নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ নাও বুৰিলেও টিঙৰ পৰা নানামে বি পি এফপ্রধান হাগ্রামা মহিলাৰী৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে আজি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ (বিটিচি) বিধানসভাত সম্পন্ন হোৱা আস্থা ভোটত পৰাজিত হোৱাৰ পাছত পুনৰ আইনৰ কাষ চপাৰ হুংকাৰ দি মহিলাৰীয়ে বি পি এফেই পৰিষদীয় চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে৷ অকল সেয়াই নহয়, আজি বিটিচি বিধানসভাত আস্থা ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত নোহোৱা বুলিও দাবী কৰিছে মহিলাৰীয়ে৷ বিটিচি বিধানসভা চৌহদত সংবাদ মাধ্যমেৰে হোৱা বার্তালাপত প্র’টেম অধ্যক্ষ কাতিৰাম বড়ো আৰু ইউ পি পি এল–বিজেপি–জি এছ পিৰ ভূমিকাক চোকা সমালোচনা কৰি বি পি এফৰ সভাপতিজনে কয়– তেওঁলোকে (ইউ পি পি এল–বিজেপি–জি এছ পি) অধ্যক্ষ বাছনি কৰাৰ কথা কৈছিল৷ কিন্তু আমি তাৰ বিৰোধিতা কৰিছোঁ৷ কাৰণ চৰকাৰেই হোৱা নাই, কেনেকৈ অধ্যক্ষ বাছনি হ’ব৷ প্রথমতে সংখ্যাগৰিষ্ঠতা দেখাব লাগিব৷ যিয়ে সংখ্যাগৰিষ্ঠতা দেখাব পাৰে, সিয়ে অধ্যক্ষ আৰু উপাধ্যক্ষ বাছনি কৰিব৷ আমি কৈছিলোঁ– প্র’টেম অধ্যক্ষৰ যোগেদি আগতেই ফ্ল’ৰ টেষ্ট হ’ব লাগে৷ কিন্তু প্র’টেম অধ্যক্ষই আমাৰ কথা মনা নাই৷ শেষত সদনত কি হ’ল, কি নহ’ল আমি গমেই নাপালোঁ৷ প্র’টেম অধ্যক্ষই চকী এৰি গুচি গ’ল৷ সেইদৰে ইউ পি পি এল আৰু বিজেপিৰ সদস্যসকলেও গুচি গ’ল৷ আমি প্রার্থিত্বই প্রদান কৰিব নোৱাৰিলোঁ৷ কেনেকৈ কি হৈছে, আমি একো গম পোৱা নাই৷ আমি এতিয়াও সদনৰ ভিতৰতে আছোঁ, যোৱা নাই৷ আমি আশাবাদী– প্র’টেম অধ্যক্ষৰ যোগেদি যি আস্থা ভোট হ’ব লাগে, সেইটো হওক৷ যেতিয়া ফ্ল’ৰ টেষ্টৰ কথা হৈছে, তেতিয়া আমি হাত দঙাৰ প্রক্রিয়া নালাগে বুলি বিৰোধ কৰিছোঁ৷ আমাক লাগে গোপন বেলট৷ কিন্তু আমাৰ কথা মনা নাই৷ এতিয়া আমি আইনগতভাৱে যাবই লাগিব৷ আমি হাইক’টলৈ যাম৷ ইয়াক প্রত্যাহ্বান জনাব লাগিব৷ চৰকাৰ আমি বনামেই৷ প্র’টেম অধ্যক্ষ কাতিৰাম বড়োৱে আৰম্ভণিৰে পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ নামানি ভুল কৰাৰো তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
এই সন্দর্ভত মহিলাৰীয়ে কয়– প্র’টেম অধ্যক্ষই সদনলৈ অহাত আমি সকলোৱে থিয় হৈ তেওঁক সন্মান জনাইছিলোঁ৷ তেওঁ আমাক বহিব দিলে আৰু নিজেও বহিল৷ আমি বহি থকা সময়তে ৰাষ্ট্রীয় সংগীত বজাই দিলে৷ যাৰ বাবে পুনৰ থিয় হ’ব লগা হ’ল৷ প্র’টেম অধ্যক্ষই এইটো কৰিব নালাগিছিল৷ আমি প্রথমতে থিয় হৈ থাকোঁতেই ৰাষ্ট্রীয় সংগীত বজাব লাগিছিল৷ তদুপৰি পাৰিষদসকলৰ শপতগ্রহণ প্রক্রিয়া নামৰ আদ্য আখৰ অনুযায়ী হ’ব লাগিছিল৷ কিন্তু সেইবোৰ নহ’ল৷ প্র’টেম অধ্যক্ষই মুখ্য কার্যবাহী সদস্য, উপ–মুখ্য কার্যবাহী সদস্য–কার্যবাহী সদস্যসকলৰ পৰা শপতগ্রহণ প্রক্রিয়া আৰম্ভ কৰিলে৷ সেয়েহে আমি আইনী পথত যাম, যাবই লাগিব৷ ইয়াত কোনো চিন্তা নাই৷ ইতিমধ্যে প্র’টেম অধ্যক্ষ কাতিৰাম বড়োৱে আস্থা ভোটগ্রহণ প্রক্রিয়া সম্পন্ন হোৱাৰ কথা ঘোষণা কৰাৰ বিষয়ে সাংবাদিকে উনুকিয়াই দিয়াত তেওঁ তাৎক্ষণিকভাৱে সেয়া নস্যাৎ কৰে৷ সেই সন্দর্ভত মহিলাৰীৰ স্পষ্ট মন্তব্য আছিল এনেধৰণৰ– নাই নাই, হোৱা নাই, কেনেকৈ ঘোষণা কৰিব৷ সদনৰ ভিতৰতো কোৱা নাই৷ আমিতো শুনা নাই৷ নিজে বনাই ল’লে হ’ব নেকি৷ প্র’টেম অধ্যক্ষই সদন স্থগিত কৰি গ’ল, আমি সেইটোও নাজানো৷ গোটেই প্রক্রিয়াটো অসম্পূর্ণ কৰি তেওঁ গুচি গ’ল৷ সদনৰ কার্যক্রমণিকা শেষেই হোৱা নাই আৰু কার্যসূচী আছে৷ মুঠতে আমি গোটেই প্রক্রিয়াটোৰ ওপৰত, বিশেষকৈ আজি প্র’টেম অধ্যক্ষই যিখিনি কৰিলে, আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম৷ বি পি এফে কিমান দিনৰ ভিতৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি সাংবাদিকে প্রশ্ণ কৰাত মহিলাৰীয়ে এইবিলাক কথা নুসুধিবলৈ আহ্বান জনায়৷ তেওঁ কেৱল এইক্ষেত্রত উচ্চ ন্যায়ালয়ৰ দোহাই দিয়ে৷