নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূৰ্ণগতিত চলিছে গৌৰীপুৰ মাটিয়াবাগৰ হাৱা মহল সংৰক্ষণৰ কাম

ধুবুৰীৰ পৰা অমিতাভ বৰুৱাৰ প্ৰতিবেদন, ১৮ মাৰ্চঃ পূৰ্ণ গতিত চলিছে গোৱালপৰীয়া লোক সংগীতৰ সাম্ৰাজ্ঞী, পদ্মশ্ৰী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ, ধুবুৰী জিলাৰ গৌৰীপুৰ সমীপৰ মাটিৱাবোগৰ হাৱা মহল’ৰ সংৰক্ষণৰ কাম। পুৰণি গোৱালপাৰা জিলাৰ বহু ইতিহাসৰ সাক্ষী হাৱা মহলক ইতিমধ্যেই অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ক গতাই দিয়া হোৱা বুলি জনাইছে গৌৰীপুৰৰ ৰাজপৰিয়ালৰ সদস্য তথা প্ৰতিমা পাণ্ডে বৰুৱাৰ ভাতৃয়ে প্ৰবীৰ বৰুৱাই। ল’গতে প্ৰতিমা পাণ্ডে বৰুৱাৰ স্মৃতিকে ধৰি তেওঁলোকৰ পৰিয়ালৰ বহু পুৰণি ইতিহাস, নথী-পত্ৰসমূহ সংৰক্ষণ কৰাৰ বিষয়টোলৈ মুখ্যমন্তী ডঃ হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ লোৱাৰ বাবে তেখেতক কৃতজ্ঞতাও জ্ঞাপন কৰে বৰুৱাই। ডিজিটেল এৰেষ্টৰ নামত বৃদ্ধাৰ পৰা লুটিলে ২০ কোটি উল্লেখ্য যে, ২০২২ বৰ্ষৰ ৭ অক্টোবৰৰ দিনা ৰাজ্যিক কেবিনেটে শিল্পী গৰাকীৰ সংগীত সাধনাৰ পীঠস্থান ‘হাৱা মহল’’’কে ধৰি শিল্পীগৰাকীৰ সাংস্কৃতিক অবদানসমূহক ঐতিহ্য কেন্দ্ৰ হিচাপে সংৰক্ষণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। কেবিনেটেৰ সেই সিদ্ধান্তক লৈ উৎফুল্ল হৈ পৰিছিল শিল্পীগৰাকীপ অলেখ গুণমুগ্ধকে ধৰি সৰ্বসাধাৰণ ৰাইজেও। উল্লেখ্য যে  ২০০২ বৰ্ষত শিল্পীগৰাকীৰ মৃত্যুৰ পিছত তেখেতৰ সংগীত সাধনাৰ পিঠস্থান মাটিয়াবোগৰ “হাৱা মহল”ক এক সংগ্ৰহালয়ৰূপে স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তদানীন্তন চৰকাৰখনৰ উপৰিও বিভিন্ন মহলে। কিন্তু দিঠকত গৈ সেই প্ৰতিশ্ৰুতিবোৰ অসাৰ ৰূপেই প্ৰতিপণ্ণ হৈছিল যদিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত “হাৱা মহল”ৰ সংৰক্ষণৰ বিষয়টো গতি লাভ কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত প্ৰয়াত শিল্পীগৰাকীৰ  জীৱন আৰু কীৰ্তি যুগমীয়া কৰাৰ উদ্দেশ্যে ১৫ কোটি টকা ব্যয়সাপেক্ষে এটা সংগ্রহালয় গঢ়ি তোলাৰ বাবে মাটিয়াবাগত ১২ বিঘা ৩ কঠা আৰু ১৮ লেচা মাটি অধিগ্রহণত অনুমোদন জনোৱা হয়। উল্লেখনীয় যে,  গৌৰীপুৰ ৰাজপৰিয়ালৰ প্ৰভাত চন্দ্ৰ বৰুৱাই ১৯১৪ চনতেই গদাধৰ নৈৰ পাৰৰ মাটিয়াবহ নামৰ সৰু টিলাৰ ওপৰত নিৰ্মাণ কৰিছিল এই ৰাজ-অট্টালিকা সদৃশ মহলটো৷ প্ৰথম মহাসমৰৰ সময়ত ১৯০৪ চনতেই নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা মহলটোৰৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ সময় লাগিছিল ১০ বছৰ৷  সেই সময়ত ৩ লাখ ৪০ হাজাৰ টকা ব্যায়েৰে  ক’লকাতাৰ “চায়না টাউন”ৰ পৰা অহা চাইনিজ মিস্ত্ৰীয়ে নিৰ্মাণ কৰি উলিওৱা এই মহলটোত হিন্দু, মোগল আৰু ব্ৰিটিছ স্থাপত্য ক’লাৰ উপাদান দেখা যায়৷ হাৱা মহলক গৌৰীপুৰৰ ৰাজপৰিয়ালে মূলতঃ ৰাজ-অতিথিশালা তথা গ্ৰীষ্ম-আৱাসৰূপে ব্যৱহাৰ কৰিছিল৷ মহলটোত আছিল বিভিন্ন আপূৰূগীয়া তৈল চিত্ৰ, আলোকচিত্ৰ, বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰকে ধৰি অন্যান্য বহু ঐতিহাসিক মহত্বতা থকা বয়-বস্তু৷। তাৰোপৰি এক বিশেষ ইতিহাসৰ সাক্ষী বহন কৰি ‘‘হাৱা মহল’’ৰ চৌহদত আছে বীৰ চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱ নাৰায়ণৰ এটা বৰতোপো। আশা কৰা হৈছে, সংগ্ৰহালয়ৰূপে “হাৱা মহলে” পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ উপৰিও অসমৰ জমিদাৰী প্ৰথা তথা পুৰণি গোৱালপাৰা জিলাৰ সম্পদশালী ইতিহাসৰ সৈতে ন-প্ৰজন্মক পৰিচয় কৰিবলৈ সক্ষম হ’ব বুলিয়েই। উল্লেখ্য যে ১৯৫৭ চনত “মাহুত বন্ধুৰে” বোলছৱিখনৰ চিত্ৰায়ণ কৰাৰ বাবে পত্নী প্ৰিয়ম্বদা হাজৰিকাসহ ‘হাৱা মহল’ৰ অতিথিশালাত প্ৰায় ডেৰ মাহ আছিল গণশিল্পী প্ৰয়াত ড৹ ভূপেন হাজৰিকা৷  প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ  কণ্ঠত “দেশী গান” শুনি মুগ্ধ হৈছিল তেওঁ আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছিল প্ৰয়াত সেই দুইগৰাকী কালজয়ী  শিল্পীৰ সংগীতময় যাত্ৰাৰ।

📌 মানাহ ৰাষ্ট্ৰীয় উদ্যানত নান্দনিক দৃশ্য। 📌 প্ৰকাণ্ড গঁড়ে ভেটা দিলে পৰ্যটকৰ বাহনক।

You might also like