৰ পাছত দেৱৰগাঁৱত মহিলাৰীয়ে জয়ৰ মুখ দেখে যদিও আনটো সমষ্টি কচুগাঁৱত পৰাজয়বৰণ কৰে৷ সেইদৰে বি পি এফৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা প্রাক্তন উপ–মুখ্য কার্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে চিৰাংদুৱাৰ সমষ্টিত পৰাজয়বৰণ কৰে৷ প্রতিদ্বন্দ্বী ইউ পি পি এলৰ ৰঞ্জিত বসুমতাৰী তথা এন ডি এফ বিৰ প্রাক্তন নেতা বি ফেৰেংগাৰ হাতত তেওঁ পৰাস্ত হয়৷ সেইদৰে ইউ পি পি এল দলৰ উপ–সভাপতি তথা বিটিচিৰ প্রাক্তন বিৰোধী দলপতি ৰণগৌৰা নার্জাৰী এইবাৰ নির্বাচনত পৰাস্ত হয়৷ কাজলগাঁও পৰিষদীয় সমষ্টিত বি পি এফৰ জ্যেষ্ঠ নেতা তথা বিটিচি পৰিষদৰ প্রাক্তন অধ্যক্ষ পানীৰাম ব্রহ্মই এইবাৰ ৰণগৌৰা নার্জাৰীক পৰাস্ত কৰে৷ সেইদৰে বি পি এফৰ আন এগৰাকী জ্যেষ্ঠ নেতা ত্রিদিব দৈমাৰী এইবাৰ পৰাস্ত হৈছে৷ হৰিশিঙা সমষ্টিৰ ইউ পি পি এলৰ প্রার্থী সঞ্জয় স্বর্গীয়াৰীৰ হাতত বি পি এফৰ দৈমাৰী পৰাস্ত হয়৷ আনহাতে, চিৰাং সমষ্টিত ইউ পি পি এলৰ কেন্দ্রীয় সাধাৰণ সম্পাদক তথা বিটিচিৰ পূর্বৰ এম চি এল এ মাউতি ব্রহ্ম হাজোৱাৰীও এইবাৰ নির্বাচনত পৰাস্ত হয়৷ তদুপৰি শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিত পৰাজিত হৈছে বিপিএফৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন কার্যবাহী সদস্য গণেশ কছাৰী৷