নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগপুৰৰ পৰা দিল্লী : এয়াৰ এম্বুলেঞ্চেৰে অনা জীৱন্ত হৃদপিণ্ড শৰীৰত সংৰোপণ

📌অসম সন্তান ডাঃ ঋত্বিকৰাজ ভূঞাৰ নেতৃত্বত এদল চিকিৎসকৰ সফল অস্ত্রোপচাৰ

📌গ্রীন কৰিড’ৰেৰে বিমানবন্দৰৰ পৰা ২০ কিলোমিটাৰ দূৰত্ব ২৭ মিনিটতে অতিক্রম কৰি হাস্পতাললৈ আনিছিল হৃদপিণ্ডটো

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ ডিচেম্বৰঃ এগৰাকী অসমীয়া চিকিৎসকৰ নেতৃত্বত দেশৰ চিকিৎসা ক্ষেত্রখনত সংযোজন হ’ল আন এক বিৰল সফলতাৰ কাহিনী৷ কেইঘণ্টামানৰ ভিতৰত নাগপুৰৰ পৰা কঢ়িয়াই অনা এটা জীৱন্ত হৃদপিণ্ড দিল্লীৰ এগৰাকী ৰোগীৰ শৰীৰত সংৰোপণ কৰি চিকিৎসা ক্ষেত্রখনত এক মাইলৰ খুঁটি ৰচনা কৰিবলৈ সক্ষম হোৱা চিকিৎসকজন হৈছে অসম সন্তান ডাঃ ঋত্বিকৰাজ ভূঞা৷ শেহতীয়াকৈ দিল্লীৰ ওখলাত থকা ফটিক এছক’ৰ্ট হার্ট ইনষ্টিটিউটত এই সফল অস্ত্রোপচাৰ সম্পন্ন কৰা হৈছে৷ ডাঃ ভূঞাৰ নেতৃত্বত এদল বিশেষজ্ঞ চিকিৎসকে সম্পন্ন কৰা এই সফল অস্ত্রোপচাৰে এগৰাকী ৫৯ বছৰীয়া মহিলাক নতুন জীৱন দান দিলে৷ প্রাপ্ত তথ্য অনুসৰি ৫৯ বছৰীয়া মহিলা ৰোগীগৰাকী কার্ডি’মাই’পেথী নামৰ এক ৰোগত আক্রান্ত হৈছিল৷ ৰোগবিধত আক্রান্ত হোৱা লোকৰ হূদযন্ত্রৰ মাংসপেশীসমূহ দুর্বল হৈ পৰে৷ যাৰ ফলত মহিলা ৰোগীগৰাকীৰ অৱস্থা শোচনীয় হৈ পৰিছিল৷ পেছমেকাৰ সংস্থাপন কৰা সত্ত্বেও মহিলা ৰোগীগৰাকীৰ স্বাস্থ্য উন্নত হোৱা নাছিল৷ দিনকদিনে স্বাস্থ্যৰ অৱনতি ঘটা মহিলাগৰাকী শয্যাগত হৈ পৰে৷ চিকিৎসকৰ পৰামর্শ অনুসৰি হূদযন্ত্র সংৰোপণৰ বাহিৰে মহিলাগৰাকীক সুস্থ কৰি তোলাৰ কোনো বিকল্প নাছিল৷ কিন্তু ৰোগীগৰাকীৰ পৰিয়ালে দীর্ঘদিন সন্ধান কৰাৰ পাছতো কোনো সঠিক হূদযন্ত্রৰ দাতা বিচাৰি পোৱা নাছিল৷ তেওঁলোকৰ সন্ধান অব্যাহত থকাৰ মাজতে যোৱা ৯ ডিচেম্বৰত আহিল বহু প্রত্যাশিত সুখবৰ৷ নাগপুৰৰ এজন ৪৩ বছৰীয়া লোকৰ হূদযন্ত্র দান কৰিবলৈ পৰিয়ালে ইচ্ছা প্রকাশ কৰে৷ ব্রেইনষ্ট্র’কত আক্রান্ত হোৱা নাগপুৰৰ লোকজনৰ হৃদযন্ত্র