নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ নলবাৰীৰ বাঁহজানীত তৈয়াৰ হোৱা জাপি উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰত উজলি উঠাত সৰ্বত্ৰ আনন্দৰ বন্যা। উল্লেখ্য বাঁহজানীৰ তিলানা, বালামুগকুছি, বাঁহজানী সীমান্তবৰ্তী তেৰেছিয়া, সুতাৰকুছি, জাপাৰকুছি, কৰ্দৈতোলা, দীঘেলীকে ধৰি কেইবাখনো গাঁৱত অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক জাপি তৈয়াৰ কৰা হয়। প্ৰধানতঃ জাপি তৈয়াৰ কৰি জীৱন সংগ্ৰাম চলোৱাৰ হস্তশিল্পীসকলে গ্ৰাম্য অৰ্থনীতিৰ ওপৰত কিছু হলেও প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। কিন্তু এই জাপি তৈয়াৰ কৰা হস্তশিল্পী সকল স্বাস্থ্য, শিক্ষা, বিশুদ্ধ খোৱাপানীৰ ক্ষেত্ৰত বহু পৰিমাণে বঞ্চিত হৈ থকাৰ লগতে অঞ্চলটোৰ বাট পথৰো তথৈবচ অৱস্থা। তাৰ মাজতে জাপি উদ্যোগতো জীয়াই ৰাখিছে। তিলানাৰ বিশিষ্ট সমাজকৰ্মী মিন্টু তামুলী, যুৱ নেতা নিহাৰ ভৰালী জনোৱা মতে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰত বাঁহজানীৰ জাপি উজলি উঠা বিষয়টো আজি অৱগত হোৱাত তিলানাৰ হস্তশিল্পী হৰেকৃষ্ণ তামুলী, অৰবিন্দ কলিতা, প্ৰমোদ ভৰালী,নকুল তামুলী, ধনো তামুলী, গিৰিশ বেজবৰুৱা, চজিনা বেজবৰুৱা, পবিন বেজবৰুৱা, বিপুল বেজবৰুৱা, দ্বীপেন কলিতা,পনোৰাম কলিতা, ৰমণী তামুলী, সন্ত কলিতা, পুতুল দাস, ৰজনী কলিতা, পুতুল কলিতা, নাৰায়ন ডেকা, গৌতম কলিতা, ভূপেন কলিতা, নৃপেন তামুলী, ভবেশ কলিতা, জয়ন্ত কলিতা, মুকুত তামুলী, মহিলা শিল্পী ভদ্ৰেশ্বৰী দাস, বালামুগকুছিৰ বিপিন বৈশ্য,তপন বৈশ্য, দীপক বৈশ্য, মহেশ বৈশ্য, অশ্বিনী বৈশ্য, হিৰণ্য বেজবৰুৱা, তিলক বেজবৰুৱা, হিতেশ্বৰ বৈশ্য,সন্তোষ কলিতা, বুবুল কলিতা, খগেন কলিতা, চুমন বেজবৰুৱা, কৰ্দৈতোলাৰ মোহন কলিতা,তেৰেছিয়াৰ উপেন কলিতা, ফনীন্দ্ৰ কলিতা, হৰেণ ভৰালী, ললিত কলিতা, উমেশ কলিতা, চিৰধৰ ডেকা, প্ৰদীপ ভৰালী, হেমন্ত ডেকা, খৰ্গেশ্বৰ কলিতা, ৰূপেন কলিতা, ৰত্নশ্বৰ কলিতা, শুক্লেশ্বৰ কলিতা, কনক কলিতা, গোপী মজুমদাৰ, অনাদি কলিতা, দীঘেলীৰ ধৰ্মেশ্বৰ কলিতা, জাপাৰকুছিৰ প্ৰকাশ কলিতাসহ বহুসংখ্যক শিল্পী আনন্দ প্ৰকাশ কৰে আৰু চৰকাৰক জাপি উদ্যোগৰ উন্নতি কৰাৰ বাবে আহ্বান জনায়। অৱশ্যে প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাপি তৈয়াৰ কৰা হস্তশিল্পীসকলক বিগত দিনত এটি সাহায্য প্ৰদান কৰিছিল যদিও সেয়াই জাপি উদ্যোগ জীয়াই ৰখাৰ স্বাৰ্থত যথেষ্ট নহয় বুলিও শিল্পী সকলে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা