নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন-পুৰণি সতীর্থৰ মিলনভূমিত পৰিণত ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয় বাকৰি

নিয়মীয়া বার্তা, ১ নৱেম্বৰঃ ‘মহাবিদ্যালয়ৰ প্ৰবক্তাসকলক মাথো পাঠদানতেই দায়িত্ব শেষ নকৰি ছাত্ৰ-ছাত্ৰী সকলক ভবিষ্যত জীৱন সংগ্ৰামত পথ পদৰ্শক হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।’ -এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। বুধবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিক্ষাৰ ধাৰণাটোকে সলনি কৰিছে বুলি উল্লেখ কৰি নতুন শিক্ষা নীতিত বহুমুখী পাঠ্যক্ৰম হ’ব যাৰ বাবে আমাৰ বিজ্ঞান, বাণিজ্য আৰু কলা শাখাৰ মাজত থকা বাধাৰ প্ৰাচীৰ খন ভাঙি দিয়া হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত শিক্ষামন্ত্ৰী গৰাকীয়ে লগতে কয়, মহাবিদ্যালয় খনে ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰাৰ পাছত অহা ৫০ বছৰৰ বাবে সুস্থ পৰিকল্পনা আৰু শক্তিশালী পথ নিৰ্দেশনাৰে মহাবিদ্যালয়খন আগবঢ়াই নিয়াৰ প্ৰস্তুতি চলাব লাগিব। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰে মহাবিদ্যালয়খনৰ শৈক্ষিক দিশটো গঢ়ি নতুন শিক্ষা নীতিৰ খুটা পুতিব লাগিব।আনহাতে সৰ্বভাৰতীয় পৰ্যায়ত বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰি মন্ত্ৰীগৰাকীয়ে কয়, কেন্দ্ৰীয় বিশ্ববিদ্যালয় সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ আমাৰ ছাত্ৰ-ছাত্ৰীসকলক গঢ় দিব লাগিব।ইয়াৰ আগতে আজি পুৱা ৰূপালী জয়ন্তীৰ দ্বিতীয় দিনা কাৰ্যসূচী আৰম্ভ হয় বৰ্ণাঢ্য শোভাযাত্ৰাৰে।নিৰ্ধাৰিত সময়ৰ কিছু পলমকৈ এক উখল মাখল পৰিৱেশত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী অসীম কুমাৰ শৰ্মাই।প্ৰতিকূল বতৰকো নেওচি এই সাংস্কৃতিক শোভাযাত্ৰাত অংশ ল’লে মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু ন-পুৰণি ছাত্ৰ-ছাত্ৰীয়ে।গায়ন বায়ন, ঝুমুৰ, বৰ যাত্ৰী দল, চাহ জনগোষ্ঠী, সেউজ সংৰক্ষণ, তিৱা সংস্কৃতি, সাত ভনী, ৰাস লীলা, জাতীয় কৃষ্টি-সংস্কৃতি, পৰম্পৰা, বীৰত্ব, বৰেণ্য ব্যক্তি,আদি বিভিন্ন বিষয় বস্তু সন্নিবিষ্ট বৰ্ণিল শোভাযাত্ৰা মহাবিদ্যালয় প্ৰাংগণৰ পৰা ওলাই গোবিন্দপুৰ চাৰিআলি, গোৱালগাওঁ তিনিআলি,আমগুৰি আদি অঞ্চল পৰিভ্ৰমণ কৰে। প্ৰায় ৫ কিলোমিটাৰ জুৰি পৰিভ্ৰমন কৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰাত হাজাৰৰো অধিক ন-পুৰণি প্ৰশিক্ষাৰ্থীসকলৰ লগতে প্রশিক্ষক, কৰ্মচাৰী, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষী ৰাইজে অংশগ্ৰহণ কৰে। দৃষ্টিনন্দন শোভাযাত্রা এপলক হ’লেও চাই ৰয় বাটৰুৱাই। বিয়লি অনুষ্ঠিত হয় প্ৰয়াত অম্বেশ্বৰ দত্তবৰা আৰু প্ৰয়াত দেৱেন দত্ত স্মাৰক বক্তৃতানুষ্ঠান।মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীৰ এটি বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা বক্তৃতানুষ্ঠানত উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ব শাসিত)ৰ শৈক্ষিক সমন্বয়ক বাণী কোঁৱৰ, শিশু শিক্ষা সমিতি,অসমৰ সচিব সদা দত্তই বৃহত্তৰ হাৰ্হি অঞ্চলৰ ইতিহাস,শৈক্ষিক আৰু সামাজিক দিশৰ ওপৰত মননশীল বক্তব্য প্ৰদান কৰে। ন-পুৰণি সতীর্থৰ মিলনভূমিত পৰিণত হোৱা মহাবিদ্যালয়ৰ বাকৰিত বিয়লিলৈ অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠান।ঢকুৱাখনা মহাবিদ্যালয়(স্বায়ত্ব শাসিত)ৰ সহযোগী অধ্যাপক সেৱক চন্দ্ৰ চুতীয়াৰ সঞ্চলনাত অনুষ্ঠিত হোৱা অন্তৰংগ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰি অসমৰ ভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা কেইবাশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মহাবিদ্যালয় প্ৰাংগনত উপস্থিত হৈ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰা পৰিলক্ষিত হয়।এই অনুষ্ঠানতে মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন বিষয়ববীয়াসকলক সম্বৰ্ধনা জনোৱা হয়।সন্ধিয়ালৈ প্ৰয়াত বিজয় কোঁচৰ সোঁৱৰণত মহাবিদ্যালয়ৰ প্ৰাক্তন আৰু অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বাৰেহনীয়া সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ পৰে মহাবিদ্যালয়ৰ বাকৰি।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like