নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহুৰূপী হাছিনাক লৈ লখিমপুৰৰ ভিন্ন প্রান্তত আৰক্ষীৰ অভিযান

🔹 হাছিনাৰ বাসগৃহৰ পৰা নকল সোণসহ নগদ ধন উদ্ধাৰ

নিয়মীয়া বার্তা, ১১ আগষ্ট : আৰক্ষীৰ নাম লৈ ধন সংগ্রহ কৰি ৰঙাঘৰৰ আলহী হোৱা বহুৰূপী হাছিনা বেগমৰ পৰা বিস্ফোৰক তথ্য লাভ কৰিছে লখিমপুৰ আৰক্ষীয়ে৷ কালি হাছিনা বেগমক গ্রেপ্তাৰ কৰাৰ পিছতে আজি পুৱা লখিমপুৰ আৰক্ষীয়ে হাছিনাৰ বাসগৃহত অভিযান চলায়৷ হাছিনাক লগত লৈ আৰক্ষীয়ে চলোৱা অভিযানত হাছিনাৰ বাসগৃহৰ পৰা জব্দ কৰে নকল সোণৰ লগতে নগদ ধন৷ লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাৰ নেতৃত্বত বিহপুৰীয়া আৰু বঙালমৰা আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত দুখন নকল সোণৰ নাও, দুটুকুৰা নকল সোণ আৰু নগদ ৫,৩১০ টকা জব্দ কৰে আৰক্ষীয়ে৷ বিহপুৰীয়া আৰক্ষীৰ পৰা জানিব পৰা মতে, অভিযানকালত উদ্ধাৰ হোৱা নকল সোণখিনি হাছিনাৰ ভাতৃৰ শোৱনী কোঠাৰ পৰা জব্দ কৰা হৈছে৷ হাছিনাৰ ভাতৃয়ে আৰক্ষীৰ দলটো যোৱাৰ উমান পাই পলায়ন কৰে৷ স্থানীয় বহু লোকে সন্দেহ কৰা মতে, হাছিনাই অতি গোপনে সমগ্র ৰাজ্যত নকল সোণৰ এখন বৃহৎ জাল তৈয়াৰ কৰি ইয়াৰ ৰমৰমীয়া বেহা চলাই গৈছিল৷ ইপিনে, আৰক্ষীয়ে বিগত সময়ত হাছিনাৰ সৈতে হোৱা লেনদেনৰ পৰীক্ষা–নিৰীক্ষা কৰিছে৷ ধনৰ লেনদেনৰ পৰীক্ষা কৰাৰ পিছত নকল সোণৰ বেহাৰ লগত জড়িত বৃহৎ গেংটোক আটক কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে৷ আনহাতে, আজি দিনটোত হাছিনাক লগত লৈ বিহপুৰীয়া, নাওবৈচা, লালুক আৰক্ষীৰ বৃহৎ দলে অভিযান অব্যাহত ৰাখিছে৷ বর্তমানলৈকে আৰক্ষীয়ে হাছিনা সন্দর্ভত বিশেষ তথ্য ৰাজহুৱা কৰা নাই যদিও হাছিনাৰ পৰা বঙালমৰাৰ নকল সোণৰ বৃহৎ গেংটোৰ তথ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে কালি গ্রেপ্তাৰ কৰা হাছিনাক আজি আদালতত হাজিৰ কৰাই তিনি দিনৰ জিম্মাত লৈছে লখিমপুৰ আৰক্ষীয়ে৷

প্ৰেৰক সঞ্জীৱ দত্ত

You might also like