৮ মাহত হেৰুওৱা প্রতিটো ক্ষণ ঘূৰাই দিয়ক ছাত্র সমাজক: ড০ শর্মা
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ মহামাৰী ক’ৰোনাই সমগ্র দেশৰ লগতে ৰাজ্যত সৃষ্টি কৰা জটিল পৰিস্থিতিৰ পৰিপ্রেক্ষিতত এতিয়াও স্তব্ধ হৈ আছে ছাত্র–ছাত্রীৰ পাঠদান৷ বন্ধ হৈ আছে প্রতিখন শিক্ষানুষ্ঠান৷ এক বৃহৎ শৈক্ষিক লোকচানৰ সন্মুখীন হোৱা ছাত্র–ছাত্রীসকলক পূর্বৰ সময়বোৰ ওভতাই দিয়াৰ বাবে শিক্ষক দিৱসৰ দিনাই শিক্ষাগুৰুসকলক আহ্বান জনালে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত শনিবাৰে আয়োজন কৰা ৫৯সংখ্যক ৰাজ্যিক শিক্ষক দিৱস অনুষ্ঠানত শিক্ষকলৈ এই আহ্বান জনাই মন্ত্রী ড০ শর্মাই কয়– যোৱা ৮ মাহত আমি যি হেৰুৱালোঁ, তাৰ প্রতিটো ক্ষণ, পল ছাত্র–ছাত্রীসকলক ওভতাই দিব লাগিব৷ এই গুৰুদায়িত্ব বহন কৰিব লাগিব শিক্ষকসকলে৷ ক’ৰোনাকেন্দ্রিক পৰিৱেশ স্বাভাৱিক হ’লে, ভেকচিন দিয়া আৰম্ভ হ’লে বিদ্যালয়সমূহত পাঠদান আৰম্ভ হ’ব৷ প্রতিখন শিক্ষানুষ্ঠানলৈ আহিব ছাত্র–ছাত্রী৷ এই সময়তে শিক্ষকসকলে ল’ব লাগিব দায়িত্ব৷ তেওঁ কয়– ৰাজ্য চৰকাৰ এখনৰ মুখ্যতঃ তিনিটা বিভাগেই গুৰুদায়িত্ব বহন কৰি আহিছে৷ সেয়া হ’ল আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগ৷ চৰকাৰ এখনৰ ক্ষমতা বিকেন্দ্রীকৰণৰ দৃষ্টিভংগীৰে যদি চোৱা হয়, এই বিভাগ তিনিটাৰ দায়িত্ব অধিক৷ ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ ফলত বলৱৎ হোৱা লকডাউনৰ সময়ছোৱাত আৰক্ষীয়ে তেওঁলোকৰ যি কঠোৰ মনোভাব, তাক আঁতৰাই মানৱীয় দৃষ্টিভংগীৰে কর্তব্য সম্পন্ন কৰিলে৷ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা চিকিৎসক–কর্মচাৰী দিন–নিশা একাকাৰ কৰি ক’ভিড ৰোগীৰ চিকিৎসাত আত্মনিয়োগ কৰিলে৷ ৰাজহুৱা ব্যৱস্থাত আৰক্ষী আৰু স্বাস্থ্যকর্মীসকলে যি উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিলে, সেয়া অসমৰ ইতিহাসে তেওঁলোকক সুঁৱৰিব৷ এতিয়া দায়িত্ব আহিল শিক্ষকসকলৰ৷ লকডাউন খোলাৰ পাছত পৰিৱেশ এতিয়া স্বাভাৱিক হ’বলৈ লৈছে৷ পৰিস্থিতি উন্নত হোৱাৰ পাছতে বিদ্যালয়লৈ ছাত্র–ছাত্রী অহা আৰম্ভ হ’ব আৰু অভিভাৱকৰ পৰিৱর্তে এই সময়ত ছাত্র–ছাত্রীৰ দায়িত্ব ল’ব লাগিব শিক্ষকসকলে৷ মোৰ আশা থাকিব– শিক্ষকসকলে ত্যাগ, সেৱাৰ মনোভাবেৰে আৰু পিতৃ–মাতৃৰ দৰে দায়িত্ব গ্রহণ কৰি ছাত্র–ছাত্রীসকলৰ লকডাউনৰ সময়ত যি ক্ষতি হৈছিল, তাৰ প্রতিটো ক্ষণ, পল তেওঁলোকক ওভতাই দিব৷
