নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰে মত-বিনিময় চতিয়াৰ হাটিঙা আদর্শ চাহ বাগিচাৰ বিদ্যালযৰ ছাত্র–ছাত্রী

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী: মুখ্যমন্ত্রীৰ আমন্ত্রণমর্মে তিনিদিনীয়া কার্যসূচীৰে গুৱাহাটীলৈ অহা চতিয়াৰ হাটিঙা আদর্শ চাহ বাগিচাৰ বিদ্যালয়ৰ ৪৮জনীয়া ছাত্র–ছাত্রীৰ দল এটাই আজি নিশা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে মত বিনিময় কৰাৰ লগতে একেলগে নৈশ আহাৰ গ্রহণ কৰে৷ মুখ্যমন্ত্রীৰ ভাগিন ছাত্র–ছাত্রীসকলৰ দলটোৰ বাবে সন্ধিয়াৰ ভাগত মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়৷ কেইবাগৰাকী বিশিষ্ট শিল্পীৰ লগতে সেই সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্র–ছাত্রীসকলে গীত–নৃত্য আদি পৰিৱেশন কৰে৷ ছাত্র–ছাত্রীসকলৰ সেই সাংস্কৃতিক অনুষ্ঠান দেখি মুখ্যমন্ত্রী ড০ শর্মা যথেষ্ট উৎফুল্লিত হৈ পৰে৷ আনকি ছাত্র–ছাত্রীৰ দলটোৱে পৰিৱেশন কৰা ঝুমুৰ নৃত্যত মাদলৰ তালে তালে সপত্নীক মুখ্যমন্ত্রী ড০ শর্মায়ো অংশগ্রহণ কৰে৷ সাংস্কৃতিক কার্যসূচীৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই ছাত্র–ছাত্রীসকলৰ সৈতে একেখন টেবুলত বহি নিশাৰ আহাৰো গ্রহণ কৰে৷ নিশাৰ আহাৰ গ্রহণ কৰি থকাৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই ছাত্র–ছাত্রীসকলৰ পৰা তেওঁলোকৰ বাগিচাৰ বিভিন্ন সমস্যাৰো বুজ লয়৷ উল্লেখ্য যে যোৱা বছৰ মুখ্যমন্ত্রী ড০ শর্মাই মাজুলীৰ ভাগিনসকলক অনুৰূপ ধৰণে গুৱাহাটীলৈ মাতি আনিছিল আৰু অনুৰূপ ধৰণে তেওঁলোকৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ লগতে একেলগে বহি নৈশ আহাৰো গ্রহণ কৰিছিল৷ মন কৰিবলগীয়া এয়ে যে হাটিঙা চাহ বাগিচাৰ আদর্শ বিদ্যালয়খন উদ্বোধনৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই বিদ্যালয়খনৰ ছাত্র–ছাত্রীসকলক গুৱাহাটীলৈ ফুৰাবলৈ অনাৰ প্রতিশ্রুতি দিছিল আৰু সেই প্রতিশ্রুতি ৰক্ষা কৰি কালি তেওঁলোকক তিনিদিনীয়া কার্যসূচীৰে গুৱাহাটীলৈ আনে৷ 

You might also like