নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ নে পুখুৰী, ঢকুৱাখনাৰ পথে জীয়াতু ভোগাইছে ৰাইজক

নিয়মীয়া বাৰ্তা, ২১জুনঃ ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত মাতমৰা গাঁও পঞ্চায়তৰ এটা বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে মাতমৰা পঞ্চায়তৰ একাংশ জনতাক। প্ৰায় দুই কিলোমিটাৰ পৰ্যন্ত একাঁঠু বোকা গচকি দৈনিক সহস্ৰাধিক লোকে অহা-যোৱা কৰিব লগা হৈছে উক্ত বিধ্বস্ত পথটোৰে। পথাৰৰ বোকাসদৃশ পথটোৰ দুৰৱস্থাৰ বাবে বৃহত্তৰ অঞ্চলটোত প্ৰৱেশ কৰিব নোৱাৰা হৈছে চাইকেলৰ পৰা আৰম্ভ কৰি চাৰিচকীয়া পৰ্যন্ত কোনো যান-বাহন। পঞ্চায়তখনৰ সদাব্যস্ত এই পথটো এতিয়া এটা পথ নে পুখুৰী একো ধৰিব নোৱাৰি। উল্লেখ্য যে ঢকুৱাখনা টেকেলিফুটা সংযোগী পথৰ পৰা সৰ্বোদয় হাইস্কুললৈকে প্ৰায় দুই কিলোমিটাৰৰ দৈৰ্ঘ্যৰ পথটো স্বাধীনতাৰ পাছৰে পৰা আজি পৰ্য্যন্ত পকীকৰণ নোহোৱাত যাতায়াতৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। বাৰিষাৰ কথা বাদেই, মাত্ৰ এজাক বৰষুণ দিলেই এই পথছোৱা বোকাময় হৈ পৰে। স্থানীয় অঞ্চলবাসীৰ অভিযোগ অনুসৰি বহু বছৰ ধৰি এইছোৱা পথৰ দুৰৱস্থাই অঞ্চলবাসীক তিক্ততা দি আহিছে। পথটোৰে গাড়ী-বাইক চলাই যোৱাটো দূৰৈৰ কথা, সেই পথেৰে খোজকাঢ়ি যাবলৈও চিন্তা কৰিব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে। এজাক সাধাৰণ বৰষুণতেই বিধ্বস্ত হৈ পৰা এই পথেৰেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰী, ৰোগী আদিৰ লগতে বিভিন্ন ব্যৱসায়-বাণিজ্যৰ লগত জড়িত ব্যক্তিয়ে এনেদৰেই দৈনিক বোকা-পানী গচকি যোগাযোগ, যাতায়াত অব্যাহত ৰাখিছে বহিঃজগতৰ সৈতে ৷ এজাক বৰষুণ দিলেই পথটো বোকাময় হৈ পৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে স্কুল-কলেজলৈ যোৱাত বাধাৰ সৃষ্টি হৈছে। উল্লেখ্য যে অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ বিশেষকৈ সৰ্বোদয় হাইস্কুল, সৰ্বোদয় ছোৱালী হাইস্কুল, নামনি আমলখি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰি ব্ৰহ্মপুত্ৰ কলেজ, ঢকুৱাখনা টাউন হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে বাৰিষা কালত বোকাময় আৰু খৰালি কালত ধূলিময় পথটোৰে নিতৌ অহা-যোৱা কৰিবলগীয়া হৈছে। মহকুমা সদৰ ঢকুৱাখনালৈও প্ৰশাসনিক, ব্যৱসায়িক কাম-কাজৰ বাবে নিতৌ এই পথটোৰেই আহিবলগীয়া হয় ব্যৱসায়ী তথা সাধাৰণ জনতা। পথটোৰ উন্নয়ন তথা মেৰামতিৰ বাবে স্থানীয় পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়কক বহুবাৰ আবেদন-নিবেদন জনাই অহাৰ পিছতো আজি পৰ্যন্ত কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৰাইজে ৷ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আজিৰ দিনতো এনেদৰে বিধ্বস্ত পথেৰে অব্যাহত ৰাখিছে যাতায়াত ৷ প্ৰতিটো নিৰ্বাচনৰ সময়ত বৃহত্তৰ অঞ্চলটোলৈ বোকা-পানী গচকি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰে ৰাইজৰ ভোট আদায় কৰে যদিও জয়ী হোৱাৰ পিছতে পাহৰি যায় ৰাইজক দিয়া প্ৰতিশ্ৰুতি। এনেক্ষেত্ৰত স্থানীয় লোকৰ দাবী- শীঘ্ৰে পথটো পকীকৰণৰ ব্যৱস্থা কৰি ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰি সাধাৰণ নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰক ৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like