শিক্ষামন্ত্রীগৰাকীয়ে কয়– ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত প্রাচীন কালৰে পৰা গুৰুক এক সুকীয়া মর্যাদা প্রদান কৰি আহিছে৷ গুৰুৱে জ্ঞান আৰু প্রজ্ঞাৰ চকু মুকলি কৰি জীৱনক উদ্দেশ্যধর্মী কৰি তোলে৷ আজি সমাজ জীৱনৰ পংকিলতাৰ মাজতো গুৰুৰ উজ্জ্বল স্বৰূপ আৰু প্রতিবিম্ব দেখিবলৈ পোৱা যায়৷ সেই বাবে আধুনিক সমাজ জীৱনতো গুৰু আৰু ছাত্রৰ পৰম্পৰাই স্বীকৃতি লাভ কৰি আহিছে৷ সর্বপল্লী ৰাধাকৃষ্ণনে বেদান্তৰ বাণীৰে আমাৰ সমাজ জীৱনক উজ্জীৱিত কৰিছিল৷ শিক্ষাই জীৱনৰ পৰিৱর্তন আনিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয়– ভাৰতক সর্বোচ্চ শিখৰলৈ লৈ যোৱাৰ বাবে এইগৰাকী প্রাক্তন ৰাষ্ট্রপতি তথা দার্শনিকে আমাক পথ দেখুৱাই থৈ গৈছে৷ আনহাতে, ৰাজ্যৰ শিক্ষা ব্যৱস্থাক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাৰ দিশটো উনুকিয়াই শিক্ষামন্ত্রীয়ে কয়– চৰকাৰে শিক্ষা ব্যৱস্থাক ৰাজনীতিৰ পৰা এতিয়া বহু আঁতৰত ৰাখি থৈছে৷ কিন্তু শিক্ষাৰ এই ব্যৱস্থাত পৰিৱর্তিত পৰিৱেশৰ লগত আমি নিজকে খাপ খুৱাই ল’ব লাগিব৷ আমি নকওঁ যে নির্বাচনত শিক্ষকসকলক লাগে৷ কিন্তু শিক্ষকসকলে আমাৰ ওচৰলৈ আহি ক’ব নালাগে যে নির্বাচনৰ পূর্বে এই কামটো কৰি দিয়ক৷ আমি শিক্ষা ব্যৱস্থাক ৰাজনীতিৰ পৰা বহু দূৰত লৈ যাব বিচাৰিছোঁ৷ কিন্তু শিক্ষকে নিজেই ৰাজনীতিৰ ওচৰলৈ আহিব বিচাৰে৷ নির্বাচন আহিব আৰু যাব, কিন্তু সমাজে শিক্ষা ব্যৱস্থাক ৰাজনীতিৰ পৰা দূৰত থকাটো বিচাৰিছে৷ তেওঁ কয় যে স্বাধীনোত্তৰ অসমত ৰাজনীত–দুর্নীতি–নেপ্’টিজিমৰ (স্বজনপ্রীতি) পৰা মুক্ত হৈছে শিক্ষক নিযুক্তি৷ নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ প্রসংগ উত্থাপন কৰি তেওঁ কয়– ৰাষ্ট্রীয় শিক্ষা নীতিয়ে ব্রিটিছৰ শিক্ষা নীতিৰ পৰা আঁতৰাই আনি ভাৰতীয় পৰম্পৰা, কলা–কৃষ্টি–সংস্কৃতি ওভতাই আনি আমাৰ নিজস্ব পটভূমিত শৈক্ষিক সংস্কাৰ সাধনৰ বাট মুকলি কৰিছে৷ ৰাজ্য চৰকাৰেও অসমত নতুন শিক্ষা নীতি ৰূপায়ণৰ দিশত অগ্রসৰ হৈছে৷ ইতিমধ্যে নতুন শিক্ষা নীতিৰ বাবে ৪০জনীয়া টাস্ক ফ’চ গঠন কৰা হৈছে৷ আধুনিক পৃথিৱী আৰু পৰম্পৰাগত ভাৰতৰ সেতুবন্ধনৰ এই নতুন শিক্ষা নীতিত আমাৰ আত্মা লুকাই আছে৷ ৰাজ্য চৰকাৰখনে নতুন শিক্ষা নীতিৰ আধাৰ প্রস্তুত কৰাৰ বাবে প্রতি ক্ষণত, প্রতি পলত চিন্তা কৰিছে৷ নতুন শিক্ষা নীতিয়ে মাতৃভাষাৰ ওপৰত সর্বাধিক গুৰুত্ব আৰোপ কৰিছে৷ অসমীয়া নাইবা আন জনগোষ্ঠীয় ভাষাত এই শিক্ষা নীতিৰ জৰিয়তে