নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“আপুনি কিয় ক’ৰোনাত আক্ৰান্ত হোৱা নাই ?” কাজিৰঙাত ‘প্ৰতিদিন’ৰ সাংবাদিকৰ প্ৰশ্নত কি উত্তৰ দিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই?

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ ক’ৰোনাৰ সংক্রমণ প্রতিৰোধ কৰাৰ বাবে দিন–ৰাতি একাকাৰ কৰি ব্যস্ত হৈ থকা ৰাজ্যৰ বিত্ত, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়৷

ইপিনে, ৰাষ্ট্রীয় উদ্যানখন পৰিদর্শন কৰাৰ পিছত সংবাদ মাধ্যমৰে সাক্ষাতৰ সময়ত “প্ৰতিদিন” ৰ এগৰাকী সাংবাদিকে এতিয়ালৈকে স্বাস্থ্যমন্ত্ৰীগৰাকী কিয় ক’ভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি প্ৰশ্ন কৰিছিল ৷ সেই প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়- “ভগৱানে মোক আক্ৰান্ত কৰা নাই, মৰাৰ পাছত ভগৱানক সুধিম । কেতিয়াবা যদি মৃত্যুৰ পাছত ভগৱানক লগ পোৱাৰ সুভাগ্য হয় তেতিয়া সুধিম, ভগৱান বহুত খিনি মানুহে মই মৰাটো বিচাৰিছে, কিন্তু আপুনি কিয় মোক মাৰি নিয়া নাই ! “

তেওঁ লগতে সাংবাদিকগৰাকীক উদ্দেশ্যি কয় যে আপুনি নিজেও এজন সাংবাদিক । এই প্ৰশ্নটো যদি মই আপোনাক কৰোঁ যে আপুনি কিয় আক্ৰান্ত হোৱা নাই । আপুনিটো কোনো ধৰণৰ মাস্ক নিপিন্ধাকৈ মানুহৰ ওচৰত গাত গা লাগি আছে । আপোনালোকৰ সংবাদ প্ৰতিষ্ঠানৰ মালিকসকলক ক’ব যে মানুহ পাশৱিক হ’ব নালাগে । যেতিয়া মানুহ পাশৱিক হয়, তেতিয়া মানুহৰ বেয়া হয় ।

মানুহৰ অসুখ হোৱাটো কোনোবাই কামনা কৰে নেকি ? যদি ১০ জনৰ কেন্সাৰ হয়, এতিয়া ১১ নম্বৰজনক লগ পালে সুধিব নেকি যে আপোনাৰ কিয় কেন্সাৰ হোৱা নাই এই ১০ জনৰ যে হ’ল ? এনেদৰে প্ৰশ্ন কৰি সাংবাদিকতাৰ বৃত্তিটোক কিয় তললৈ লৈ যায় বুলিও “প্ৰতিদিন” ৰ সাংবাদিকজনক লক্ষ্য কৰি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ।

চাওক উক্ত প্ৰশ্নৰ উত্তৰত কি কৈছিল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই-

You might also like