নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্পৰেট গোষ্ঠীৰ হাতলৈ ৰাজ্যৰ সকলো পাৰঘাট! ১০০% ভাৰা বৃদ্ধিৰ বিৰোধিতা মাজুলীৰ দল-সংগঠনৰ

বিশেষ বাৰ্তা,  ১৫ ছেপ্টেম্বৰ:  ২০১৬ চনৰ পৰা লেচীৰাজৰ অন্ত পৰাৰ পাছত যোৰহাট-মাজুলী জলপথটো আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰত্যক্ষ নিয়ন্ত্ৰনলৈ আহিছিল। লাহে লাহে চৰকাৰী জাহাজ, ৰ’ ৰ’, ৰ-পেক্স ইত্যাদি অত্যাধুনিক ফেৰী সংযোজনেৰে যোৰহাট-মাজুলী পাৰ ঘাট দুটা কিছুদিন নিয়াৰিকৈ চলা পৰিলক্ষিত হৈছিল। কিন্তু লাহে লাহে পুনৰ আভ্যন্তৰীণ জল পৰিবহণৰ একাংশ বিষয়াৰ চক্ৰান্তত জলপথটোত একক ইঞ্জিনযুক্ত ব্যক্তিগত ফেৰীৰ আধিপত্য বৃদ্ধি পাবলৈ আৰম্ভ কৰে। তাৰেই পৰিণতিত যোৱা বৰ্ষৰ ৮ ছেপ্টেম্বৰত নিমাতিত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাত তিনিগৰাকীকৈ সম্ভৱনাপূৰ্ণ মানৱ সম্পদ হেৰুৱাব লগা হৈছিল অসমবাসীয়ে। লগে লগে অসমবাসীৰ দাবী আৰু মাজুলীবাসীৰ ব্যাপক প্ৰতিবাদৰ পিছত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজেই দুবাৰকৈ উপস্থিত থাকি যোৰহাট-মাজুলী পাৰঘাটটোৰ সংস্কাৰ আৰু পৰিৱৰ্তন সাধনৰ উদ্দেশ্যে কেতবোৰ কঠোৰ নীতি-নিয়ম আভ্যন্তৰীণ জল পৰিবহন নামৰ বিভাগটোৰ ওপৰত জাৰি কৰিছিল আৰু ব্যক্তিগত একক ইঞ্জিনৰ ফেৰীৰ ঠাইত চৰকাৰী ফেৰী চলোৱাৰ পোষকতা কৰিছিল আৰু কেইবাখনো চৰকাৰী জাহাজ আৰু পূৰ্বতে সংযোজন ঘটা ৰ-পেক্স কেইখনো চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু তাৰ পিছতো আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অধীনৰ যোৰহাট-মাজুলী সংযোগী কমলাবাৰী আৰু অফলামূখ ঘাটৰ ফেৰী যাতায়তৰ বেমেজালিৰ কেতিয়াও অন্ত নপৰিল। কেতিয়াবা ইঞ্জিন বিকল, কেতিয়াবা তেলৰ অভাৱ আকৌ কেতিয়াবা কৰ্মচাৰীৰ দৰমহাৰ নিদিয়াৰ প্ৰতিবাদত ফেৰী চলাচল বন্ধ ইত্যাদি বোৰ হৈয়েই আহিছে আৰু তাৰ ফল ভোগ কৰিছে আহিছে মাজুলীৰ সাধাৰণ যাত্ৰীয়ে। কালিও অফলামূখ ফেৰী ঘাটত চলাচল কৰা ৰ-পেক্স দুখনৰ লগতে মুঠ ৫ খন জাহাজৰ কৰ্মচাৰীয়ে পাঁচ মাহে ডলফিন নামৰ কোম্পানীয়ে দৰমহা নিয়াৰ প্ৰতিবাদত ফেৰী কেইখন বন্ধ ৰখাত মাজুলীৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। সেইদৰে আজিও অফলামূখ ফেৰী ঘাটৰ ৰ-পেক্স সেৱা বন্ধ হৈ থাকে। প্ৰথম কুঁৱলীৰ অজুহাত ৮ বজাৰ ৰ’প্রেক্স জাহাজখন চলাব নোৱাৰো বুলি কোৱা পাছত জাহাজ খন পৰবৰ্তী  ৯.৩০ বজাত বেটাৰী চার্জ নথকা অজুহাত দেখাই ৰ’প্রেক্সৰ পৰা যাত্ৰী আৰু বাহন সমূহ নমাই দি যাত্ৰীসকলক বিমোৰত পেলোৱা পৰিলক্ষিত হল। মাজুলী নিমাতী মাজত চলাচল কৰা জাহাজ সমূহত দৈনিক কিবা নহয় কিবা আজুহাততে বন্ধ কৰি দিয়াৰ ফলত হাৰাশাস্তি সন্মুখীন হৈছে মাজুলীৰ যাত্ৰী।