নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুখন মেচৰ পৰা নির্বাসিত অধিনায়িকা হৰমনপ্রীত

বিশেষ বাৰ্তা, ২৫ জুলাই : অধিক কঠোৰ শাস্তিৰ সন্মুখীন হৈছে হৰমনপ্রীত কৌৰ৷ বাংলাদেশৰ বিৰুদ্ধে ষ্টাম্প ভাঙি মেচ আম্পায়াৰৰ সৈতে দুর্ব্যৱহাৰ কৰাৰ বাবে ভাৰতীয় অধিনায়কগৰাকীক দুখন মেচৰ পৰা নির্বাসিত কৰিছে আই চি চিয়ে৷ ইতিমধ্যে তেওঁক তিনিটা ডিমেৰিট পইণ্ট দিছে আই চি চিয়ে৷ এই নির্বাসনৰ ফলত এছিয়ান গেমছৰ কোৱার্টাৰ ফাইনেল আৰু ছেমিফাইনেল খেলিব নোৱাৰিব হৰমনপ্রীতে৷ ভাৰতে প্রতিযোগিতাখনত ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰিলেহে চূড়ান্ত মেচত খেলিব পাৰিব তেওঁ৷ উল্লেখ্য যে বাংলাদেশৰ বিৰুদ্ধে এখন মেচত আউট হোৱাৰ পিছত বেটেৰে উইকেট ভাঙি পেলাইছিল হৰমনপ্রীতে৷ পিছত পুৰস্কাৰ বিতৰণী অনুষ্ঠানত প্রকাশ্যে আম্পায়াৰক সমালোচনা কৰে ভাৰতীয় অধিনায়কগৰাকীয়ে৷ ইয়াৰ ফলত তেওঁৰ ৭৫ শতাংশ মেচ ফী কাটি নিয়াৰ লগতে আৰু দুটা ডিমেৰিট পইণ্ট দিয়া হয়৷ ফলত এখন টেষ্ট অথবা দুখন এদিনীয়া নাইবা টি–২০ মেচৰ পৰা নির্বাসিত হয় হৰমনপ্রীত৷ মেচৰ প্রতিবেদন বাংলাদেশ ক্রিকেট ব’ড আৰু আই চি চিৰ ওচৰত জমা দিছিল মেচ ৰেফাৰীয়ে৷ সেই প্রতিবেদন পর্যবেক্ষণ কৰি হৰমনপ্রীতৰ শাস্তি বৃদ্ধি কৰে ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে৷ আই চি চিৰ নিয়ম অনুসৰি কোনো ক্রিকেটাৰে যদি ২৪ মাহৰ ভিতৰত চাৰিটা ডিমেৰিট পইণ্ট পায়, তেনেহ’লে তেওঁক এখন টেষ্ট অথবা দুখন এদিনীয়া মেচ নাইবা দুখন টি–২০ মেচৰ বাবে নির্বাসিত কৰা হয়৷ সেই শাস্তিৰ আওতাত পৰে ভাৰতীয় মহিলা দলৰ অধিনায়কগৰাকী৷ উল্লেখ্য যে ভাৰতীয় দলটোৱে পৰৱর্তী মেচ এছিয়ান গেমছত খেলিব৷ আই চি চিৰ ৰেংকিং অনুসৰি প্রতিযোগিতাৰ কোৱার্টাৰ ফাইনেলত খেলিব ভাৰতে৷ অর্থাৎ তাৰ পূর্বে হৰমনপ্রীতক শাস্তি দিয়াৰ ফলত কোৱার্টাৰ আৰু ছেমিফাইনেলত খেলিব নোৱৰাটো নিশ্চিত হ’ল৷

You might also like