নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাবি-ধমকিৰে বিটিআৰত শাসন কৰিছিল হাগ্ৰামাই : প্ৰমোদ বড়ো

গোসাঁইগাঁৱত ইউ পি পি এলৰ জনসভা
দুটা পৰিষদীয় সমষ্টিৰ ৩৫৬৯জনৰ যোগদান

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ সোতৰ বছৰীয়া কাৰ্যকালত কৰিব নোৱাৰা কাম মাত্ৰ তিনি বছৰত ইউ পি পি এল দলে কৰি দেখুৱালে৷ কেৱল সুতা-কম্বল, ডাবি-ধমকিৰে সোতৰ বছৰ শাসন কৰা বিপিএফ চৰকাৰে বিটিচি এলেকাত শান্তি, নিৰাপত্তা, সমন্বয় আৰু গণতান্ত্ৰিক বাতাবৰণ আনিব পৰা নাছিল৷বিগত তিনিটা নিৰ্বাচনত ভয়-ভীতি প্ৰদৰ্শন কৰি ৰাইজৰ ভোটেৰে নিৰ্বাচিত হোৱা চৰকাৰখনে লাহ-বিলাহত জীৱন কটাই শোষণ, দমন আৰু দাদাগিৰি দেখুৱাই সময়বোৰ পাৰ কৰিলে৷ সেই সময়ত বিটিচি এলেকাৰ ধনী মানুহখিনিয়ে গুৱাহাটী-শিলিগুৰীলৈ গুচি গ’ল৷ কিন্তু ইউ পি পি এল দল চৰকাৰত অহাৰ পিছতে এলেকাত শান্তি, নিৰাপত্তা আৰু গণতান্ত্ৰিক পৰিবেশ ঘুৰি আহিছে৷এই বক্তব্য বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ৷ গোসাঁইগাঁও সদৰ চহৰৰ উত্তৰপাৰাৰ গান্ধী নগৰ পথাৰত গুমা আৰু শৰাইবিল পৰিষদীয় সমষ্টিৰ উদ্যোগত আয়োজিত জনসভা তথা যোগদান সমাৰোহত অংশ গ্ৰহন কৰি ভাষণত বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কয়, বিগত সময়ত এটা জাতিইে আনটো জাতিক অবিশ্বাস কৰিছিল, এটা জাতিৰ লোকে আনটো জনগোষ্ঠী এলেকাত যাবলৈ ভয় কৰিছিল৷ তিনিটা বছৰত সেই পৰিবেশ নাইকিয়া হৈছে৷এতিয়া প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত বিশ্বাস, সমন্বয় সৃষ্টি হৈছে৷মাত্ৰ এটা বাৰ ইউ পি পি এল দলক ৰাইজে ভোট দি শাসনভাৰ দিয়াৰ পিছতে শোষণ, লুণ্ঠন আৰু দুৰ্নীতিৰ অৱসান ঘটাই শান্তি আৰু উন্নয়ন আৰম্ভ হল৷ কিন্তু পুনৰ সেই সকলক ৰাইজে ক্ষমতাত বহুৱালে আকৌ সমাজত অশান্তি ঘুৰি আহিব৷ এই সময়ত বিটিআৰত বসবাস কৰা ৩৫ লাখ লোকৰ শান্তি, সম্প্ৰীতি আৰু নিৰাপত্তাৰ হকে কাম কৰা বিটিচিৰ উন্নয়নৰ স্বাৰ্থত ইউ পি পি এল দলৰ প্ৰাৰ্থীক অভিলেখ সংখ্যক ভোটত জয়ী কৰোৱাই কেন্দ্ৰত তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শাসনত বহুৱাবলৈ আহ্বান জনায়৷ এনেকি বক্তব্যত তেখেতে বিটিআৰ এলেকাত ভুমিৰ সমস্যা, লক্ষাধিক লোকক মাটি পট্টা, আৱাস গৃহ নিৰ্মান, চল্লিশ সমষ্টিত প্ৰেক্ষাগৃহ নিৰ্মান, প্ৰতিটো ভিচিডিচিত জ্ঞান কেন্দ্ৰ, মহিলা, প্ৰসুতি