নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ নৱপ্ৰজন্মৰ এচামে শিক্ষানুষ্ঠানলৈ আহিবলৈ অভিভাৱকক বাইক বিচাৰি হাৰাশাস্তি কৰি অহাৰ বিপৰীতে শিৱসাগৰৰ এজন ছাত্ৰই বেটেৰী ৰিক্সা চলাই মহাবিদ্যালয়লৈ আহি ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। সামাজিক মাধ্যমতো প্ৰচাৰ লাভ কৰা এইজন ছাত্ৰ হৈছে শিৱসাগৰৰ গৌৰৱ ৰঞ্জন হাতীমূৰীয়া। গৌৰৱ শিৱসাগৰ নগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষন্মাসিকৰ ছাত্র। গৌৰৱ মহাবিদ্যালয়লৈ চাইকেল বা মটৰ চাইকেল লৈ অহাৰ পৰিৱৰ্তে আহে এখন বেটাৰী ৰিক্সালৈ। তিনিচুকীয়া জিলাৰ জাগুনৰ বাসিন্দা গৌৰৱে শিৱসাগৰৰ ভা-ধৰাত থকা বৰ দেউতাকৰ ঘৰত থাকি নিজৰ স্নাতক ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰি আছে। গৌৰৱক তেওঁৰ ভিনীয়েকে ২ লাখ টকা দিছিল মহাবিদ্যালয়লৈ অহা যোৱা কৰিব পৰাকৈ এখন মটৰ চাইকেল ক্ৰয় কৰিবলৈ। কিন্তু তেওঁ মটৰ চাইকেলৰ পৰিবৰ্তে ক্ৰয় কৰিলে এখন বেটাৰী ৰিক্সা। কলেজ আৰম্ভ হোৱাৰ দুটা ঘণ্টাৰ পূৰ্বে ঘৰৰ পৰা ওলোৱা গৌৰৱে পুৱাৰ ভাগত এই ৰিক্সাৰে ভাড়া মাৰে। পিছত দিনটো কলেজৰ শ্ৰেণীত উপস্থিত থাকি বিয়লি পুনৰ কিছু সময় এই ৰিক্সাৰে ভাড়া মাৰে।এই দৰে তেওঁ দৈনিক প্ৰায় ৮০০ টকা উপাৰ্জন কৰে। খেতিয়ক পিতৃ আৰু বৰদেউতাকৰ বাবে বোজা হ’ব নিবিচাৰি ছাত্রজনে এই অভিনৱ উপায়েৰে উপাৰ্জন কৰাৰ সমান্তৰালভাৱে নিজৰ শিক্ষা জীৱন দুয়োটাকে খুব মসৃণভাবে চলাই নিছে। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন চিনাকি মুখ হৈ পৰা গৌৰৱ এতিয়া বহুতৰ বাবে যাত্ৰাৰ সাৰথি। ব্যতিক্ৰমী চিন্তাৰে আগুৱাই যোৱা গৌৰৱৰ এই অভিনৱ মনোমোহা আমোদজনক কাহিনী মহাবিদ্যালয় খনৰ জ্যেষ্ঠ প্ৰবক্তা তথা সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডঃ সীমান্ত বৰুৱাই সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে পোহৰলৈ আনিছিল। ছাত্র জীৱনৰ দায়িত্ব আৰু কৰ্তব্য সূচাৰুভাৱে পালন কৰি জীৱন যুঁজৰ এজন অক্লান্ত সেনানী গৌৰৱ প্ৰশংসাৰ পাত্ৰ। গৌৰৱে এক নতুন চিন্তাৰে আগবাঢ়ি গৈ মহাবিদ্যালয় কৰ্তৃপক্ষৰ মৰম বুটলিবলৈ সক্ষম হোৱাৰ লগতে নৱপ্ৰজন্মৰ আদৰ্শ হৈ পৰিছে।
প্ৰেৰক প্ৰশান্ত বৰগোহাঁই