ইফালে আজি ফেৰী ভাড়া বৃদ্ধিক লৈ ৰাজহুৱা শুনানিৰ বাবে মাজুলীত উপস্থিত হোৱা আভ্যন্তৰীণ জল পৰিবহনৰ ৰেগুলেটৰী অথৰিটিৰ অধ্যক্ষ বিবেকানন্দ ফুকনে কৰ্মচাৰীক দৰমহা নিদিয়াৰ ফলতেই যে ফেৰী চলাচল বন্ধ হৈ থাকিবলগীয়া হোৱা বিষয়ত অজ্ঞতাহে প্ৰকাশ কৰে। ইয়াৰ বিপৰীতে শুনানিৰ মাজতে আভ্যন্তৰীণ জল পৰিবহনৰ অধ্যক্ষ ফুকনে নদী পথৰ যাতায়াত অচিৰেই  ব্যক্তিগতকৰণ হ’ব আৰু ইয়াক কোম্পানীয়ে নিয়ন্ত্ৰণ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এই ঘোষণাই আভ্যন্তৰীণ জল পৰিবহন বিভাগে যে ৰাজ্যৰ পাৰঘাট সমূহ চলোৱাৰ ক্ষেত্ৰত একপ্ৰকাৰে হাত দাঙিলে বুলিয়েই কব পাৰি। ইফালে আজি ফেৰী ভাড়া বৃদ্ধিক লৈ আভ্যন্তৰীণ জল পৰিবহন বিভাগে মাজুলীৰ গড়মূৰস্থিত আৱৰ্ত ভৱনত আয়োজন কৰে ৰাজহুৱা শুনানিৰ। শুনানিত উপস্থিত থকা আই ডব্লিউ টিৰ ৰেগুলেটৰী অথৰিটিৰ অধ্যক্ষ বিবেকানন্দ ফুকনৰ সন্মুখত মাজুলীৰ ৫টাকৈ দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে বহুকেইজনে ব্যক্তিগত ভাৱে ৰাজহুৱা শুনানিত অংশগ্ৰহণ কৰে।মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱাৰ ক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহন বিভাগে যি ১০০% ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছে  সেই সিদ্ধান্তক মাজুলীৰ সকলো দল সংগঠন, ব্যক্তিয়ে  বিৰোধিতা কৰে। আজি মাজুলীৰ ৰাইজৰ মতামত লবলৈ অহা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ৰেগুলেটৰী অথৰিটিৰ অধ্যক্ষ গৰাকীৰ আগত দাঙি ধৰা মতামত সমুহ হ’ল ক্ৰমে কোনো কাৰণতে ভাড়া বৃদ্ধি মানি নোলোৱা,ভাড়া বৃদ্ধিৰ ফলত মাজুলীত অত্যাধিক হাৰত মূল্যবৃদ্ধি হ’ব, মাজুলীৰ পৰা যোৰহাটৰ অভিমুখে পুৱা ৭ বজাত জাহাজৰ ব্যৱস্হা কৰা,অত্যাধুনিক ৰেম্পৰ ব্যৱস্হা কৰা, বৰ্তমানৰ অনলাইন টিকটৰ ব্যৱস্থাত ৰি’ফাণ্ডৰ ব্যৱস্থা কৰা, পাৰঘাট ব্যক্তিগতকৰণৰ বিৰোধীতা, যোৰহাট অথবা মাজুলীত এটা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সম্পূৰ্ণ পৰ্য্যায়ৰ কাৰ্য্যালয়ৰ নিৰ্মাণ কৰা,যাত্ৰী সকলৰ বাবে ঘাটৰ পাৰত বহিব পৰাকৈ জিৰণি চ’ৰা লগতে প্ৰসাৱগাৰ নিৰ্মাণ কৰা , সুধাকণ্ঠ জাহাজখন কাৰ গাফিলতিৰ কাৰণে নৈ বুকুত জাহ গ’ল তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰা,অনলাইন টিকত কৰা পাছত ফেৰী বন্ধ হ’লে এছ এম এছৰ জড়িয়তে যাত্ৰী সকলক অৱগত কৰা,অত্যাধুনিক ৰাতি চলাচল কৰিব পৰাকৈ জাহাজৰ ব্যৱস্থা কৰা ইত্যাদি মতামতসমূহ দাঙি ধৰে।
প্ৰেৰক জীৱন বৰুৱা
You might also like