দান কৰাৰ প্রক্রিয়া সম্পূর্ণ কৰিবলৈ নেচনেল অর্গেন এণ্ড টিছ্যু ট্রান্সপ্লাণ্ট অর্গেনাইজেচন আগবাঢ়ি আহে৷ ৯ ডিচেম্বৰত নাগপুৰৰ কিংছৱে হাস্পতালত ৰোগীজনৰ শৰীৰৰ পৰা হূদযন্ত্র সংগ্রহ কৰা হয়৷ নাগপুৰত সংগ্রহ কৰা জীৱন্ত হৃদযন্ত্রটোৰ যাত্রা আৰম্ভ হয় ৯ ডিচেম্বৰৰ নিশা ১২.৫৩ বজাত৷ এখন এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে নাগপুৰৰ পৰা দিল্লীলৈ হৃদযন্ত্রটো অনা হয়৷ ৯ ডিচেম্বৰৰ নিশাই ৩.১৯ বজাত এয়াৰ এম্বুলেঞ্চখনে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত অৱতৰণ কৰে৷ যথাসময়ত সোনকালে যাতে হৃদযন্ত্রটো সুকলমে হাস্পতাল পায় তাৰ বাবে দিল্লী আৰক্ষী আৰু প্রশাসনে বিশেষ ব্যৱস্থা গ্রহণ কৰে৷ জীৱন্ত হূদযন্ত্রটো কঢ়িয়াই অনাৰ বাবে দিল্লীৰ ৰাজপথত গ্রীন কৰিড’ৰৰ ব্যৱস্থা কৰা হয়৷ ইয়াৰ পৰিপ্রেক্ষিতত পুৱতিনিশা ৩.৫৭ বজাত হূদযন্ত্রটো লৈ চিকিৎসকৰ দলটো ফটিক এছক’ৰ্ট হার্ট ইনষ্টিটিউটত উপস্থিত হয়৷ লগে লগে ডাঃ ঋত্বিকৰাজ ভূঞা আৰু ডাঃ মিলিন্দ হোটেৰ নেতৃত্বত এদল চিকিৎসকে ৫৯ বছৰীয়া ৰোগীগৰাকীৰ শৰীৰত হৃদযন্ত্রটো সংৰোপণ কৰে৷ চিকিৎসকে সদৰী কৰা অনুসৰি এটা হৃদযন্ত্রৰ বাবে বিগত দহ বছৰতকৈও অধিক কাল অপেক্ষা কৰা ৰোগীগৰাকী ক্রমাৎ সুস্থ হৈ উঠিছে৷ এই সফলতাত আনন্দিত হৈ পৰিছে চিকিৎসক ডাঃ ঋত্বিকৰাজ ভূঞা৷ তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কয়– ‘এই সংৰোপণ প্রক্রিয়া আছিল এক জীৱনৰক্ষাকাৰী পদক্ষেপ৷ চিকিৎসক–চিকিৎসা দল আৰু প্রশাসনৰ সঠিক পৰিকল্পনা আৰু সহযোগিতাৰ বাবে দাতাৰ হৃদযন্ত্র সুষমভাৱে কঢ়িয়াই আনিবলৈ সক্ষম হ’লোঁ৷ আমি দাতাৰ পৰিয়ালৰ প্রতি অশেষ কৃতজ্ঞ৷’ অসমত এনেধৰণৰ অস্ত্রোপচাৰ সম্ভৱনে বুলি সংবাদ মাধ্যমে সোধা প্রশ্নৰ উত্তৰত তেওঁ কয় যে অসমতো এয়া হ’ব পাৰে৷ ইয়াৰ বাবে সময়ৰ প্রয়োজন৷ তাৰ পূর্বে অংগদানৰ বাবে সজাগতা সৃষ্টি কৰিব লাগিব৷ অসমত অংগদান কৰা লোকৰ সংখ্যা কম৷ অংগদান নহ’লে সংৰোপণ সম্ভৱপৰ নহয়৷

You might also like