পাঠ গ্রহণ কৰিব পাৰিব ছাত্র–ছাত্রীসকলে৷ পঞ্চম শ্রেণীলৈ অসমীয়াত নাইবা আন স্থানীয় ভাষাত শিক্ষা লাভ কৰিব পাৰিব৷ আনহাতে, দশম শ্রেণীলৈ ইংৰাজী নাইবা হিন্দী মাধ্যমৰ বিদ্যালয়তো অসমীয়া বা আন স্থানীয় ভাষা ৰখাটো বাধ্যতামূলক হ’ব নতুন ৰাষ্ট্রীয় শিক্ষা নীতিত৷ শিক্ষক দিৱসৰ কেন্দ্রীয় অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে তেওঁৰ ভাষণ প্রসংগত কয় যে শিক্ষক–শিক্ষয়িত্রী হ’ল মানুহ গঢ়া খনিকৰ৷ সেই বাবে ছাত্র–ছাত্রীসকলৰ ব্যক্তিত্ব নির্মাণত শিক্ষকসকলে প্রধান ভূমিকা গ্রহণ কৰিব লাগিব৷ শিক্ষকসকলে ভৱিষ্যতৰ প্রজন্মক জ্ঞান আৰু বৌদ্ধিক গভীৰতাৰ মাজলৈ লৈ গৈ মানৱীয় গুণৰাশিৰ বিকাশ সাধন কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয়– সমাজে শিক্ষকসকললৈ আশাৰে বাট চাই থাকে৷ জীৱনৰ বাটত সন্মানিত নাগৰিক আৰু সুন্দৰ ব্যক্তিত্ব গঢ়ি তোলাৰ দিশত শিক্ষকসকলে ছাত্র–ছাত্রীৰ মনত আত্মবিশ্বাস জগাই তুলিব লাগিব৷ এখন ঐক্যবদ্ধ সমাজ নির্মাণ কৰিবলৈ মানৱীয় প্রমূল্যবোধ জগাই তুলিব লাগিব৷ ভাষণত মুখ্যমন্ত্রীয়ে তেওঁৰ ল’ৰালি কালৰ স্কুলীয়া জীৱন সোঁৱৰণ কৰি কয়– চেকনিৰ আগত সেই সময়ত যি শিক্ষাদান চলিছিল, তেনে পৰিৱেশ হয়তো এতিয়া নাই৷ কিন্তু সেই সময়ত শিক্ষা ব্যৱস্থাত শিক্ষকসকল গুৰু হিচাপে পূজিত কৰা হৈছিল, কিন্তু তেনে পৰিৱেশ এতিয়া কিয় সৃষ্টি নহয় সেয়া শিক্ষক সমাজে চিন্তা কৰাৰ প্রয়োজন৷
ৰাষ্ট্রীয় শিক্ষা নীতিৰ কথা উল্লেখ কৰি তেওঁ কয়– ৰাজ্যখনৰ প্রতিটো জাতি, জনগোষ্ঠীয় ভাষাৰ উত্তৰণৰ বাবে ৰাষ্ট্রীয় শিক্ষা নীতিয়ে উপযুক্ত বাতাৱৰণ সৃষ্টি কৰিব৷ আজিৰ অনুষ্ঠানত উৎকৃষ্ট ফলাফল প্রদর্শন কৰা ১০খন বিদ্যালয়লৈ বঁটা আৰু মাধ্যমিক শিক্ষা পৰিষদৰ শ্রেষ্ঠ অনুপ্রেৰণামূলক, দীক্ষা বঁটা ৩৬গৰাকী শিক্ষকলৈ আগবঢ়োৱা হয়৷ অনুষ্ঠানত নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়ো, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো আৰু ৰাজ্যিক শিক্ষামন্ত্রী ভৱেশ কলিতাই ভাষণ প্রদান কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে শিক্ষাজ্যোতি নামৰ এখন স্মৰণিকা উন্মোচন কৰে৷ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, মাধ্যমিক আৰু প্রাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, সমগ্র শিক্ষা মিছনৰ সঞ্চালক বি কল্যাণ চক্রৱর্তীকে ধৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