মাতৃ, শিক্ষক সহ বিভিন্ন বিভাগত নিযুক্তি আদিকে ধৰি চৰকাৰী আঁচনিৰ ওপৰত বক্তব্য দিয়ে৷বক্তব্যত তেখেতে বিটিআৰবাসীৰ মাজত শান্তি, নিৰাপত্তা আৰু ঐক্যতা প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি লৈ কাম কৰা বিটিআৰ পৰিষদীয় চৰকাৰে এই ক্ষেত্ৰত এশ শতাংশ সফল হৈছে বুলি দাবী কৰে৷ আনহাতে ৰাজ্য সভাৰ সাংসদ তথা দলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে বিটিচিৰ শান্তি-সম্প্ৰীতি, উন্নয়ন, কেন্দ্ৰ, ৰাজ্য আৰু বিটিআৰ পৰিষদীয় চৰকাৰে বিশেষকৈ মহিলা সবলীকৰণৰ ওপৰত লোৱা বিভিন্ন আঁচনিৰ ওপৰত বক্তব্য দিয়ে৷একেদৰে বিটিচিৰ অপশক্তিৰ, গোষ্ঠী সংঘৰ্ষ সহ বিগত চৰকাৰৰ সময়ত সংঘটিত হোৱা অনিয়মৰ বিৰুদ্ধে ৰাইজক থিয় হবলৈ দলৰ উপ সভাপতি আফজাল হক সৰকাৰে সকলোকে আহ্বান জনায়৷ স্থানীয় বিধায়ক জিৰন বসুমতাৰীয়ে প্ৰদান কৰা আদৰণি ভাষণত পূৰ্বৰ চৰকাৰৰ আপশাসন, দুৰ্নীতি, হত্যা-হিংসা ওপৰত বক্তব্য দি কেন্দ্ৰী, ৰাজ্য আৰু বিটিচি চৰকাৰৰ আঁচনিৰ ওপৰত ভাষণ দিয়ে৷ তদুপৰি গণ সমাবেশত মহিলা কোষৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্মইয়ো মহিলাৰ সবলীকৰণ, মহিলাৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক উত্থান, মহিলাৰ উন্নয়নৰ বাবে চৰকাৰে লোৱা আঁচনিৰ ওপৰত ভাষণ দিয়ে৷গণ সমাবেশত মহকুমাৰ ৫নং শৰাইবিল আৰু ২নং গুমা সমষ্টিৰ ৩৫৬৯গৰাকী লোকে উই পি পি এলত যোগদান কৰে৷আজি নতুনকৈ যোগদান কৰা সকলক আৰণাই আৰু দলীয় পতাকাৰে আদৰণি জনায়৷অৱশ্যে নতুনকৈ দলত যোগদান কৰা সকলৰ ভিতৰত অধিকাংশই মহিলা৷আজিৰ গণ সমাৱেশত ইউ পি পি এল সম্পাদক সোমনাথ নাৰ্জাৰীয়ে সভা পৰিচালনা আৰু অতিথিসকলৰ পৰিচয় পৰ্বৰ আঁত ধৰে৷সমাবেশত কেইবাসহস্ৰ ৰাইজৰ উপৰি কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ডাঃ নিলুৎ স্বৰ্গয়াৰী, ইউলছন হাছদা, পাৰিষদ মাধৱ ছেত্ৰী, প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্ম, সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, মহিলা কোষৰ সম্পাদিকা মুৰ্শিদা বেগম ,যুব সমাজ কৰ্মী চন্দন বসুমাতাৰীৰ উপৰি ইউ পি পি এলৰ শীৰ্ষ পৰ্যায়ৰ নেতা নেত্ৰী, জিলা সমিতিৰ নেতা-নেত্ৰী, ব্লক কমিটিৰ বহুকেইগৰাকী নেতা নেত্ৰী উপস্থিত থকাৰ লগতে প্ৰায় পাঁচ সহস্ৰাধিক লোক সভাত উপস্থিত থাকে ৷

প্ৰেৰক মীৰ জীয়াউৰ ৰহমান

You might also like