নিয়মীয়া বাৰ্তা ২৩ জুনঃ হাজোৰ এক নং মনাহকুছি গাঁৱত এগৰাকী কিশোৰীক ধর্ষণৰ চেষ্টা চলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ধর্ষণৰ চেষ্টা কৰা ৫৮বছৰীয়া লম্পট লোকজন হ’ল হাজো আৰক্ষী থানাৰ অন্তর্গত এক নং মনাহকুছি গাঁৱৰ ৰত্নেশ্বৰ দাস৷ কিশোৰীগৰাকীয়ে দেওবাৰে সন্ধিয়া প্রায় ৭বজাত নিজ ঘৰৰ সমীপৰ এখন দোকানলৈ প্রয়োজনীয় বস্তু কিনিবলৈ গৈছিল৷ দোকানলৈ গৈ থকা পথত বিপৰীত দিশৰ পৰা অহা লম্পট ৰত্নেশ্বৰ দাসে কিশোৰীগৰাকীক সুযোগ বুজি পথৰ দাঁতিত থকা জংঘলৰ মাজলৈ ডাংকোলাকৈ লৈ যায়৷ দাসে কিশোৰীগৰাকীক ধর্ষণৰ চেষ্টা কৰে৷ ভয়তে কিশোৰীগৰাকীয়ে চিঞৰ–বাখৰ কৰে৷ চিঞৰ–বাখৰ শুনি কেইজনমান বাটৰুৱাই ঘটনাস্থলীলৈ দৌৰি গৈ কিশোৰীগৰাকীক কোনোমতে উদ্ধাৰ কৰে৷ সেই সময়তে আন্ধাৰৰ সুযোগ বুজি লম্পট ৰত্নেশ্বৰ দাসে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ ইফালে, নিজ ঘৰলৈ আহি কিশোৰীগৰাকীয়ে ঘটনাৰ আদ্যপান্ত মাতৃক বিৱৰি কোৱাৰ পাছত ইকাণ–সিকাণকৈ ঘটনাটো গাঁওখনত সদৰী হৈ পৰে৷ এই সন্দর্ভত কিশোৰীগৰাকীৰ পৰিয়ালে প্রদান কৰা এজাহাৰৰ ভিত্তিত হাজো আৰক্ষীয়ে লম্পট ৰত্নেশ্বৰ দাসৰ বিৰুদ্ধে ৫৯৪/২০ নম্বৰত এক গোচৰ ৰুজু কৰে৷ হাজো আৰক্ষীয়ে লম্পট ৰত্নেশ্বৰ দাসক গ্রেপ্তাৰ কৰি সোমবাৰে দুপৰীয়া হাজো আদালতত হাজিৰ কৰায়৷ আদালতে তেওঁক জে’ল–হাজোতলৈ প্রেৰণ কৰে৷