চেন্নাইৰ পৰা গোলাঘাটলৈ সংক্রমণ ঘটিছে ক’ৰোনা ভাইৰাছৰ
নিয়মীয়া বার্তা, ৩১ মে’: ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীসকলক ৰাজ্যখনৰ বিভিন্ন মডেল চিকিৎসালয়ত এতিয়াৰে পৰা ভর্তি কৰা হ’ব৷ এইক্ষেত্রত চৰকাৰে ৯৯খন এনে মডেল চিকিৎসালয়ত যাৱতীয় পদক্ষেপ গ্রহণ কৰিছে৷ – শনিবাৰে গোলাঘাটত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা সদৰী কৰে৷
গোলাঘাট আৱর্ত ভৱনত আয়োজিত সংবাদ মেলত তেওঁ গোলাঘাট জিলাৰ শেহতীয়া তথ্য প্রকাশ কৰি কয় যে জিলাখনত ক’ভিড ৰোগীৰ সংখ্যা বর্তমান ১৬৩ জনলৈ বৃদ্ধি পাইছে৷ জিলাখনৰ গাঁও বা নগৰ অঞ্চলত বসবাস কৰা কোনো লোক নতুনকৈ আক্রান্ত হোৱা নাই৷ কিন্তু বহিঃৰাজ্যৰ পৰা ঘূৰি অহা যুৱক–যুৱতীসকলে ভাইৰাছ দেহত কঢ়িয়াই লৈ অহাৰ বাবেই গোলাঘাট জিলাত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ চেন্নাইৰ পৰাই গোলাঘাটলৈ ক’ৰোনা ভাইৰাছ সংক্রমণ হোৱা বুলিও সংবাদ মেলত স্বাস্থ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ অহা ১০–১৫ জুন পর্যন্ত এনে জটিল পৰিৱেশ থাকিব যদিও বহিঃৰাজ্যত কর্মৰত হৈ থকা যুৱক–যুৱতীসকলৰ্ অহাটো শেষ নাইবা বন্ধ হ’লেই পৰিৱেশ স্বাভাৱিক হ’ব বুলিও তেওঁ মন্তব্য কৰে৷
ক’ৰোনাৰ লগত ভৱিষ্যতে একপ্রকাৰ সহাৱস্থান কৰিব লাগিব যদিও বিশেষকৈ সমাজৰ বয়োজ্যেষ্ঠসকলক এনে ৰোগৰ পৰা সুৰক্ষা প্রদানৰ দিশত সকলো সচেষ্ট হ’ব লাগিব৷ সংবাদ মেলত তেওঁ কয়– আমাৰ সভ্যতা, সংস্কৃতি পশ্চিমীয়া দেশসমূহৰ দৰে নহয়৷ পশ্চিমীয়া একাংশ দেশে বয়স্কসকলক আৱর্জনা বুলি গণ্য কৰি ক’ভিডৰ পৰা সুৰক্ষা প্রদানৰ দিশত তদাৰক নকৰাৰ দৃষ্টান্ত আছে যদিও আমাৰ সমাজে তেনে মূল্যবোধক সমর্থন নকৰে৷ সমাজৰ বয়োজ্যেষ্ঠসকল আমাৰ সদায়েই সন্মানীয়৷
উল্লেখ্য যে গোলাঘাট জিলাত আজি নতুনকৈ ১৩জন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ আজিৰ সংবাদ মেলত কৃষিমন্ত্রী অতুল বৰা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা, ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা আদিয়ে অংশগ্রহণ কৰে৷ স্বাস্থ্যমন্ত্রীয়ে গোলাঘাট জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াবর্গৰ লগত আৱর্ত ভৱনত শেহতীয়া পৰিস্থিতি সন্দর্ভত আলোচনাত মিলিত হোৱাৰ পাছত গোলাঘাট ক’ভিড চিকিৎসালয় পৰিদর্শন কৰি বুজ লয়৷
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মেলত সদৰী কৰা মতে, গোলাঘাট জিলাত আজিৰ দিনটোলৈকে কোৱাৰেণ্টাইনত থকা লোকৰ সংখ্যা ১,৫৪২জন৷ ইয়াৰে ১,০৩১জন মুকলি হৈছে আৰু ৫১১জন বর্তমান কোৱাৰেণ্টাইনত আছে৷ ইফালে, এই সংবাদ মেলতে মন্ত্রীজনে উল্লেখ কৰে যে এইববছৰত দাৰিদ্র্য সীমাৰেখাৰ তলত থকা বা অথবা ২ লাখতকৈ কম আয় কৰা পৰিয়ালৰ সন্তানে বিনামূলীয়াকৈ নামভর্তি কৰিব পাৰিব৷ আনহাতে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ ফলাফল ঘোষণাৰ পাছত নামভর্তি অনলাইনৰ জৰিয়তে কৰা হ’ব৷