কংগ্ৰেছ এতিয়া পাম যোৱা বেলুনঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ শদিয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দুদিনীয়া কাৰ্যসূচীৰে উন্নয়নৰ বাৰ্তা লৈ শদিয়াত মন্ত্ৰীগৰাকীয়ে অংশ গ্ৰহণ কৰে জনসভাত। কংগ্ৰেছৰ চৰকাৰ কতো নাই, গতিকে এতিয়া কংগ্ৰেছক ভোট দিলে লোকচান হ’ব। কংগ্ৰেছ এতিয়া পাম যোৱা বেলুন।
জগদীশ ভূঞাকো কটাক্ষ মন্ত্ৰী ড০ শৰ্মাৰ। ব’হাগত যেনেকৈ কুলিয়ে মাতে নিৰ্বাচন আহি লেও তেনেকৈ জগদীশ ভূঞা ৰাইজলৈ কাষলৈ আহে। এনে মানুহক লৈ শদিয়াৰ উন্নতি নহয়।
নতুন ৰাজনৈতিক দলসমূহে আজমল লগত লগ লাগি চৰকাৰ গঠনৰ কথা চিন্তা কৰিছে। খিলঞ্জীয়া মানুহৰ কথা চিন্তা নকৰে। এতিয়া অসমত এনে পৰিস্থিতি সৃষ্টি হৈছে যে কংগ্ৰেছ আৰু AIUDF মিলি মিঞা মিউজিয়াম স্থাপন কৰিব খোজে, আৰবীক ভাষাও আনিব খোজে, অসমলৈ যেনেকৈ এদিন মোগল আহিছিল, আজিও আজমল আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
যেতিয়ালৈকে অসমত বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে অসমত মিঞা মিউজিয়াম নহ’ব। আমাৰ শৰীৰত শেষ বিন্দু তেজ থকালৈকে আমি আজমল আৰু কংগ্ৰেছক সফল হ’বলৈ দিয়া নহ’ব। আমি একেলগে থাকিব নাজানো বাবে আমাৰ ভৰিৰ তলৰ মাটি নোহোৱা হ’ব। অসমীয়া সমাজখন একত্ৰিত হৈ থকাৰ বাবে লাচিত বৰফুকনে মোগলৰ হৈ যুঁজিব পাৰিছিল।
কংগ্ৰেছে আমাক ভাগ ভাগ কৰি পেলালে আৰু আজমলে তাৰ সুবিধা গ্ৰহণ কৰিলে আজমলে। আমাৰ ৪০টা সমষ্টি লৈ গ’ল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।